সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিত যোগদান অখিলেশ যাদৱৰ ভাইবোৱাৰীৰ

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত ৷ উত্তৰ প্ৰদেশৰ উপ- মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ উপস্থিতিত তেওঁ বিজেপি দলত যোগদান কৰে ৷ বিজেপিত যোগদান কৰি অপৰ্ণা যাদৱে কয় যে, তেওঁৰ বাবে ৰাষ্ট্ৰধৰ্ম প্ৰধান ধৰ্ম ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে তেওঁ বিজেপিত যোগদান কৰা বুলি সদৰী কৰে৷

Leave A Reply

Your email address will not be published.