সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২১০ টা থানাৰ দালালক আটক আৰক্ষীৰ

ৰাজ্যজুৰি দালাল বিৰোধী অভিযান। শ শ দালালে ভৰি আছে ৰাজ্যৰ থানাসমূহ। দালাল বিৰোধী অভিযানত আটক কৰে ২১০ টা দালালক। কামৰূপ জিলাতেই ৩৭ টা দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰোপৰি, নগাঁৱত ১২টা, যোৰহাটত ৯টা, শিৱসাগৰত ৬ টা, দক্ষিণ শালমৰাত ৫টা, ধুবুৰীত ৭ টা, গোৱালপাৰাত ৫টা, ডিব্ৰুগড়ত ৫টা, চৰাইদেউত ২টা, বজালীত ১টা, গোৱালপাৰাত ১৩টা, বিশ্বনাথ চাৰিআলিত ৭ টা, শোণিতপুৰত ৬টা, বঙাইগাঁৱত ১২টা, বৰপেটাত ৩টা, লক্ষীমপুৰত ৮টা, ওদালগুৰিত ৬টা, কৰিমগঞ্জত ১০ টা, কোকৰাঝাৰত ৭টা, কাছাৰত ১০টা, দৰঙত ৯টা, হোজাইত ৮টা, ধেমাজিত ৫টা দালালক আটক কৰে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.