বিজেপিৰ ৰেলীত বাধা,’ৰোষ’ত পৰিছে গৃহ সচিব

Share This Article

ৰেলীত বাধা কিয়?
বিজেপিৰ ৰেলীত বাধা,’ৰোষ’ত পৰিছে গৃহ সচিব
সোমবাৰৰ ভিতৰত দিব লাগিব তথ্য

বিজেপিৰ সচিবালয় যাত্ৰাৰ কাৰ্যসূচীত প্ৰশাসনে বলপূৰ্বকভাৱে বাধা দিয়া সম্পৰ্কত তথ্য বিচাৰিছে কলকাতা উচ্চ ন্যায়ালয়ে৷

পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মঙলবাৰে
নবান্ন চল’ কাৰ্যসূচী গ্ৰহণ কৰিছিল বিজেপিয়ে

সমদলৰ কাৰ্যসূচীত অংশ ল’বলৈ অহা দলটোৰ কৰ্মীক অনাহকত আটক কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে

এই সম্পৰ্কত কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ গৃহ সচিবৰ পৰা সম্পূৰ্ণ তথ্য বিচাৰিছে৷

মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ আৰ ভৰদ্বাজৰ নেতৃত্বত গঠিত বিচাৰপীঠে অহা সোমবাৰৰ ভিতৰত সম্পূৰ্ণ তথ্য দাখিলৰ নিৰ্দেশ দিছে গৃহ সচিবক৷

ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন কৰা আৱেদনকাৰী সুবীৰ সন্যালৰ মতে বিজেপিৰ কৰ্মী সকলক বলপূৰ্বকভাৱে বাধা দিয়া হৈছিল আৰু দলৰ নেতাসকলক য’তে ত’তে গ্ৰেপ্তাৰ কৰা হৈছিল৷

দলৰ তৰফৰ পৰা এই বুলিও দাবী কৰা হৈছে যে বিজেপিৰ কৰ্মীসকলক কলকাতাৰ প্ৰৱেশ পথ আৰু হাওৰাত ৰে’ল আৰু গাড়ীৰ পৰা নামিবলৈ দিয়া হোৱা নাছিল৷

তদুপৰি দলটোৱে অভিযোগ কৰা অনুসৰি মুৰলীধৰ সেন ৰ’ডত থকা বিজেপিৰ কাৰ্যালয়ৰ পৰা কৰ্মীসকলক প্ৰৱেশ আৰু প্ৰস্থানত বাধা দিয়া হৈছিল

আৱেদনকাৰী সুবীৰ সন্যালৰ মতে বিৰোধী দলপতি শুভেন্দু অধিকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷

হাওৰাৰ মেট্ৰপলিটান অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা বাবে তাত শুভাযাত্ৰাৰ বাবে কোনো অনুমতি প্ৰদান কৰা হোৱা নাছিল বুলি দাবী কৰিছে এডভোকেট জেনেৰেল এছ এন মুখাৰ্জীয়ে৷

ইফালে, ৰাজ্যখনৰ কিছুমান স্থানত আৰক্ষীৰ বেৰিকেড ভাঙি বিজেপি কৰ্মীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলি জনাইছে প্ৰশাসনে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.