সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৰুণাচলৰ যুৱকক অপহৰণ কৰিলে চীনৰ সেনাই : প্ৰধানমন্ত্ৰী নীৰৱ কিয় ?

অৰুণাচল প্ৰদেশৰ এজন ১৭ বছৰীয়া যুৱকক চীনা সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ এই অভিযোগ কৰিছে খোদ অৰুণাচলৰ বিজেপি সাংসদ তাপিত গাৱে ৷ মিৰাম তাৰোণ নামৰ যুৱকজনক চীনা সেনাই অপহৰণ কৰা বুলি তাপিৰ গাৱে টুইটযোগে সদৰী কৰিছে ৷ পিটিআইৰ বাতৰি অনুসৰি মিৰামক পি এল এ অপহৰণ কৰি লৈ যায় যদিও তেওৰ এজন বন্ধু পলাই আহিবলৈ সক্ষম হয় ৷ বিজেপি সাংসদ গৰাকীৰ অভিযোগ অনুসৰি অৰুণাচলৰ জিডো গাঁৱৰ এই দুজন যুৱকক চাংপো নদীৰ পাৰৰ পৰা অপহৰণ কৰে চীনা সৈন্যই ৷
এই ঘটনাক লৈ সৰৱ হৈ উঠিছে ৰাহুল গান্ধী ৷ এক টুইটত তেও উল্লেখ কৰে যে গণতন্ত্ৰ দিৱসৰ কেইদিনমান আগত চীনে ভাৰতৰ এজন কিশোৰক অপহৰণ কৰি নিলে ৷ আমি মিৰামৰ পৰিয়ালৰ লগত আছো ৷ আশা এৰি নিদিও , হাৰ নামানো ৷ প্ৰধানমন্ত্ৰী নীৰৱ , তেও এই বিষয়বোৰক গুৰুত্ব নিদিয়ে ৷

Leave A Reply

Your email address will not be published.