সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পাছতে হিংসাত্মক আন্দোলনত জড়িত লোকৰ সম্পত্তি জব্দ কৰাৰ কথা ঘোষণা কৰিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ সেই মতেই উত্তৰ প্ৰদেশৰ প্ৰশাসনে ৫০০ লোকলৈ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে জাননী জাৰি কৰিছিল ৷ ১০ খন জিলাৰ ৫০০ লোকৰ পৰা ৩.৩৫ কৌটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি উত্তৰ প্ৰদেশ প্ৰশাসনে ঘোষণা কৰিছিল ৷ অনেকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কিন্তু এতিয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সকলো দলেই ‘কা’ৰ প্ৰসংগ উত্থাপণৰ পৰা বিৰত আছে ৷ আনকি ‘কা’ আন্দোলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা যোগী আদিত্যনাথেও এবাৰলৈও ‘কা’ৰ প্ৰসংগ উচ্চাৰণ কৰা নাই ৷ পৰ্যবেক্ষকসকলৰ মাতে ‘কা’ৰ ইছ্যুটো দুইফালে ধাৰ থকা তৰোৱালৰ দৰে ৷ সমৰ্থন আৰু বিৰোধিতা দুইফালেই ৰিষ্ক আছে ৷ সেইবাবেই সকলো দলে ‘কা’ৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিছে ৷

Leave A Reply

Your email address will not be published.