সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পৰিৱেশ বিধিৰ চৰম উলংঘন- বিল্ডাৰে কেনেকৈ সংকট নমাই আনিছে পৰিৱেশলৈ?

অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠৰ প্ৰতিষ্ঠানে গুৱাহাটীত চলোৱা নির্মাণ কার্যই বিভিন্ন সময়ত মহানগৰবাসীক সংকটত পেলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷  কিন্তু গুৱাহাটী মহানগৰক চৰম সংকটলৈ ঠেলি নীতি উলংঘাৰে নির্মাণ কার্য চলোৱা এনে ঠিকাদাৰ-বিল্ডাৰক নিয়ন্ত্ৰণ কৰিব পাৰিছেনে বিভাগীয় কর্তৃপক্ষই?

গৌতম প্ৰতিম গগৈ

বৃহৎ বৃহৎ ৰিয়েল ইষ্টেট প্ৰকল্পত কেৱল আইনৰেই উলংঘন নহয়, নির্মাণ কার্যত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰো উদ্বেগজনক ছবি উন্মোচিত হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷ এফালে ফ্লাইঅ’ভাৰকে ধৰি বিভিন্ন নির্মাণ কার্যৰ বাবে বনধ্বংস অভিযানত নামিছে খোদ চৰকাৰী বাহিনী৷ তাৰমাজতে একাংশ ঠিকাদাৰ-বিল্ডাৰৰ অবাধ,অপৰিকল্পিত আৰু নীতি বহিৰ্ভূত নির্মাণ কার্যই চৰম সংকটলৈ ঠেলি দিছে গুৱাহাটী মহানগৰক৷ আন নালাগে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠৰ প্ৰতিষ্ঠানে গুৱাহাটীত চলোৱা নির্মাণ কার্যই বিভিন্ন সময়ত মহানগৰবাসীক সংকটত পেলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷  কিন্তু গুৱাহাটী মহানগৰক চৰম সংকটলৈ ঠেলি নীতি উলংঘাৰে নির্মাণ কার্য চলোৱা এনে ঠিকাদাৰ-বিল্ডাৰক নিয়ন্ত্ৰণ কৰিব পাৰিছেনে বিভাগীয় কর্তৃপক্ষই? এইক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসম আৰু ইয়াৰ লগত জড়িত হৈ থকা আমোলা-বিষয়াৰ ভূমিকাও সন্দেহৰ আর্ৱতত নেকি? চৰকাৰী নীতি আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে পৰিৱেশতন্ত্ৰলৈ চৰম সংকটৰ আশংকা নমাই অনা গুৱাহাটীৰ তেনে এক প্ৰকল্পৰ উদাহৰণ হৈছে,উত্তৰ গুৱাহাটীৰ ‘আর্য স্মাট লিভিং’ নামৰ বিশাল আৱাসিক প্ৰকল্প৷

- Donation -

চৰকাৰী আমোলা-বিষয়াৰ সমুখতে নীতি উলংঘাৰে নির্মাণ কার্য

উত্তৰ গুৱাহাটীৰ অভয়পুৰত প্ৰায় ৩০ বিঘা ভূমিত আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে গঢ়ি তুলিছে আর্য স্মার্ট লিভিং নামৰ সুবিশাল আৰু বিলাসী আৱাসিক প্ৰকল্প৷ এই প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালকৰ পদত আছে অনিল কুমাৰ শর্মা৷ পূর্বতে কৃষিভূমি হিচাপে ব্যৱহৃত এই বিশাল ভূমিত আৱাসিক প্ৰকল্পটো গঢ়ি তোলাৰ বাবে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসমৰ পৰা ২০১৪ চনৰ ২১ জানুৱাৰীত পৰিৱেশ সম্পর্কীয় অনুমতি Environment Clearance Certificate তথা পৰিৱেশীয় অনুমোদন পত্ৰ লাভ কৰিছিল অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানে৷ এই অনুমোদন পত্ৰ প্ৰদানৰ সময়তে প্ৰকল্পটোৰ বাবে পৰিৱেশৰ প্ৰতি পৰিব পৰা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বান্ধি দিয়া হৈছিল এলানি বিশেষ চর্ত৷ কিন্তু এই সমূহ চর্তৰ অনেকেই পালন নকৰাকৈ প্ৰকল্পটো ৰূপায়ণ কৰিলে অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠান আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে৷  ২০১৪ চনত প্ৰকল্পৰ বাবে অনুমতি লাভ কৰাৰ পাছত বিগত দহ বছৰে উত্তৰ গুৱাহাটীত চলা এনে নীতি আৰু চর্ত উলংঘাকাৰী নির্মাণকার্য চকুত পৰিছিলনে অসম ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ অথবা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ?

প্ৰকল্পৰ বাবে কি কি চর্ত বান্ধি দিয়া হৈছিল প্ৰতিষ্ঠানটোক?

সাধাৰণতেই আর্য স্মার্ট লিভিংৰ দৰে এটা বিশাল প্ৰকল্প ৰূপায়ণৰ সময়ত পৰিৱেশৰ প্ৰতি পৰিব পৰা  প্ৰভাৱলৈ লক্ষ্য ৰাখি কিছুমান নীতি-নিদের্শনা আৰু চর্ত বান্ধি দিয়া হয়৷ সেই অনুসৰি, ২০১৪ চনত পৰিৱেশীয় অনুমোদন পত্ৰ প্ৰদানৰ সময়ত সর্বমুঠ ৫২ টা চর্ত বান্ধি দিয়া হৈছিল আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডক৷ তাৰ ভিতৰত কেইটামান গুৰুত্বপূর্ণ চর্ত আছিল এনেধৰণৰ-

১. প্ৰকল্পস্থলী আৰু কাষৰীয়া অঞ্চলৰ ভূপৃষ্ঠ অধ্যয়নৰ পাছত বর্জিত পানী নিষ্কাশনৰ বাবে পর্যাপ্ত নদর্মা নির্মাণ কৰা৷

২. আৱাসিক গৃহসমূহৰ পৰা ওলোৱা বর্জিত ধূসৰ আৰু ক’লা পানী পৃথকীকৰণৰ বাবে দুটা প্লাম্বিং লাইন স্থাপন৷

৩. ভূ গর্ভৰ পানী ব্যৱহাৰৰ বাবে নিদির্ষ্ট কর্তৃপক্ষৰ অনুমতি গ্ৰহণ৷

৪. এজন স্বাধীন বিশেষজ্ঞৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত বর্জিত পানী পৰিশোধন প্ৰকল্প ( Sewage Treatment Plant) স্থাপন৷ ই আৱাসিক অঞ্চলটোৰ পৰা নিষ্কাষিত পানী পৰিশোধন কৰিব, যাতে প্ৰকল্পৰ বাহিৰৰ পানী প্ৰদূষিত নহয়৷

৫. প্ৰকল্পস্থলীৰ চাৰিওফালে ৩ মিটাৰকৈ সেউজ ভূমি ( গ্ৰীণ বেল্ট) গঢ়ি তোলা৷

৬. ভূগর্ভৰ পানীৰ সীমাৰেখা আৰু মানদণ্ড নিয়মীয়াকৈ পর্যবেক্ষণ কৰিব ৷

৭.  প্ৰতি ছমাহৰ অন্তত পৰিৱেশীয় অনুমোদনৰ নিয়ম পালন আৰু ফলাফল সন্দর্ভত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব৷

৮. কিবা কাৰণত প্ৰকল্পটোৰ গাঁথনি সাল সলনি কৰিলে নতুন অনুমোদন গ্ৰহণ কৰিব লাগিব৷

৯.পৰিৱেশীয় অনুমোদন পত্ৰৰ ম্যাদ ৫ বছৰলৈ বাহাল থাকিব৷

কি কি চর্ত উলংঘা কৰিলে আর্য ইলের্ক্টছে?

২০২৪ চনৰ ২২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে প্ৰদান কৰা ৰায়ত আর্য ইলের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডক পৰিৱেশ ক্ষতিপূৰণ বিহাৰ ওপৰিও ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ,অসমক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ আৰু পৰিৱেশীয় অনুমোদনৰ চর্ত উলংঘাৰ সন্দর্ভত পর্যবেক্ষণৰ নির্দেশ প্ৰদান কৰে৷ ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ আৰু অসম  প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক এই সন্দর্ভত তিনিমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিলৰ নির্দেশ দিয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ সেউজ ন্যায়াধীকৰণৰ এই কঠোৰ স্থিতি আৰু নির্দেশনাৰ পাছত ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ , অসমে এখন ৫ জনীয়া বিশেষজ্ঞ কমিটী গঠন কৰি বিষয়টোৰ সন্দৰ্ভত চৰজমিন তদন্তৰ জৰিয়তে অনুসন্ধান আৰম্ভ কৰে আৰু ২০২৫ চনৰ ২৯ জানুৱাৰীত কমিটীয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনতে পোহৰলৈ আহে আর্য স্মার্ট লিভিং প্ৰকল্প ৰূপায়ণৰ সময়ত আর্য ইলের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে পৰিৱেশীয় অনুমোদনৰ চর্ত উলংঘাৰ উদ্বেগজনক ঘটনা৷ কমিটীৰ প্ৰতিবেদনৰ কেইটামান গুৰুত্বপূর্ণ পর্যবেক্ষণ আৰু অনুমোদন আছিল এনে ধৰণৰ-

পর্যাপ্ত পৰিসৰত নহ’ল সেউজ ভূমিঃ

২০১৪ চনত আর্য স্মার্ট লিভিং প্ৰকল্ৰ বাবে পৰিৱেশ অনুমোদন পত্ৰ লাভ কৰিছিল নির্মাণকাৰী প্ৰতিষ্ঠানটোৱে৷ পৰিৱেশীয় অনুমোদনত চৌহদৰ চাৰিওফালে ৩ মিটাৰৰ সেউজ ভূমি গঢ়ি তোলাৰ চর্ত আৰোপ কৰা হৈছিল৷ সেই অনুসৰি, সর্বমুঠ সেউজ ভূমিৰ পৰিসৰ হ’ব লাগে ৭,৪৮৯.৯৬ বর্গ মিটাৰ৷ কিন্তু কমিটিৰ পৰিদর্শনৰ সময়ত এই চর্ত ৰূপায়ণতো বিসংগতি পৰিলক্ষিত হয়৷ যদিও চৌহদত সেউজ ভূমি অংশ বিশেষে গঢ়ি তোলা হৈছে, কিন্তু বিভিন্ন ঠাইত ইয়াৰ পৰিসৰ ৩ মিটাৰতকৈ কম৷ এই সন্দর্ভত কমিটিৰ পর্যবেক্ষণ এনেধৰণৰ-

  • প্ৰস্তাৱিত সেউজ ভূমিৰ বিভিন্ন অংশ দেৱালৰ ভিতৰত নির্মাণ কৰা মূল নর্দমাই দখল কৰিছে৷
  • বহু কেইটা আৱাসিক নির্মাণ কার্য দেৱালৰ নিকটৱর্তী স্থানলৈ সম্প্ৰসাৰণ কৰা হৈছে৷
দেৱালৰ নিকটৱর্তী স্থানলৈ নির্মাণ কার্য

আর্য স্মার্ট লিভিং কেম্পাচত কৃত্ৰিম বানঃ

ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত কোৱা হয় যে, বাৰিষাকালত আর্য স্মার্ট লিভিং কেম্পাচ অভাৱনীয়ভাবে বান সম্পর্কীয় সমস্যাৰ সন্মুখীন হয়৷ কমিটীৰ অনুসন্ধানত পোহৰলৈ আহে যে, নদর্মা আৰু দেৱালৰ খোলা অংশকে ধৰি বিভিন্ন অংশৰে চৌহদৰ বাহিৰৰ পৰা ভিতৰলৈ পানী সোমাই আহে৷ আর্যৰ চৌহদৰ ভিতৰৰ নদর্মাসমূহ বাহিৰৰ লোক নির্মাণ বিভাগৰ দ্বাৰা নির্মিত পথৰ কাষৰ নর্দমাতকৈ নিম্নস্থানত থকাৰ বাবে চৌহদৰ ভিতৰৰ পৰা বৰষুণৰ পানী বাহিৰলৈ ওলাই যাব নোৱাৰে৷ বর্তমান সময়ত এই সমস্যা সমাধানৰ বাবে ব্যৱহাৰ কৰা দুটা বা তিনিটা ৱাটাৰ পাম্প পর্যাপ্ত নহয়৷ আর্য স্মার্ট লিভিং এটা পুখুৰী সদৃশ চৌহদত পৰিণত হোৱাৰ তথ্যও প্ৰকাশ পাইছে কমিটীৰ প্ৰতিবেদনত ৷ এক জৰীপৰ উদ্ধৃতি দি কমিটীৰ প্ৰতিবেদনত কোৱা হয় যে-

  • আৱাসিক প্ৰকল্পটোৰ পশ্চিম দিশত ভূ-পৃষ্ঠ এক নং চৌহদতকৈ ২০ চেণ্টিমিটাৰ ওখ
  • দক্ষিণ দিশত ভূ পৃষ্ঠ এক নং চৌহদতকৈ ৬১ চেণ্টিমিটাৰ ওখ
  • পূব দিশত ভূ পৃষ্ঠ এক নং চৌহদৰ ভূ পৃষ্ঠতকৈ ২৬ চেণ্টিমিটাৰ ওখ
  • উত্তৰ পূব দিশত ভূ পৃষ্ঠ এক নং চৌহদতকৈ ২৬ চেণ্টিমিটাৰ ওখ
  • লোক নির্মাণ বিভাগৰ নদর্মা আর্য স্মার্ট লিভিঙৰ নদর্মাতকৈ ১৬ চেণ্টিমিটাৰ ওখ

কমিটীৰ প্ৰতিবেদনত কোৱা হয় যে, আর্য স্মার্ট লিভিং চৌহদ ইয়াৰ চাৰিও কাষৰীয়া অঞ্চলতকৈ দ হৈ পৰাৰ ফলত কেৱল প্ৰচলিত নদর্মাই ব্যৱস্থাই ইয়াৰ বান সমস্যা সম্পূর্ণৰূপে সমাধান কৰিব নোৱাৰে৷

আর্য স্মার্ট লিভিং চৌহদত কৃত্ৰিম বান

বর্জিত পানী পৰিশোধন প্ৰকল্প অকার্যক্ষমঃ

পৰিৱেশীয় অনুমোদন পত্ৰত আর্য স্মার্ট লিভিং প্ৰকল্পত চিৱেজ ট্ৰিটমেণ্ট প্লাট তথা বর্জিত পানী পৰিশোধন প্ৰকল্প স্থাপনৰ চর্ত আৰোপ কৰা হৈছিল৷ কিন্তু কমিটীৰ প্ৰকল্পস্থলী পৰিদর্শনৰ সময়ত বর্জিত পানী পৰিশোধন প্ৰকল্প পর্যাপ্ত হাৰত কার্যক্ষম হৈ থকা দেখা নগ’ল৷ কমিটীৰ প্ৰতিবেদনত কোৱা হৈছে যে , ৭০ কেএলডি ক্ষমতাৰ এই প্ৰকল্প আৱাসিক চৌহদটোৰ বর্জিত পানী পৰিশোধন বাবে পর্যাপ্ত নহয়৷ ইফালে কমিটীৰ প্ৰতিবেদন অনুসৰি দৈনিক পৰিচালনৰ পৰিবর্তে সপ্তাহত দুদিন ২ বা ৩ ঘণ্টাকৈহে বর্জিত পানী পৰিশোধন প্ৰকল্প পৰিচালন কৰি অহা হৈছে৷ পৰিণতিত এই প্ৰকল্পই পর্যাপ্ত পৰিমাণে বর্জিত পানী পৰিশোধন কৰাত বিফল হৈছে আৰু ই পৰিৱেশৰ লগতে আৱাসীৰো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে৷

আর্য স্মার্ট লিভিং চৌহদৰ কদর্যময় নদর্মা

ধূসৰ আৰু ক’লা পানী পৃথকীকৰণঃ

পৰিৱেশীয় অনুমোদন পত্ৰত বান্ধি দিয়া চর্ত মতে, আৱাসিক গৃহ সমূহৰ পৰা ওলাই অহা বর্জিত ধূসৰ আৰু ক’লা পানী(পাকঘৰ,বাথৰুম,টয়লেট আদিৰ পৰা ওলোৱা বর্জিত পানী) পৃথকীকৰণৰ বাবে পৃথক পৃথক পাইপৰ ব্যৱস্থা  কৰাটো বাধ্যতামূলক কৰা হৈছিল৷ কিন্তু কমিটিৰ পৰিদর্শন কালত এই চর্তও ভংগ কৰা পৰিলক্ষিত হয়৷ কাৰণ, অংশ বিশেষেহে ধূসৰ আৰু ক’লা পানী পৃথকীকৰণৰ বাবে পৃথক পাইপ ব্যৱহাৰ কৰা হৈছে৷ কমিটিৰ পৰিদর্শনকালত পৰিলক্ষিত হয় যে, অধিকাংশ আৱাসগৃহৰ পৰা ধূসৰ পানী সংশোধন নোহোৱাকৈয়ে মুকলি নদর্মাত পৰিছে, যিয়ে প্ৰাংগণটোত এক অস্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিছে৷  কমিটীৰ প্ৰতিবেদনত কোৱা হয় যে, বাৰিষাকালত আৱাসস্থলীৰ পৰা ওলাই যোৱা ধূসৰ পানী বৰষুণৰ পানীৰ লগত মিলি মুকলি অঞ্চলত বিলীন হৈ পৰে৷

অনুমতি অবিহনে ভূজল সংগ্ৰহঃ

পৰিৱেশীয় অনুমোদন পত্ৰত ভূজল সংগ্ৰহৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষৰ অনুমতি লোৱাৰ চর্ত আৰোপ কৰা হৈছিল৷ কিন্তু কমিটীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, কেন্দ্ৰীয় ভূজল কর্তৃপক্ষৰ অনুমতি অবিহনেই প্ৰকল্পৰ বাবে ভূজল সংগ্ৰহ কৰা হৈছে৷

বৈধ পৰিৱেশীয় অনুমোদন অবিহনে নির্মাণ কার্যঃ

২০১৪ চনৰ ২১ জানুৱাৰীত আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আর্য স্মার্ট লিভিং প্ৰকল্পৰ বাবে পৰিৱেশীয় অনুমোদন লাভ কৰিছিল৷ এই অনুমোদনৰ ম্যাদ মাত্ৰ ৫ বছৰ৷ ২০১৯ চনৰ ২১ জানুৱাৰীত এই ম্যাদ শেষ হৈছে আৰু ২০২১ চনৰ ২১ জানুৱাৰীলৈ ইয়াৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ কিন্তু ২০২১ চনৰ পাছত পৰিৱেশীয় অনুমোদন নবীকৰণ নকৰাকৈয়ে প্ৰকল্প চলাই নিয়া হৈছে৷

ছয়মহীয়া নিয়ম পালনৰ প্ৰতিবেদন দাখিল নকৰাঃ

পৰিৱেশীয় অনুমোদন পত্ৰৰ চর্ত অনুসৰি, নির্মাণ কার্য চলি থকাৰ সময়ত প্ৰতি ছমাহৰ মূৰে মূৰে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ নিৰূপণ কর্তৃপক্ষ, অসমক নিয়ম পালন আৰু ফলাফল সন্দর্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব৷ কিন্তু এইক্ষেত্ৰত ২০১৪ চনৰ পৰা ২০১৯ চনৰ প্ৰতিবেদন দাখিলৰ বিপৰীতে পৰবর্তী সময়ৰ প্ৰতিবেদন দাখিল কৰা হোৱা নাই৷

আর্য স্মার্ট লিভিং প্ৰকল্প ৰুপায়ণত পৰিৱেশীয় অনুমোদনৰ অনেক চর্ত উলংঘনৰ তথ্য এইদৰেই পোহৰলৈ আহিছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ কমিটিৰ প্ৰতিবেদনত৷ কমিটীয়ে এনে নীতি উলংঘন আৰু বিসংগতি সন্দর্ভত কেতবোৰ স্পষ্ট নির্দেশনাও প্ৰদান কৰিছে৷ কিন্তু গুৱাহাটী মহানগৰত কিদৰে নীতি আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘনেৰে বৃহৎ বৃহৎ নির্মাণ কার্য চলি আছে সেয়া এই ঘটনাই উদঙাই দেখুৱাইছে৷ পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা এনে নির্মাণকার্যই গুৱাহাটী মহানগৰৰ পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই অনাৰ আশংকা কৰা হৈছে৷

( এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মতামত বিচাৰি এলানি প্ৰশ্ন প্ৰেৰণ কৰা হৈছে৷ প্ৰতিষ্ঠানটোৱে মতামত প্ৰদান কৰিলে সেয়া এই প্ৰতিবেদনৰ লগত সংযোজন কৰা হ’ব)

Leave A Reply

Your email address will not be published.