সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চন্দ্ৰমোহন সফল! তেন্তে আত্মহত্যা কিয় অসমীয়াৰ?

এজন মন্ত্ৰীৰ সফলতাৰ কাহিনী কম আজি৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷বিগত ৫ আগষ্টত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই বিধানসভাত দাঙি ধৰিছিল নিজৰ সফলতাৰ বিজ্ঞাপন৷অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত বুজাই দিছিল তেখেত কিমান সফল মন্ত্ৰী৷চন্দ্ৰমোহন পাটোৱাৰীৰ সফলতাৰ কাহিনী আমিও আজি দেখুৱাম এই প্ৰতিবেদনত৷কিন্তু তাৰ আগতে আপোনালোকক কম আন দুটা বাতৰিৰ কথা৷
প্ৰথমটো বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ৷সৌ সিদিনা আত্মহনন কৰা ছপা ব্যৱসায়ী তপন পাটগিৰিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ বাতৰিত অসমীয়া প্ৰতিদিনত প্ৰকাশ হোৱা কেইটামান তথ্য আপোনালোকৰ আগত দাঙি ধৰিম৷৷লকডাউনত বিধস্ত হৈ পৰা ৰাজ্যৰ ছপা উদ্যোগটোৰ ব্যৱসায়ী সকলে চৰকাৰৰ সাহার্য বিচাৰি ২৯ জুলাইত সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীৰ অ’ এছ ডি আৰু ৰাজনৈতিক সচিবক৷ব্যৱসায়ী দলটোৰ লগত আছিল ইগনিচন আর্ট এণ্ড ক্ৰাফ্ট নামৰ ছপা প্ৰতিষ্ঠানটোৰ অংশীদাৰী তপন পাটগিৰি৷তপন পাটগিৰি সহিতে যোৱা সজাতি দলটোৱে সিদিনা ছপা উদ্যোগটোৰ সমস্যাৰ কথা চৰকাৰৰ ওচৰত দাঙি ধৰিছিল৷কিন্তু তাৰ কিছুদিন পিছতে,আত্মহত্যাৰ পথ বাছিল ললে ছপা ব্যৱসায়ী তপন পাটগিৰিয়ে৷
ছপা ব্যৱসায়ী সকলৰ অভিযোগ,তপন পাটগিৰিৰ মৃত্যুৰ বাবে দায়ী চৰকাৰ৷
ৰাজ্যত দুই হাজাৰতকৈ অধিক ছপাশাল আছে৷তাত নিয়োজিত হৈ আছে দুই লাখতকৈ অধিক কর্মচাৰী৷কোভিড আৰু লকডাউনৰ জটিল পৰিস্থিতিত ছপা উদ্যোগটো বিধস্ত হৈ পৰিল৷তাৰপাছতো দুই লাখ কর্মচাৰীৰ কথা চিন্তা কৰি স্বত্বাধিকাৰী সকলে উদ্যোগটো বন্ধ কৰি নিদিলে৷কিন্তু বিধস্ত হৈ পৰা উদ্যোগটো পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে সাহার্য দিয়াটো দূৰৰ কথা,দহ পইচাৰ কামো নিদিলে ৰাজ্য চৰকাৰে৷ছপা উদ্যোগৰ ব্যৱসায়ী সকলে অভিযোগ আনিছে,যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,সর্বশিক্ষা অভিযান,ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি অন্যান্য বেংক সমূহৰ ছপা কাম সমূহ অসমৰ ছপাশালক দিয়া নহয়৷এই সমূহ কাম দিয়া বর্হিৰাজ্যৰ ছপা উদ্যোগক৷ষ্টেট বেংকৰ ছপা কামসমূহ ২০১৭ চনলৈ অসমৰ ছপাশালক দিয়া হৈছিল৷কিন্তু বর্তমান মনিপাল নামৰ বর্হিৰাজ্যৰ এটা প্ৰতিষ্ঠানে লাভ কৰে এই সমূহ কাম৷
অসমৰ চৰকাৰী কার্যালয়ৰ ছপা কাম সমূহেই লাভ নকৰে অসমৰ ছপাশাল সমূহে৷পৰিণতিত তপন পাটগিৰিৰ দৰে ছপা উদ্যোগৰ ব্যৱসায়ীয়ে বাছি লব লগা হল আত্মহত্যাৰ পথ৷
এতিয়া কম দিত্বীয়টো বাতৰিৰ কথা৷অসমত আত্মহত্যাৰ বাতৰি৷কম তপন পাটগিৰিৰ দৰে শেহতীয়া সময়খিনিত অসমৰ কিমান লোকে আত্মহত্যাৰ পথ বাছি ললে৷
এন চি আৰ বিৰ তথ্য অনুসৰি,২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসমৰ ৬৯০ জন লোকে কর্মৰ অভাবত আত্মহত্যাৰ পথ বাছি ললে৷একেই তথ্য অনুসৰি পৰিয়াল কেন্দ্ৰীক সমস্যাত অসমৰ সর্বমুঠ আত্মহত্যাৰ ২৫.৯৪ শতাংশ লোকে আত্মহত্যা কৰাৰ বিপৰীতে ৬.৫৪ শতাংশ লোকে আত্মহত্যা কৰিছে কর্ম সংস্থাপনহীনতাৰ কাৰণত৷
দুটা বাতৰিৰ পৰা দুটা বেয়া খবৰ আপোনাক জনালো৷এতিয়া জানক এটা ভাল খবৰ,জানক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সফলতাৰ খবৰ৷বিগত ৫ আগষ্টত বিধানসভাত অখিল গগৈয়ে এটা প্ৰশ্ন কৰিছিল৷২০১৮ চনত অনুষ্ঠিত এডভান্টেজ আছাম শীর্ষক বিদেশী বিনিয়োগ সম্পকীয় অনুষ্ঠানৰ পিছত অসমত বিদেশী বিনিয়োগ বৃদ্ধি পাইছেনে?চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰ,এডভান্টেজ আছামৰ পিছত অসমত বিদেশী বিনিয়োগ বাঢ়িছে৷কিমান বাঢ়িছে তাৰো হিচাপ দাঙি ধৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে৷চন্দ্ৰমোহন পাটোৱাৰীৰ তথ্য-২০১৮ চনত অসমত ৬২ কোটি টকা,২০১৯ চনত ৮০ কোটি টকা,২০২০ চনত ৫৯ কোটি টকা আৰু ২০২১ চনত মার্চ মাহলৈ ২৬ কোটি টকাৰ বিদেশী বিনিয়োগ ঘটিছে৷এডভান্টেজ আছামত অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ প্ৰস্তাব গ্ৰহণ কৰা হৈছিল৷কিন্তু চন্দ্ৰমোহন পাটোৱাৰীৰ তথ্য অনুসৰি অসমত এডভান্টেজ আছাম অনুষ্ঠিত হোৱাৰ পিছত বিদেশী বি নিয়োগ ঘটিল মাত্ৰ ১৬৫ কোটি টকা৷যি নহওক,১৬৫ কোটি টকাৰ বিনিয়োগেৰে এডভান্টেজ আছাম সফল হোৱা বুলি মানি লৈছে চন্দ্ৰমোহন পাটোৱাৰীয়ে,মানি লওক আপুনিও৷কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছো,এই ১৬৫ কোটি টকাৰ বিদেশী বিনিয়োগৰ পৰা কিমান লাভাম্বিত হল অসমৰ থলুৱা উদ্যোগী,কিমান লাভাম্বিত হল অসমৰ থলুৱা অসমীয়া ব্যৱসায়ী?১৬৫ কোটি টকাৰ বিদেশী বিনিয়োগৰ এক টকাও বিনিয়োগ হলনে অসমৰ বিধস্তপ্ৰায় কাহ শিল্প,বস্ত্ৰ উদ্যোগ,অথবা ছপা উদ্যোগ অথবা অন্যান্য থলুৱা উদ্যোগত?অসমৰ এই সমূহ থলুৱা উদ্যোগত সামন্য ধনো বিনিয়োগ হোৱা হলে তপন পাটগিৰিৰ দৰে উদ্যোগী ব্যৱসায়ীয়ে আত্মহত্যা কৰিব লগা হলহেতেননে?এডভান্টেজ আছামৰ সুফল অসমৰ থলুৱাই লাভ কৰা হলে,অসমৰ নিবনুৱাই এইদৰে বর্ধিত হাৰত আত্মহত্যা কৰিব লগা হলহেতননে?অসমত বিদেশী বিনিয়োগৰ সুফল লাভ কৰা হলে অসমৰ লৰাই কাম বিচাৰি বর্হিৰাজ্যলৈ যাব লগা হলহেতেননে?অসমৰ কৃষিকেন্দ্ৰীক উদ্যোগত এডভান্টেজ আছামৰ জৰিয়তে বিদেশী বিনিয়োগ ঘটিছেনে?কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষক ৰাইজ এডভান্টেজ আছামৰ পৰা উপকৃত হৈছেনে?
ইমানখিনি প্ৰশ্ন উত্থাপন হৈ অহাৰ পিছতো চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী এডভান্টেজ আছাম সফল৷অর্থাৎ তেখেতো সফল৷কিন্তু কাৰ লাভালাভত সফল চন্দ্ৰমোহন পাটোৱাৰী?তাৰ উত্তৰ দিবনে চন্দ্ৰমোহন পাটোৱাৰীয়ে?

Leave A Reply

Your email address will not be published.