সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

-অংকিতাৰ মৃত্যুৱে জোকাৰিছে বিজেপিক

-অংকিতাৰ মৃত্যুৱে জোকাৰিছে বিজেপিক
পষ্টমৰ্টেম ৰিপৰ্টক লৈ সন্দেহ পৰিয়ালৰ
সাক্ষ্য – প্ৰমাণ নষ্ট কৰিবলৈ ৰিজৰ্ট ভঙাৰ সন্দেহ পৰিয়ালৰ

উত্তৰাখণ্ডত সংঘটিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডই শাসক দল বিজেপিক যথেষ্ট অস্বস্তিত পেলাইছে৷

- Donation -

বিগত ১৭ ছেপ্তেম্বৰৰ পৰা নিখোঁজ হৈ থকা ৰিজৰ্টৰ ৰিচেপছনিষ্ট অংকিতা ভাণ্ডাৰীৰ মৃতদেহ বিগত ২৩ ছেপ্তেম্বৰত পানী যুঁৱলিৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

উল্লেখ্য যে ১৯ বছৰীয়া অংকিতাই বিগত আগষ্ট মাহত ৰিজৰ্টখনত ৰিচেপছনিষ্ট হিচাপে যোগদান কৰিছিল ৷

ৰিজৰ্টখনৰ মালিক আছিল বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্য৷
পুলকিত আৰ্যই অংকিতাক ৰিজৰ্টলৈ অহা অতিথিৰ লগত যৌনকাৰ্যত লিপ্ত হ’বলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু তাকে কৰিবলৈ অমান্তি হোৱাত অংকিতাক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে৷

ইতিমধ্যে আৰক্ষীয়ে পুলকিত আৰ্য,হোটেলখনৰ মেনেজাৰ আৰু আন এগৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷
অংকিতাৰ পৰিয়ালে যুৱতীগৰাকীয়ে কাম কৰি থকা ৰিজৰ্টখন ভাঙি শাসকীয় চৰকাৰখনে সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

তদুপৰি মৃতদেহ সৎকাৰ নকৰাৰ সিন্ধান্ত লৈছে পৰিয়ালে৷পৰিয়ালৰ মতে মৃতদেহটো পুনৰ বাৰ প’ষ্টমৰ্টেম কৰিব লাগে৷দেহৰ বিভিন্ন অংশত আঘাটৰ চিন থকা লোকৰ মৃত্যু পানীত ডুবি হোৱা বুলি অহা ৰিপৰ্টকলৈ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালে৷

আনহাতে,প্ৰশাসনে মৃতদেহ সৎকাৰৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিছে৷
বিৰোধী দলৰ অভিযোগ “এই হত্যাকাণ্ড পূৰ্বপৰিকল্পিত৷ইয়াৰ সাক্ষ্য প্ৰমাণ নষ্ট কৰিবলৈকে ৰিজৰ্টখন ভাঙি পেলোৱা হৈছে৷”

তদুপৰি বিৰোধীয়ে ইয়াৰ তদন্ত বহুত লেহেমীয়া কৰিছে আৰু গোচৰ পঞ্জীয়নতো যথেষ্ট সময় লোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে৷

আনহাতে,মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দোষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ কথা ঘোষণা কৰিছে৷“ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব ”-এনেদৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ধামীয়ে৷
ইতিমধ্যে পুলকিত আৰ্যৰ পিতৃ বিনোদ আৰ্য আৰু তেওঁৰ ভাতৃ অংকিত আৰ্যক বিজেপি দলৰ পৰা বহিস্কাৰ কৰা হৈছে৷
স্থানীয় জনতাৰ প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছেগৈ যে অভিযুক্ত কেইজনক কঢ়িয়াই নিয়া গাড়ীখনৰ গ্লাছ ভাঙি চূৰমাৰ কৰে আৰু আৰক্ষীৰ উপস্থিতি স্বত্তেও অভিযুক্তক আক্ৰমণ কৰে জনতাই৷

Leave A Reply

Your email address will not be published.