অৰুণাচলৰ যুৱকক অপহৰণ কৰিলে চীনৰ সেনাই : প্ৰধানমন্ত্ৰী নীৰৱ কিয় ?

Share This Article

অৰুণাচল প্ৰদেশৰ এজন ১৭ বছৰীয়া যুৱকক চীনা সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ এই অভিযোগ কৰিছে খোদ অৰুণাচলৰ বিজেপি সাংসদ তাপিত গাৱে ৷ মিৰাম তাৰোণ নামৰ যুৱকজনক চীনা সেনাই অপহৰণ কৰা বুলি তাপিৰ গাৱে টুইটযোগে সদৰী কৰিছে ৷ পিটিআইৰ বাতৰি অনুসৰি মিৰামক পি এল এ অপহৰণ কৰি লৈ যায় যদিও তেওৰ এজন বন্ধু পলাই আহিবলৈ সক্ষম হয় ৷ বিজেপি সাংসদ গৰাকীৰ অভিযোগ অনুসৰি অৰুণাচলৰ জিডো গাঁৱৰ এই দুজন যুৱকক চাংপো নদীৰ পাৰৰ পৰা অপহৰণ কৰে চীনা সৈন্যই ৷
এই ঘটনাক লৈ সৰৱ হৈ উঠিছে ৰাহুল গান্ধী ৷ এক টুইটত তেও উল্লেখ কৰে যে গণতন্ত্ৰ দিৱসৰ কেইদিনমান আগত চীনে ভাৰতৰ এজন কিশোৰক অপহৰণ কৰি নিলে ৷ আমি মিৰামৰ পৰিয়ালৰ লগত আছো ৷ আশা এৰি নিদিও , হাৰ নামানো ৷ প্ৰধানমন্ত্ৰী নীৰৱ , তেও এই বিষয়বোৰক গুৰুত্ব নিদিয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.