উত্তৰাখণ্ডত বিজেপিৰ শ্লোগানঃ ‘আবকি বাৰ ৬০ পাৰ’

Share This Article

আগন্তক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ পূৰ্বে  দিল্লীৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক বহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা, ৰাজ্যিক সভাপতি মদন কৌশিক, ৰাজ্যিক নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰলহাদ যোশী, নিৰ্বাচনৰ সহ-ভাৰপ্ৰাপ্ত আৰ পি সিং আৰু অন্যান্যসকলৰ সৈতে বৈঠকত উপস্থিত থাকিব।

ইফালে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীয়ে শনিবাৰে কয় যে, তেওঁ খাটিমা সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু প্ৰাৰ্থীৰ তালিকা শীঘ্ৰেই ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, তেওঁলোকৰ এইবাৰ শ্লোগান হব ”আবকি বাৰ ৬০ পাৰ’। উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত, বিজেপিয়ে উত্তৰাখণ্ডৰ ৭০ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৭ খন আসনত জয় লাভ কৰিছিল। উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু ভোট গণনা ১০ মাৰ্চত অনুষ্ঠিত হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.