সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি নেতাৰ ফার্ম হাউচত ৰেইড,ফার্ম হাউচত চলিছিল বেশ্যালয়,তাৰ পাছতেই সংঘাত মেঘালয় চৰকাৰৰ মিত্ৰদলৰ মাজত

আৰক্ষীৰ এটা অভিযানে সংকট নমাই আনিছে মেঘালয় চৰকাৰলৈ৷আৰক্ষীৰ অভিযানে অস্থিৰতাৰ সৃষ্টি কৰিছে মেঘালয়ৰ বিজেপি-এনপিপি মিত্ৰজোটৰ চৰকাৰত৷ শনিবাৰে মেঘালয় বিজেপিৰ উপসভাপতি বার্নাড আৰ মাৰাকৰ এখন ফার্ম হাউচত অভিযান চলাইছিল আৰক্ষীয়ে৷বিগত ফেব্ৰুৱাৰী মাহত এগৰাকী ছোৱালী ফার্ম হাউচখনত যৌন নির্যাতনৰ এটা অভিযোগ উত্থাপন হৈছিল৷ সেই অভিযোগৰ ভিত্তিতেই ফার্ম হাউচখনত অভিযান চলাইছিল আৰক্ষীয়ে৷ আৰু আৰক্ষীৰ অভিযানতেই পোহৰলৈ আহে,যে ফার্ম হাউচখন চলি আছে এখন পতিতালয় হিচাপে৷

বিজেপিৰ ৰাজ্যিক উপ সভাপতিৰ ফার্ম হাউচত আৰক্ষীৰ অভিযান-
মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ উপ সভাপতি বার্নাড আৰ মাৰাকৰ টুৰাৰ এখন ফার্ম হাউচত বিশেষ অভিযোগৰ পিছত অভিযান চলাইছিল আৰক্ষীয়ে৷৮ ঘন্টাৰ অভিযানকালত আৰক্ষীয়ে উদ্ধাৰ কৰে বিশাল পৰিমানৰ সুৰাৰ বটল,৫০০ পেকেটৰো অধিক গর্ভনিৰোধক,বিভিন্ন ধৰনৰ টেবলেট,৩৭ হাজাৰ টকা,৩৭ খন বাহন আৰু ৪৭ মোবাইল ফোন৷অভিযানৰ পাছত ২৩ গৰাকী মহিলা,যুৱতীসহ সর্বমুঠ ৭৩ গৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে৷ইতিমধ্যে মাৰাকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে৷উল্লেখ্য যে মাৰাকৰ বিৰুদ্ধে ২৫ টাতকৈ অধিক অপৰাধজনিত গোচৰ ইতিমধ্যে ৰুজু হৈ আছে৷

- Donation -

নিজক বচাবলৈ কনৰাড চাংমাৰ প্ৰতি অভিযোগ মাৰাকৰ-

দেওবাৰে এক ভিডিঅ’ বিবৃতিত নিজৰ ষ্পষ্টীকৰন ডাঙি ধৰিছে মাৰাকে৷ মাৰাকে কয় যে, তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আছে আৰু তেও পলাতক নহয়৷মাৰাকে কয়, ‘মই কেৱল সুৰক্ষিত থাকি ৰাইজৰ ওচৰলৈ সত্য উলি লৈ যাবলৈ চেষ্টা কৰি আছো৷ কনৰাড চাংমা নেতৃত্বাধীন এনপিপিৰ দ্বাৰা মোৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবে এক পৰিকল্পিত ষড়যন্ত্ৰ চলি আছে।বিজেপিক এতিয়া ৰাজ্যখনত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত আন দলৰ ৰাজনৈতিক নেতাসকলৰ মাজত নিৰাপত্তাহীনতাৰ সৃষ্টি হৈছে৷ বিশেষকৈ কনৰাড চাংমাই আৰক্ষীক মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰু মোক গুলীবৰ্ষণ কৰিবলৈ নিৰ্দেশ দিছে৷’

ঘটনাক লৈ কি স্থিতি বিজেপিৰ?
বার্নাড আৰ মাৰাকক সমর্থন দিছে মেঘালয় বিজেপিয়ে৷মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতি আর্নেষ্ট মাৱেৰীয়ে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত দিয়া ভাষ্যত কয় যে,গাৰো পাহাৰত ক্ৰমবর্ধমান জনপ্ৰিয়তাৰ বাবেই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে মাৰাক৷মাৰাকৰ সম্ভান্ত্ৰ ৰিজ’র্টখনক পতিতালয় হিচাপে আখ্যা দিয়াটো গ্ৰহনযোগ্য নহয়৷আৰক্ষীয়ে যিসকল লোকক গ্ৰেপ্তাৰ কৰিছে,তেওলোকে আশ্ৰয়ৰ বাবে মাচুল পৰিশোধ কৰিছে৷সেই ৰিজ’র্টখন ৩ বছৰ ধৰি চলি আহিছে আৰু ৰিজ’র্টখন সন্দর্ভত কোনোদিন কোনো অভিযোগ উত্থাপন হোৱা নাই৷মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ সভাপতিজনে এইটোও উল্লেখ কৰে যে,আৰক্ষীয়ে ফার্ম হাউচখন অভিযান চলোৱাৰ এদিন পূর্বে এনপিপিৰ যুৱ গোটে টুৰাত বার্নাড মাৰাকৰ বিৰুদ্ধে প’ষ্টাৰিঙ চলাইছিল৷

উল্লেখনীয় যে বিগত মে’ মাহত কনৰাড চাংমাৰ বিৰুদ্ধে এটা বিশেষ প্ৰকল্পৰ পূজি অপপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছিল মাৰাকে৷এনে এক প্ৰেক্ষাপটত এনপিপি-বিজেপি মিত্ৰজোটৰ মেঘালয় চৰকাৰলৈ অস্থিৰতা নামি অহাটো নিশ্চিত হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.