সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমাজবাদী পাৰ্টীৰ প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যৰ বিজেপিত যোগদান

উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট এতিয়া প্ৰতি মূহুর্তত সলনি হৈছে। শাসনাধিস্থ বিজেপি দলৰ পৰা ৩ জন মন্ত্রী আৰু ১০ জন বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা পাছতেই সমগ্র দেশতেই চৰ্চা লাভ কৰিছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। কিন্তু বুধবাৰে সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱৰ ভাই-বোৱাৰী অৰ্পণা যাদৱে যোগদান কৰে বিজেপিত। আজি মুলায়ম সিং যাদৱৰ আন এজন আত্মীয় তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন বিধায়ক প্ৰমোদ গুপ্তা আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা মৌৰ্যই যোগ দিয়ে বিজেপিত।

Leave A Reply

Your email address will not be published.