সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?

এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ মন্ত্ৰীৰ পদত্যাগ৷বিৰোধীৰ দাবী পদত্যাগ কৰক প্ৰধানমন্ত্ৰীয়ে৷অৱশেষত প্ৰধানমন্ত্ৰীও সন্মত হ’ল পদত্যাগৰ বাবে৷

দলৰ ভিতৰতেই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা

- Donation -

আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়া চর্চাৰ কেন্দ্ৰবিন্দু ব্ৰিটেইন৷ প্ৰধানমন্ত্ৰী বৰিছ জনচনে অৱশেষত ঘোষনা কৰিলে পদত্যাগৰ সিদ্ধান্ত ৷ ব্ৰিটেইনৰ জনতাক সম্বোধন কৰি তেওঁ কয় যে যেতিয়ালৈকে কেবিনেটে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন নকৰে তেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি যাব ৷ কিন্তু নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত ৷নতুন প্ৰধানমন্ত্ৰীক সম্পূৰ্ণ সমৰ্থন জনাব বুলিও বৰিছ জনছনে ঘোষণা কৰে ৷ উল্লেখ্য যে দুজনকৈ শীর্ষ মন্ত্ৰীৰ পদত্যাগৰ পিছতেই চৰম অচলাৱস্থাৰ সন্মুখীন হৈছিল বৰিছ জনচনৰ চৰকাৰ৷দেশখনৰ বিত্তমন্ত্ৰী ঋষি চুনাক আৰু স্বাস্থ্যমন্ত্ৰী চাজিদ জাভিদে পদত্যাগ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী বৰিচ জনচনৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ উঠিছিল৷ দলৰ ৪১ শতাংশ সাংসদেও প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ বিৰুদ্ধে স্থিতি গ্ৰহন কৰে৷এনে এক প্ৰেক্ষাপটত উত্থাপন হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ পদত্যাগৰ দাবী৷এই দাবীত অৱশেষত সেও মানিবলৈ বাধ্য হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী ৷

পদত্যাগৰ আঁৰত যৌন কেলেংকাৰি

ব্ৰিটেইনৰ শাসনত আছে কনজার্ভেটিভ পার্টি৷বিগত ফ্ৰেব্ৰুৱাৰী মাহত সাংসদ ক্ৰিছ পিঞ্চাৰক কনজার্ভেটিভ পার্টিৰ ডেপুটি চীফ হিচাপে নিযুক্তি দিছিল প্ৰধানমন্ত্ৰী বৰিছ জনচনে৷কিন্তু বিগত ৩০ জুনত পিঞ্চাৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হয় ব্ৰিটেইনৰ বাতৰি কাকত ‘দ্য চানত’৷ ‘দ্য চান’ত প্ৰকাশিত অভিযোগ অনুসৰি, ২৯ জুনত লণ্ডনৰ এটা ব্যক্তিগত ক্লাবত দুজন পুৰুষক আপত্তিজনকভাবে ষ্পর্শ কৰিছিল ক্ৰিছ পিঞ্চাৰে৷ ‘দ্য চান’ৰ বাতৰিৰ পাছতেই দলৰ ডেপুটি চীফ পদৰ পৰা পদত্যাগ কৰে পিঞ্চাৰে৷কিন্তু পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰীৰ অভিযোগ এয়াই প্ৰথম নাছিল৷ ‘দ্য চান’ৰ বাতৰিৰ পাছত এটা এটাকৈ পূর্বে সংঘটিত ঘটনাৰ বহুকেইটা কেলেংকাৰিৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে পিঞ্চাৰৰ বিৰুদ্ধে৷পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত ৬ টাতকৈ অধিক  যৌন কেলেংকাৰিৰ বাতৰি প্ৰকাশ পায় ব্ৰিটেইনৰ সংবাদ মাধ্যমসমূহত৷

বিপদত পৰিল বৰিছ জনচন

যদিও এইসমূহ অভিযোগত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচন পোনপটীয়াকৈ জড়িত নহয় , তাৰ পাছতো এই  অভিযোগৰ বাবেই  চৰম সংকটত পৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন৷অভিযোগ সন্দর্ভত বৰিছ জনচন চৰকাৰৰ স্থিতিক লৈ সৃষ্টি হয় ব্যাপক সমালোচনা আৰু বিৰোধিতাৰ ৷ সমালোচনা আৰু বিৰোধিতা তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ১জুলাইত ব্ৰিটেইন চৰকাৰে প্ৰকাশ কৰে এটা বিবৃতি৷বিবৃতিত কোৱা হয় যে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত জ্ঞাত নাছিল প্ৰধানমন্ত্ৰী বৰিছ জনচন৷সেইবাবেই তেওঁৰ নিযুক্তিৰ সময়ত এই বিষয়টো বিবেচনা কৰা হোৱা নাছিল৷কিন্তু ৪ জুলাইত পুনৰ সলনি হয় চৰকাৰী ভাষ্য৷৪ জুলাইত প্ৰধানমন্ত্ৰী বৰিছ জনচনে আন এক বক্তব্যত কয় যে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত তেওঁ জ্ঞাত আছিল  এই সন্দর্ভত  লিখিত অভিযোগো লাভ কৰা নাছিল৷যিহেতু পিঞ্চাৰ তেতিয়ালৈ দোষী বুলি প্ৰমান হোৱা নাছিল,গতিকে তেওঁৰ নিযুক্তিত হস্তক্ষেপ কৰা হোৱা নাছিল৷কিন্তু একেটা দিনৰ বিয়লিলৈ বিবিচিত প্ৰকাশ পালে আন এটা বাতৰি৷এই বাতৰি অনুসৰি,২০১৯ -২০ বর্ষতে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰিৰ অভিযোগ সন্দর্ভত জ্ঞাত আছিল বৰিছ জনচন৷আনকি পিঞ্চাৰৰ বিৰুদ্ধে গ্ৰহন কৰা হৈছিল অনুশাসনমূলক ব্যবস্থাও৷অর্থাৎ পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে সত্য আছিল,সেয়া তেতিয়াই প্ৰমান হৈছিল৷

শেষ ৰক্ষা নহ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

বি বি চিত বাতৰি প্ৰকাশৰ পিছতেই  নিজৰ বক্তব্য দাঙি ধৰে বৰিছ জনচনে৷তেওঁ কয় , ‘মোৰ ওচৰত এটা অভিযোগ আছিল কিন্তু সেয়া বহু পুৰনি আৰু  মৌখিক আছিল৷’ পিঞ্চাৰৰ নিযুক্তিক ভুল আখ্যা দি প্ৰধানমন্ত্ৰীজনে আৰু কয় ,  ‘ পিঞ্চাৰে বেয়া আচৰন কৰিছে আৰু তাৰবাবে ভুক্তভোগীৰ ওচৰত  ক্ষমা খুজিছে৷’ কিন্তু প্ৰধানমন্ত্ৰীৰ স্বীকাৰোক্তিক  মানি ল’বলৈ অস্বীকাৰ কৰে শাসক বিৰোধীয়ে৷পিঞ্চাৰৰ নিযুক্তিক লৈ এই বির্তক অব্যাহত থকাৰ মাজতে পদত্যাগ কৰে দুজনকৈ মন্ত্ৰীয়ে৷উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগৰ পিছতেই বৰিছ জনচনে নতুনকৈ মন্ত্ৰীত্ব অৰ্পন কৰিছিল নাডিম জাহাৱিক৷কিন্তু নিযুক্তিৰ ৪৮ ঘন্টা পাৰ নহওতেই নাডিম জাহাৱিয়েও দাবী তুলিলে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ৷শেহতীয়া সময়ত ৫০ টাতকৈ অধিক পদত্যাগৰ ঘটনা সংঘটিত হল জনচনৰ চৰকাৰত৷অৱশেষত চৰম সংকটৰ মাজতে প্ৰধামন্ত্ৰী বৰিচ জনচনে কনজার্ভেটিভ পার্টিৰ লিডাৰৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহন কৰে ৷

Leave A Reply

Your email address will not be published.