২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

Share This Article

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পাছতে হিংসাত্মক আন্দোলনত জড়িত লোকৰ সম্পত্তি জব্দ কৰাৰ কথা ঘোষণা কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ সেই মতেই উত্তৰ প্ৰদেশৰ প্ৰশাসনে ৫০০ লোকলৈ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে জাননী জাৰি কৰিছিল ৷ ১০ খন জিলাৰ ৫০০ লোকৰ পৰা ৩.৩৫ কৌটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি উত্তৰ প্ৰদেশ প্ৰশাসনে ঘোষণা কৰিছিল ৷ অনেকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু এতিয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সকলো দলেই ‘কা’ৰ প্ৰসংগ উত্থাপণৰ পৰা বিৰত আছে ৷ আনকি ‘কা’ আন্দোলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা যোগী আদিত্যনাথেও এবাৰলৈও ‘কা’ৰ প্ৰসংগ উচ্চাৰণ কৰা নাই ৷ পৰ্যবেক্ষকসকলৰ মাতে ‘কা’ৰ ইছ্যুটো দুইফালে ধাৰ থকা তৰোৱালৰ দৰে ৷ সমৰ্থন আৰু বিৰোধিতা দুইফালেই ৰিষ্ক আছে ৷ সেইবাবেই সকলো দলে ‘কা’ৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.