বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈলৈ আৰু ‘বিহু মহীয়ান’ বঁটা শিক্ষাবিদ তথা লোক সংস্কৃতিৰ সাধক ড° অনিল শ‌ইকীয়ালৈ

Share This Article

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট লোক সংস্কৃতিৰ সাধক- শিক্ষাবিদ ড°অনিল শ‌ইকীয়াই পৰিৱেশ্য কলাৰ সাতোটা ব্যৱহাৰিক দিশ উল্লেখ কৰি কয় যে বিহুৰ পৰিৱেশ্য কলাৰ দলীয় চাৰিটা শৈলী আৰু একক তিনিটা শৈলী দেখা যায়। সেইকেইটা হৈছে – দলীয় শৈলী হিচাবে হুঁচৰি (কেৱল পুৰুষৰ), গাভৰু বিহু বা জেং বিহু বা তকা বিহু (কেৱল নাৰীসকলৰ), মুকলি বিহু ( পুৰুষ আৰু নাৰী একেলগে) , আৰু হুঁচৰি আৰু মুকলি বিহু একেলগে( বিহু হুচঁৰি বা হুঁচৰি বিহুৰ পৰিৱৰ্তে)। একক শৈলী হিচাবে ঢোল / পেপা / গগণা / সুতুলী পৰিবেশন আৰু একক বিহু নাম। ড° অনিল শ‌ইকীয়াৰ এই সাতোটা ব্যৱহাৰিক দিশ ৰজা ঘৰ বা প্ৰজাঘৰত মানি চলিবলৈ পৰিষদে আহ্বান জনায় আৰু লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদানৰ লগতে এখন চেঞ্চৰ বোৰ্ড গঠনৰ সন্দৰ্ভতো সবিশেষ অৱগতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাতে পৰিষদৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা’ বঁটা আৰু ‘বিহু মহীয়ান’ বঁটা ক্ৰমে ডাঃঅমৰেন্দ্ৰ গগৈ আৰু ড° অনিল শ‌ইকীয়াক পৰিষদৰ আগন্তুক দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ‘বিহু প্ৰজ্ঞা’ বঁটাত থাকিব নগদ পঁচিশ হাজাৰ টকা,এটি স্মাৰক, গ্ৰন্থৰ টোপোলা, চেলেং, গামোচা, শৰাই আৰু সৰু দৈয়া‌ জাপি। অমিয়া দুৱৰীৰ সোঁৱৰণত প্ৰদান কৰিবলগা ‘বিহু মহীয়ান’ বঁটাত নগদ দহ হাজাৰ টকা, স্মাৰক, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ ,শৰাই আৰু সৰু দৈয়া‌ জাপি থাকিব বুলি পৰিষদৰ মুখপাত্ৰ ড° দীপেন দাসে জানিবলৈ দিয়ে। উক্ত সভাতে বিশিষ্ট কবি, নিৱন্ধকাৰ তথা পৰিষদৰ মুখপত্ৰ সম্পাদক ব্ৰজেন দাসৰ সম্পাদনাত প্ৰকাশিত তিনিমহীয়া ‘বিহু বাৰ্তা’ খন উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থকা ড° অনিল শ‌ইকীয়াই ‘বিহু বাৰ্তা’ খনৰ বিষয়বস্তুক ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী সংখ্যাৰ সকলো খৰছ বহন কৰাৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰে। পৰিষদৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা কামৰূপ মহানগৰত অহা নবেম্বৰ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.