Investigative reporting with dedication.

আজি অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ প্ৰদক্ষেপ। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা। ইক’ছেন্সিটিভ জ’নৰ অন্তৰ্গত ৭ টা সুৰক্ষিত স্থান ঘোষণা। এই ইক’ছেন্সিটিভ জনত কোনেও নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব। ইক’ছেন্সিটিভ জ’নত নিৰ্মাণ কাৰ্যৰ বাবে দিয়া নহ’ব অনুমতি। কাজিৰঙাৰ মুঠ ১১ টা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা। ৯ টা অঞ্চলক এনিমেল ক’ৰিডৰ ৰূপে চিনাক্ত কৰা হৈছে।লগতে বৈঠকত কাছাৰ আৰু জাগীৰোড কাগজ কল সন্দৰ্ভতো লোৱা হৈছে বিশেষ সিদ্ধান্ত। আগন্তুক ৩-৪ মাহৰ ভিতৰত কাগজ কল দুটাৰ কৰ্মচাৰীক আদায় দিয়া হ’ব বকেয়া দৰমহা। উদ্যোগ বিভাগে ৩৭৫ কোটি টকাত ক্ৰয় কৰিলে দুয়োটা কাগজ কল। কেবিনেট বৈঠকত এই কথা ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ।



