Investigative reporting with dedication.

মাঘ বিহু মানেই উদুলি-মুদুলি ৰংঘৰৰ বাকৰি। অতীজৰে পৰা ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ সময়ত ম’হ যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, মল্ল যুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হৈছিল। সেই খেল-ধেমালিবোৰেই সময়ৰ লগে-লগে পৰম্পৰালৈ পৰিণত হৈছিল। মাঘৰ বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে এনেধৰণৰ বিভিন্ন খেল-ধেমালি। কিন্তু অতীজৰে পৰা অনুষ্ঠিত হৈ অহা ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আৰু কুকুৰা যুঁজ ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছে। নিষেধাজ্ঞাৰ পাছতো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে ম’হ যুঁজ প্ৰতিযোগিতা। শেহতীয়াকৈ দেওবাৰে শিৱসাগৰৰ কালুগাঁৱৰ জাপিসজীয়া পথাৰত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰিলে গোনা ম’হৰ যুঁজ। ন্যায়ালয়ৰ বাধাক সন্মান জনাই অৱশ্যে জাপিসজীয়াত অনুষ্ঠিত কৰিলে ম’হযুঁজ প্ৰতিযোগিতা। নৱ প্ৰজন্মক পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিবলৈকে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ল।
কিন্তু এইবাৰ মৰিগাওঁ জিলাত ক’ভিডৰ বাবে ম’হ যুঁজ অনুষ্ঠিত কৰিবলৈ নিদিলে প্ৰশাসনে।



