‘CBI ৰ সমৰ্থন নাই ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত’

দিল্লীৰ উপমুখ্য মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বিশেষ সূত্ৰৰ উদ্ধৃতি দি কয়’ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰত অলপো সমৰ্থন নাই CBI ৰ ।CBI ৰ বিষয়াৰ যথেষ্ট সন্মান আছে ছিছ’ডিয়াৰ প্ৰতি।কিন্তু কেৱল ৰাজনৈতিক হেঁচাৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হৈছে তেওঁলোকে। ‘উল্লেখ্য যে দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক দেওবাৰে ৮ ঘণ্টা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে চিবিআয়ে।দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীত অভিযুক্তৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় মণীষ ছিছ’ডিয়াক৷ইয়াৰ আগতেও ছিছ’ডিয়াৰ ঘৰ,বেংক লকাৰ আৰু কাৰ্যালয়ত তালাচী চলাইছিল সংস্থাটোৱে।দেওবাৰে মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পিছত সৰৱ হৈছে বিজেপি দল৷বিজেপিৰ অভিযোগ এই আবকাৰী নীতিৰ মূল হোতা অৰবিন্দ কেজৰিৱালহে৷

 

 

 


 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296