যৌন কেলেংকাৰিয়ে কিদৰে চকী কাঢ়িলে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ ?

Share This Article

এজন সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ সৈতে এটা বাতৰি৷ আপত্তিজনকভাৱে দুজন ব্যক্তিক স্পৰ্শ কৰিছিল সাংসদজনে৷ লাহে লাহে পোহৰলৈ আহিল সাংসদজনৰ পূর্বৰ বহু যৌন কেলেংকাৰিৰ বাতৰি৷ ইয়াৰ পাছতেই সাংসদজনক লৈ দলৰ মজিয়াত তীব্ৰ মতবিৰোধ ৷ পৰৱর্তী সময়ত দুজনকৈ মন্ত্ৰীৰ পদত্যাগ৷বিৰোধীৰ দাবী পদত্যাগ কৰক প্ৰধানমন্ত্ৰীয়ে৷অৱশেষত প্ৰধানমন্ত্ৰীও সন্মত হ’ল পদত্যাগৰ বাবে৷

দলৰ ভিতৰতেই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা

আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়া চর্চাৰ কেন্দ্ৰবিন্দু ব্ৰিটেইন৷ প্ৰধানমন্ত্ৰী বৰিছ জনচনে অৱশেষত ঘোষনা কৰিলে পদত্যাগৰ সিদ্ধান্ত ৷ ব্ৰিটেইনৰ জনতাক সম্বোধন কৰি তেওঁ কয় যে যেতিয়ালৈকে কেবিনেটে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন নকৰে তেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি যাব ৷ কিন্তু নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত ৷নতুন প্ৰধানমন্ত্ৰীক সম্পূৰ্ণ সমৰ্থন জনাব বুলিও বৰিছ জনছনে ঘোষণা কৰে ৷ উল্লেখ্য যে দুজনকৈ শীর্ষ মন্ত্ৰীৰ পদত্যাগৰ পিছতেই চৰম অচলাৱস্থাৰ সন্মুখীন হৈছিল বৰিছ জনচনৰ চৰকাৰ৷দেশখনৰ বিত্তমন্ত্ৰী ঋষি চুনাক আৰু স্বাস্থ্যমন্ত্ৰী চাজিদ জাভিদে পদত্যাগ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী বৰিচ জনচনৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ উঠিছিল৷ দলৰ ৪১ শতাংশ সাংসদেও প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ বিৰুদ্ধে স্থিতি গ্ৰহন কৰে৷এনে এক প্ৰেক্ষাপটত উত্থাপন হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ পদত্যাগৰ দাবী৷এই দাবীত অৱশেষত সেও মানিবলৈ বাধ্য হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী ৷

পদত্যাগৰ আঁৰত যৌন কেলেংকাৰি

ব্ৰিটেইনৰ শাসনত আছে কনজার্ভেটিভ পার্টি৷বিগত ফ্ৰেব্ৰুৱাৰী মাহত সাংসদ ক্ৰিছ পিঞ্চাৰক কনজার্ভেটিভ পার্টিৰ ডেপুটি চীফ হিচাপে নিযুক্তি দিছিল প্ৰধানমন্ত্ৰী বৰিছ জনচনে৷কিন্তু বিগত ৩০ জুনত পিঞ্চাৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হয় ব্ৰিটেইনৰ বাতৰি কাকত ‘দ্য চানত’৷ ‘দ্য চান’ত প্ৰকাশিত অভিযোগ অনুসৰি, ২৯ জুনত লণ্ডনৰ এটা ব্যক্তিগত ক্লাবত দুজন পুৰুষক আপত্তিজনকভাবে ষ্পর্শ কৰিছিল ক্ৰিছ পিঞ্চাৰে৷ ‘দ্য চান’ৰ বাতৰিৰ পাছতেই দলৰ ডেপুটি চীফ পদৰ পৰা পদত্যাগ কৰে পিঞ্চাৰে৷কিন্তু পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰীৰ অভিযোগ এয়াই প্ৰথম নাছিল৷ ‘দ্য চান’ৰ বাতৰিৰ পাছত এটা এটাকৈ পূর্বে সংঘটিত ঘটনাৰ বহুকেইটা কেলেংকাৰিৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে পিঞ্চাৰৰ বিৰুদ্ধে৷পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত ৬ টাতকৈ অধিক  যৌন কেলেংকাৰিৰ বাতৰি প্ৰকাশ পায় ব্ৰিটেইনৰ সংবাদ মাধ্যমসমূহত৷

বিপদত পৰিল বৰিছ জনচন

যদিও এইসমূহ অভিযোগত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনচন পোনপটীয়াকৈ জড়িত নহয় , তাৰ পাছতো এই  অভিযোগৰ বাবেই  চৰম সংকটত পৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন৷অভিযোগ সন্দর্ভত বৰিছ জনচন চৰকাৰৰ স্থিতিক লৈ সৃষ্টি হয় ব্যাপক সমালোচনা আৰু বিৰোধিতাৰ ৷ সমালোচনা আৰু বিৰোধিতা তীব্ৰতৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ১জুলাইত ব্ৰিটেইন চৰকাৰে প্ৰকাশ কৰে এটা বিবৃতি৷বিবৃতিত কোৱা হয় যে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত জ্ঞাত নাছিল প্ৰধানমন্ত্ৰী বৰিছ জনচন৷সেইবাবেই তেওঁৰ নিযুক্তিৰ সময়ত এই বিষয়টো বিবেচনা কৰা হোৱা নাছিল৷কিন্তু ৪ জুলাইত পুনৰ সলনি হয় চৰকাৰী ভাষ্য৷৪ জুলাইত প্ৰধানমন্ত্ৰী বৰিছ জনচনে আন এক বক্তব্যত কয় যে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত তেওঁ জ্ঞাত আছিল  এই সন্দর্ভত  লিখিত অভিযোগো লাভ কৰা নাছিল৷যিহেতু পিঞ্চাৰ তেতিয়ালৈ দোষী বুলি প্ৰমান হোৱা নাছিল,গতিকে তেওঁৰ নিযুক্তিত হস্তক্ষেপ কৰা হোৱা নাছিল৷কিন্তু একেটা দিনৰ বিয়লিলৈ বিবিচিত প্ৰকাশ পালে আন এটা বাতৰি৷এই বাতৰি অনুসৰি,২০১৯ -২০ বর্ষতে পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত যৌন কেলেংকাৰিৰ অভিযোগ সন্দর্ভত জ্ঞাত আছিল বৰিছ জনচন৷আনকি পিঞ্চাৰৰ বিৰুদ্ধে গ্ৰহন কৰা হৈছিল অনুশাসনমূলক ব্যবস্থাও৷অর্থাৎ পিঞ্চাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে সত্য আছিল,সেয়া তেতিয়াই প্ৰমান হৈছিল৷

শেষ ৰক্ষা নহ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

বি বি চিত বাতৰি প্ৰকাশৰ পিছতেই  নিজৰ বক্তব্য দাঙি ধৰে বৰিছ জনচনে৷তেওঁ কয় , ‘মোৰ ওচৰত এটা অভিযোগ আছিল কিন্তু সেয়া বহু পুৰনি আৰু  মৌখিক আছিল৷’ পিঞ্চাৰৰ নিযুক্তিক ভুল আখ্যা দি প্ৰধানমন্ত্ৰীজনে আৰু কয় ,  ‘ পিঞ্চাৰে বেয়া আচৰন কৰিছে আৰু তাৰবাবে ভুক্তভোগীৰ ওচৰত  ক্ষমা খুজিছে৷’ কিন্তু প্ৰধানমন্ত্ৰীৰ স্বীকাৰোক্তিক  মানি ল’বলৈ অস্বীকাৰ কৰে শাসক বিৰোধীয়ে৷পিঞ্চাৰৰ নিযুক্তিক লৈ এই বির্তক অব্যাহত থকাৰ মাজতে পদত্যাগ কৰে দুজনকৈ মন্ত্ৰীয়ে৷উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগৰ পিছতেই বৰিছ জনচনে নতুনকৈ মন্ত্ৰীত্ব অৰ্পন কৰিছিল নাডিম জাহাৱিক৷কিন্তু নিযুক্তিৰ ৪৮ ঘন্টা পাৰ নহওতেই নাডিম জাহাৱিয়েও দাবী তুলিলে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ৷শেহতীয়া সময়ত ৫০ টাতকৈ অধিক পদত্যাগৰ ঘটনা সংঘটিত হল জনচনৰ চৰকাৰত৷অৱশেষত চৰম সংকটৰ মাজতে প্ৰধামন্ত্ৰী বৰিচ জনচনে কনজার্ভেটিভ পার্টিৰ লিডাৰৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহন কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.