বিজেপি নেতাৰ ফার্ম হাউচত ৰেইড,ফার্ম হাউচত চলিছিল বেশ্যালয়,তাৰ পাছতেই সংঘাত মেঘালয় চৰকাৰৰ মিত্ৰদলৰ মাজত

Share This Article

আৰক্ষীৰ এটা অভিযানে সংকট নমাই আনিছে মেঘালয় চৰকাৰলৈ৷আৰক্ষীৰ অভিযানে অস্থিৰতাৰ সৃষ্টি কৰিছে মেঘালয়ৰ বিজেপি-এনপিপি মিত্ৰজোটৰ চৰকাৰত৷ শনিবাৰে মেঘালয় বিজেপিৰ উপসভাপতি বার্নাড আৰ মাৰাকৰ এখন ফার্ম হাউচত অভিযান চলাইছিল আৰক্ষীয়ে৷বিগত ফেব্ৰুৱাৰী মাহত এগৰাকী ছোৱালী ফার্ম হাউচখনত যৌন নির্যাতনৰ এটা অভিযোগ উত্থাপন হৈছিল৷ সেই অভিযোগৰ ভিত্তিতেই ফার্ম হাউচখনত অভিযান চলাইছিল আৰক্ষীয়ে৷ আৰু আৰক্ষীৰ অভিযানতেই পোহৰলৈ আহে,যে ফার্ম হাউচখন চলি আছে এখন পতিতালয় হিচাপে৷

বিজেপিৰ ৰাজ্যিক উপ সভাপতিৰ ফার্ম হাউচত আৰক্ষীৰ অভিযান-
মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ উপ সভাপতি বার্নাড আৰ মাৰাকৰ টুৰাৰ এখন ফার্ম হাউচত বিশেষ অভিযোগৰ পিছত অভিযান চলাইছিল আৰক্ষীয়ে৷৮ ঘন্টাৰ অভিযানকালত আৰক্ষীয়ে উদ্ধাৰ কৰে বিশাল পৰিমানৰ সুৰাৰ বটল,৫০০ পেকেটৰো অধিক গর্ভনিৰোধক,বিভিন্ন ধৰনৰ টেবলেট,৩৭ হাজাৰ টকা,৩৭ খন বাহন আৰু ৪৭ মোবাইল ফোন৷অভিযানৰ পাছত ২৩ গৰাকী মহিলা,যুৱতীসহ সর্বমুঠ ৭৩ গৰাকী ব্যক্তিক আটক কৰে আৰক্ষীয়ে৷ইতিমধ্যে মাৰাকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে৷উল্লেখ্য যে মাৰাকৰ বিৰুদ্ধে ২৫ টাতকৈ অধিক অপৰাধজনিত গোচৰ ইতিমধ্যে ৰুজু হৈ আছে৷

নিজক বচাবলৈ কনৰাড চাংমাৰ প্ৰতি অভিযোগ মাৰাকৰ-

দেওবাৰে এক ভিডিঅ’ বিবৃতিত নিজৰ ষ্পষ্টীকৰন ডাঙি ধৰিছে মাৰাকে৷ মাৰাকে কয় যে, তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আছে আৰু তেও পলাতক নহয়৷মাৰাকে কয়, ‘মই কেৱল সুৰক্ষিত থাকি ৰাইজৰ ওচৰলৈ সত্য উলি লৈ যাবলৈ চেষ্টা কৰি আছো৷ কনৰাড চাংমা নেতৃত্বাধীন এনপিপিৰ দ্বাৰা মোৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবে এক পৰিকল্পিত ষড়যন্ত্ৰ চলি আছে।বিজেপিক এতিয়া ৰাজ্যখনত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত আন দলৰ ৰাজনৈতিক নেতাসকলৰ মাজত নিৰাপত্তাহীনতাৰ সৃষ্টি হৈছে৷ বিশেষকৈ কনৰাড চাংমাই আৰক্ষীক মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰু মোক গুলীবৰ্ষণ কৰিবলৈ নিৰ্দেশ দিছে৷’

ঘটনাক লৈ কি স্থিতি বিজেপিৰ?
বার্নাড আৰ মাৰাকক সমর্থন দিছে মেঘালয় বিজেপিয়ে৷মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতি আর্নেষ্ট মাৱেৰীয়ে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত দিয়া ভাষ্যত কয় যে,গাৰো পাহাৰত ক্ৰমবর্ধমান জনপ্ৰিয়তাৰ বাবেই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে মাৰাক৷মাৰাকৰ সম্ভান্ত্ৰ ৰিজ’র্টখনক পতিতালয় হিচাপে আখ্যা দিয়াটো গ্ৰহনযোগ্য নহয়৷আৰক্ষীয়ে যিসকল লোকক গ্ৰেপ্তাৰ কৰিছে,তেওলোকে আশ্ৰয়ৰ বাবে মাচুল পৰিশোধ কৰিছে৷সেই ৰিজ’র্টখন ৩ বছৰ ধৰি চলি আহিছে আৰু ৰিজ’র্টখন সন্দর্ভত কোনোদিন কোনো অভিযোগ উত্থাপন হোৱা নাই৷মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ সভাপতিজনে এইটোও উল্লেখ কৰে যে,আৰক্ষীয়ে ফার্ম হাউচখন অভিযান চলোৱাৰ এদিন পূর্বে এনপিপিৰ যুৱ গোটে টুৰাত বার্নাড মাৰাকৰ বিৰুদ্ধে প’ষ্টাৰিঙ চলাইছিল৷

উল্লেখনীয় যে বিগত মে’ মাহত কনৰাড চাংমাৰ বিৰুদ্ধে এটা বিশেষ প্ৰকল্পৰ পূজি অপপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছিল মাৰাকে৷এনে এক প্ৰেক্ষাপটত এনপিপি-বিজেপি মিত্ৰজোটৰ মেঘালয় চৰকাৰলৈ অস্থিৰতা নামি অহাটো নিশ্চিত হৈ পৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.