দুৰ্গত লোকক সাহায্য দি প্ৰশাসনৰ ৰোষত বি জে পিৰ নেতা

Share This Article

প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক অথবা অন্য কাৰণতেই হওক আশ্ৰয় শিবিৰত থকা লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে পাৰ্যমানে সহায়-সাহায্য আগবঢ়ায়। অসমতো এনে লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে সহায়-সাহায্য আগবঢ়াই আহিছে। পিছে দুৰ্গত লোকক সাহায্য প্ৰদানৰ পূৰ্বে আপুনি এবাৰ ভাবক। কাৰণ সাহায্য দিয়াৰ পাছত আপোনালৈ আহিব পাৰে প্ৰশাসনৰ  কাৰণ দৰ্শোৱাৰ জাননী। এনে জাননী লাভ কৰি এতিয়া আচৰিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ এগৰাকী ব্যক্তি। তাৎপৰ্যপূৰ্ণভাৱে ব্যক্তিগৰাকী আকৌ বি জে পিৰো সদস্য। সাহায্য প্ৰদান কৰি কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা ব্যক্তি গৰাকী হ’ল জীৱন চুতীয়া। বৰ্তমান গোলাঘাটৰ বিভিন্ন অঞ্চলৰ লগতে সৰুপথাৰৰ কেইবাটাও অঞ্চল ধনিশিৰিৰ বাঢ়নি পানীৰ কবলত পৰিছে। বন্যাৰ্ত থাকিবলগা হৈছে আশ্ৰয় শিবিৰত। সৰুপথাৰৰ এনে এটা আশ্ৰয় শিবিৰ আছে বৰপথাৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ত। সমাজকৰ্মী হিচাপেও পৰিচিত জীৱন চুতীয়াই এইটো আশ্ৰয় শিবিৰৰ লগতে আন শিবিৰতো পাৰ্যমানে বিভিন্ন সামগ্ৰী প্ৰদান কৰি বন্যাৰ্তক সকাহ দিয়াৰ চেষ্টা কৰিছে। এই কাৰ্যৰ ফটোও তেওঁ সামাজিক মাধ্যমত আপলোড কৰিছে। জীৱন চুতীয়াৰ এনে কাৰ্য কোনো ৰাজনৈতিক বৈৰীৰ বাবে সহ্য নহ’ল। সেয়ে প্ৰথমে সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উক্ত প’ষ্ট সম্বলিত ফটোবোৰ সামাজিক মাধ্যমৰ পৰা তেওঁক আঁতৰাই দিবলৈ আহ্বান জনোৱা হ’ল। কিন্তু এই নিৰ্দেশ নমনাৰ পাছতে তেওঁলৈ আহিল এখন কাৰণ দৰ্শোৱাৰ জাননী। যিখন জাননী দেখি নিজেই আচৰিত জীৱন চুতীয়া। কিয় বানত আক্ৰান্ত সকলক সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে তাৰ কাৰণ বিচাৰি সৰুপথাৰ ৰাজহ চক্ৰৰ বিষয়াগৰাকীয়ে প্ৰেৰণ কৰিছে জাননীখন। মঙলবাৰ অৰ্থাৎ ৮ জুলাইত SRC04/2024-25/Part-iv/264 নম্বৰৰ এই জাননীখন প্ৰেৰণ কৰা হ’ল। জাননীখনত উল্লেখ কৰা হৈছে শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত তেওঁ কাৰ অনুমতি লৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছিল। দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৩৪ নম্বৰৰ ধাৰাক দোহাই দি কোৱা হ’ল যে তেওঁ শিবিৰ ব্যৱস্থাপনা নিয়ম ভংগ কৰিছে। সেয়েহে তেওঁৰ বিৰুদ্ধে কিয় বিহিত ব্যৱস্থা লোৱা নহ’ব তাৰ কাৰণ দৰ্শাবলৈ কোৱা হৈছে। তিনি দিনৰ ভিতৰত সেই কাৰণ দৰ্শাই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে জীৱন চুতীয়াক। এই জাননী লাভ কৰি অতি আচৰিত হৈ পৰিছে জীৱন চুতীয়া। তেওঁৰ মতে সামাজিক মাধ্যমৰ প’ষ্ট ডিলিট নকৰাৰ বাবেই তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।

ইফালে জীৱন চুতীয়াই লাভ কৰা কাৰণ দৰ্শোৱাৰ জাননীখন বুধবাৰে নিশা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰে খুমটাই বিধানসভা সমষ্টিৰ বি জে পিৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁ জাননীখন সংলগ্ন কৰি লিখে— “খুমটাই সমষ্টিৰ বান বিধ্বস্ত ৰাইজৰ বাবে প্ৰশাসনে স্থাপন কৰা বিভিন্ন অস্থায়ী আশ্ৰয় শিবিৰত যোৱা তিনি চাৰি দিন সমাজৰ বিভিন্ন ব্যক্তি তথা দল সংগঠনে খাদ্য সামগ্ৰী, পানী, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আহিছে। এনে প্ৰচেষ্টাই চৰকাৰী সাহায্য প্ৰক্ৰিয়াক যথেষ্ট সহায়ো কৰে। সেই সকল ব্যক্তি আৰু দল সংগঠনক সেয়েহে আমি ধন্যবাদ জনাওঁ।কিন্তু সৰুপথাৰত এটা অদ্ভুত কাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। সৰুপথাৰৰ বান বিধ্বস্ত ৰাইজৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত জীৱন চুতীয়া নামৰ এজন সমাজ হিতৈষী ব্যক্তিয়ে নিজা প্ৰচেষ্টাত সাহায্য সামগ্ৰী বিতৰণ কৰি প্ৰশাসনৰ ৰোষত পৰিছে। আনকি তেওঁ কিয় সহায় কৰিছে তাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। এনে কাম কি বে-আইনী নেকি? ইয়াৰ আঁৰত কোন? সর্বস্বান্ত মানুহক সহায় কৰাটো কেনেকৈ প্ৰশাসনৰ বিৰুদ্ধাচৰণ হব পাৰে? কোন দুৰ্বল মানুহে ভাবিব পাৰে এনে কথা? ধিক এই মানসিকতা?” বৃহস্পতিবাৰেও একেই প্ৰসংগত সামাজিক মাধ্যমত এটা প’ষ্টত বিধায়কগৰাকীয়ে লিখে— “সকলোকে সাৱধান।জন সেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব । বিশেষকৈ বিধায়ক হ’ম বুলি আশা কৰি থকা সকল । এনেকুৱা কাৰণ দৰ্শোৱা জাননী লাভ কৰিব পাৰে। অৱশ্যে আমাৰ খুমটাই সমষ্টিত সকলোকে এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ালৈ স্বাগতম জনাইছোঁ। বিধায়ক হ’ব খোজা সকলকো।” ইয়াৰ বাহিৰেও খুমটাই বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে ২০০৮ চনৰ পৰা বি জে পিত থকা জীৱন চুতীয়াই প্ৰাৰ্থিত্ব নাপালেও দলৰ হৈ কাম কৰি আছে। কোভিডৰ সময়ত প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি আৰু তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিতো তেওঁ পইচা দিছিল। প্ৰাৰ্থিত্ব নোপোৱাৰ পাছতো তেওঁ চৰকাৰৰ পুঁজিত পাঁচ লাখ টকা দিছে। কিন্তু সাহায্য প্ৰদানৰ ফেচবুক প’ষ্ট ডিলিট নকৰাৰ বাবেই জীৱন চুতীয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

ইফালে এই প্ৰসংগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একো নাজানে বুলি প্ৰকাশ কৰে। ৰাজনীতিত এইবোৰ চলি থাকে বুলি তেওঁ বিষয়টোৰ পৰা আঁতৰি যায়।

উল্লেখ্য যে জীৱন চুতীয়াই ২০১৬ চনত সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা বি জে পিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল। কিন্তু প্ৰাৰ্থিত্ব নাপাইও তেওঁ দলৰ কাম কৰি গৈছিল। আগন্তুক বিধানসভা নিৰ্বাচনতো তেওঁ সম্ভৱতঃ বিচাৰিব প্ৰাৰ্থিত্ব। তদুপৰি সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ কাম-কাজক লৈ বহু লৈ সন্তুষ্ট নহয়। ফলস্বৰূপে জীৱন চুতীয়া অনাগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হ’ব পাৰে। যাৰ বাবে এতিয়া সাহায্য প্ৰদানত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৩৪ ধাৰা উলংঘা কৰাৰ দোহাই দি তেওঁলৈ প্ৰেৰণ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। ইয়াৰ আঁৰত ৰাজনেতিক ষড়যন্ত্ৰ থকা বুলিও চলিছে ব্যাপক চৰ্চা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.