BBC ক কঠোৰ সকীয়নি বিদেশ মন্ত্ৰীৰ

Share This Article

বুধবাৰে অনুষ্ঠিত এক দ্বিপাক্ষিক বৈঠকত বৃটেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেমচ ক্লেভাৰলিক কঠোৰ সকিয়নি দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্পষ্ট মত’ ভাৰতত কাম কৰি থকা সকলো সংস্থাই দেশৰ আইন মানিবলৈ বাধ্য’।বিগত মাহত ভাৰতৰ আয় কৰ বিভাগে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত অভিযান চলাইছিল।প্ৰায় তিনি দিন ধৰি চলিছিল এই অভিযান৷প্ৰতিষ্ঠানটোৰ প্ৰদান কৰা কৰৰ ক্ষেত্ৰত কিছু অনিয়মৰ অভিযোগ তুলি এই অভিযান চলাইছিল চিবিআইয়ে।অৱশ্যে যদিও চৰকাৰীভাৱে কৰ প্ৰদানৰ বিসংগতিৰ বাবে এই অভিযান চলোৱা বুলি উল্লেখ কৰিছিল কিন্তু ইয়াৰ অন্তৰালত আছে আন এক কাৰণ।২০০২ চনৰ গুজৰাটৰ হিংসাত্মক ঘটনাৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জড়িত কৰি বিবিচিয়ে এক তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল !সেই তথ্যচিত্ৰখনৰ সম্প্ৰচাৰ সম্পূৰ্ণণৰূপে বন্ধ কৰা হৈছে সমগ্ৰ ভাৰতবৰ্ষত।জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত ইয়াৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ বাবে তাত আনকি বিদ্যুত কৰ্তনৰ লগতে গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল ছাত্ৰছাত্ৰী।আয়কৰ বিভাগে এই অভিযানৰ পিছত দাবী কৰিছিল যে তেওঁলোকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বহুতবোৰ অনিয়মৰ তথ্য লাভ কৰিছে।চিবিআইৰ অভিযোগ’ভাৰতত উপাৰ্জন হোৱা ধনৰ কোনো স্পষ্ট উল্লেখ কৰা নাই সংস্থাটোৱে।’অভিযানৰ পিছত বৃটিছ চৰকাৰৰ প্ৰতিনিধি ডেভিদ ৰুটলেই বিবিচিক সুৰক্ষা দি কয় ‘ আমি বিবিচিৰ লগত আছোঁ।আমি বিবিচিক ফাণ্ড দিওঁ৷আমি বিবিচিক বাতৰি পৰিবেশন আৰু সম্পাদনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদানৰ পোষকতা কৰোঁ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.