CBI, ED ৰ গোচৰৰ পাছতে কিয় মুম্বাই বিমান বন্দৰৰ পৰিচালনা কৰা GVK গ্ৰুপে আদানীৰ লগত সহযোগ কৰিবলৈ মান্তি হ’ল?

Share This Article

দেশত এতিয়া বিমান বন্দৰৰ কিনা বেছা চলিছে। যোৱা কিছুদিন পূৰ্বে আদানী গ্রুপক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৫০ বছৰৰ বাবে গটাই দিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সময়তে এটা চর্চা চলিছিল যে অতিশীঘ্ৰে ইতিমধ্যে ব্যক্তিগত কৰণ হোৱা মুম্বাই বিমান বন্দৰো যাব আদানী হাতলৈ।

কেইদিনমান সময় লাগিল, কিন্ত অৱশেষত সেয়েই হ’ল। মুম্বাই বিমান বন্দৰ বৰ্তমান পৰিচালনা কৰা GVK গ্ৰুপে যোৱা কালি সদৰী কৰিলে যে তেওঁলোকে মুম্বাই বিমান বন্দৰ আদানীৰ হাতত গোটোৱাত সহযোগ কৰিব। গতিকে এতিয়া আদানী প্ৰায় নিশ্চিত হ’ল যে মুম্বাই বিমান বন্দৰ এতিয়া তেখেতৰ হ’ব। ইয়াৰ পিছতে এতিয়া মুম্বাই বিমান বন্দৰৰ ৭৪% নিয়ন্ত্ৰণৰ অধিকাৰ এতিয়া লাভ কৰে আদানীয়ে।

সকলো ঠিকেই আছিল কিন্ত এই খবৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে একাংশই সামাজিক মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰালে আন এক ঘটনাৰ প্ৰতি।

মুম্বাই বিমান বন্দৰ GVK গ্ৰুপে নিয়ন্ত্ৰণ কৰে ৫০.৫০%, এয়াৰ পৰ্ট কোম্পানী অফ চাউথ আফ্ৰিকাই নিয়ন্ত্ৰণ কৰে ১০% বিডভেষ্ট নামৰ আন এক কোম্পানীয়ে নিয়ন্ত্ৰণ কৰে ১৩.৫%। বাকী ২৬% নিয়ন্ত্ৰণ কৰে এয়াৰপোৰ্ট অথৰিটি অফ ইন্ডিয়াই।

২০১৯ চনৰ আৰম্ভণিতে আদানী গ্ৰুপে বিডভেষ্ট আৰু এয়াৰ পৰ্ট কোম্পানী অফ চাউথ আফ্ৰিকাৰ মুম্বাই বিমান বন্দৰত থকা ২৩.৫% স্বত্ব কিনিবলৈ প্ৰচেষ্টা কৰিছিল। কিন্তু আদানী গ্রুপক এই ক্ষেত্ৰত GVK গ্ৰুপে বাধা দিয়ে।

২০১৯ চনৰ শেষৰ ফালে GVK গ্ৰুপ ঋণত পুত যায় আৰু মুম্বাই বিমান বন্দৰত থকা নিজৰ ৭৯% স্বত্ব Abu Dhabi Investment Authority, PSP Investments of Canada, আৰু ভাৰতৰ National Investment and Infrastructure Fund বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ পিছতে এইবছৰৰ জুন মাহত ৰহস্য জনক ভাবে GVK গ্রুপৰ স্বত্বাধিকাৰী জি ভি কে ৰেড্ডীৰ বিৰুদ্ধে CBI য়ে ধীন আত্মসাৎ কৰাৰ বুলি গোচৰ তৰি জেৰা আৰম্ভ কৰে। ইয়াৰ কিছুদিন পিছতে ১২ জুলাইত এনফৰ্চমেণ্ট ডাইৰেক্টৰতেও(ED) GVK ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কলা ধন বৈধ কৰা বুলি গোচৰ তৰে।

এই ঘটনাক্ৰমৰ আজি প্ৰায় এক মাহৰ মূৰত GVK গ্ৰুপে মুম্বাই বিমান বন্দৰ আদানীক গটাই দিয়াত সহযোগ কৰিম বুলি কোৱা ঘটনাত সকলোৱে সন্দেহৰ চকুৰে চাইছে। উল্লেখযোগ্য যে মুম্বাই বিমানবন্দৰ আদানীক গটোৱাৰ বিনিময়ত আদানীয়ে GVK গ্রুপৰ সমস্ত ঋণৰ দায়িত্ব ল’ব। কিন্ত প্ৰশ্ন হয় কিয় আদানীৰ আগত মূৰ দুৱাবলৈ প্ৰস্তুত নোহোৱা GVK ৰ সুৰ CBI আৰু ED ৰ গোচৰৰ পাছত সলনি হ’ল? আদানীৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগত থকা ঘনিষ্ঠতাৰ কথা সকলোৱে জানে। তেনে এক পৰিপেক্ষিতত আদানীক সহায় কৰিবলৈয়ে GVK গ্রুপৰ বিৰুদ্ধে CBI আৰু ED লগোৱা হৈছিল নেকি বুলি সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন হৈছে।

 

photo courtesy: ECOLOGISE

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.