মুম্বাই আৰক্ষীৰ দ্বাৰা বেঙ্গালুৰুৰ ২১বছৰীয়া অভিযান্ত্ৰিকৰ ছাত্ৰক আটক

Share This Article

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি Bulli Bai ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বেঙ্গালুৰুৰ পৰা এগৰাকী একৈশ বছৰীয়া ছাত্রক আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে মুম্বাই আৰক্ষীয়ে এই পৰ্য্যন্ত ছাত্ৰ গৰাকীৰ কোনো পৰিচয় ৰাজহুৱা কৰা নাই। আৰক্ষী অধীক্ষৰ মন্তব্য অনুসৰি ছাত্রজন চিভিল ইঞ্জিনীয়াৰিঙৰ বুলি জানিব পৰা গৈছে। ছাত্রজনে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে Bulli বাই app ৰ জৰিয়তে সংগ্ৰহ কৰা কিছুমান অপমানজনক বিষয় ৰাজহুৱা কৰিছিল। আৰক্ষী অধীক্ষক গৰাকীৰ মন্তব্যৰ পৰা এই ঘটনাৰ লগত জড়িত অন্যান্য সকলৰ অনুসন্ধান টুইটাৰ একাউণ্টাৰ IP address ৰ জৰিয়তে চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ জৰিয়তে তেওঁলোকে GitHub ৱেবচাইট ৰ জৰিয়তে সাধাৰণতে মুছলমান মহিলা সকলক লক্ষ্য কৰি লৈছিল। এক জানুৱাৰী তাৰিখে দিল্লীৰ স্থানীয় সংবাদদাতা ইছমাত আৰা (Ismat Ara) এই webpage টোৰ আক্ৰমণৰ লক্ষ্য হৈ এই ঘটনাটো পোহৰলৈ আহিছিল।
এই বিষয়টোৰ ওপৰত মুম্বাই আৰু দিল্লী আৰক্ষীৰ আবেদনৰ ভিত্তিত ইতিমধ্যে এই website টো বন্ধ কৰি দিয়া হৈছে।
কেন্দ্ৰীয় চৰকাৰে মুম্বাই আৰু দিল্লী আৰক্ষী ৰ সহযোগিতাত এই বিষয়টোৰ ওপৰত কাম কৰি আছে বুলি কেন্দ্ৰীয় তথ্য প্ৰযুক্তিৰ মন্ত্ৰী অশ্বীনী ভেশ্বনায়ে আগতেই জানিবলৈ দিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.