বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা

Share This Article

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ ধৰি কাৰাবন্দীও কৰি ৰখা নাই ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে ইউ এ পি এৰ দৰে কঠোৰ আইনৰ অধীনত ৷ যি আইনত গ্ৰেপ্তাৰ হ’লে কম সময়ৰ ভিতৰত জামিন পোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য ৷

বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপণ কৰাৰ মুহূৰ্তত এই কথাটো স্পষ্ট হৈ লোৱা দৰকাৰ ৷ কাৰণ , সন্মুখত পৰীক্ষা আছে , বৰ্ষাশ্ৰী সৰু ছোৱালী , বৰ্ষাশ্ৰী কবিতা লিখা আৱেগিক ছোৱালী ইত্যাদি আৱেগিক দাবী শুনি গণিত বিভাগৰ ছাত্ৰী গৰাকীয়ে মুক্তি লাভ কৰাৰ কোনো সম্ভাৱনা নাই ৷

বৰ্ষাশ্ৰীক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল , গ্ৰেপ্তাৰৰ পাছত যেতিয়া ইউ এ পি এ আইন জাপি দিয়া হৈছিল , তেতিয়াই বুজি উঠিছিলো যে এই বন্দিত্ব দীঘলীয়া হ’ব ৷ কেবাটাও ছাত্ৰ সংগঠনক বিষয়টো অৱগত কৰিছিলো ৷ কোনোৱে অদৰকাৰী কথা বুলি ফালৰি কাটিছিল , কোনোৱে বিষয়টো চালি জাৰি চোৱাৰ আশ্বাস দিছিল , কোনোৱে আইনী সাহায্যৰ ব্যৱস্থা কৰাৰ কথা কৈছিল ৷ দুমাহ পাছত প্ৰায় নিশ্চিত হৈছো যে ইয়াৰে কোনো এটাই হৈ উঠা নাই ৷

বৰ্ষাশ্ৰী ১৮ বছৰীয়া এজনী ছোৱালী ৷ এই ১৮ – ১৯-২০ বছৰ বয়সতেই পৃথিৱী সলনি কৰি দিয়াৰ সপোন দেখা যায় ৷ এই ১৮ – ১৯-২০ বছৰ বয়সতেই হাজাৰ হাজাৰ ল’ৰা – ছোৱালী আলফালৈ গৈছে আৰু নিহত হৈছে ৷ কেতিয়াবা নিৰাপত্তা বাহিনীৰ গুলীত , কেতিয়াবা আভ্যন্তৰীণ সংঘাতত ৷ সামাজিক সংগঠনবোৰৰ ভূমিকা যেতিয়া হতাশাজনক হৈ পৰে , সমাজৰ চৌপাশ যেতিয়া আস্থাহীন হৈ পৰে , নেতাৰ আপোচকামিতা যেতিয়া বাৰে বাৰে উন্মুক্ত হৈ পৰে , তেতিয়াই নিষিদ্ধ পথত যোগ দি অন্যায়- অবিচাৰৰ বিৰুদ্ধে নিজে যুদ্ধ কৰাৰ কথা ভাৱে ১৮-১৯-২০ বছৰৰ ল’ৰা ছোৱালীবোৰে ৷ তাতেই যেতিয়া নিষিদ্ধঘোষিত নেতাৰ ঘন্টাজোৰা সাক্ষাৎকাৰ টেলিভিছনযোগে সম্প্ৰচাৰ হয় , সেই সাক্ষাৎকাৰত নিষিদ্ধ পথৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা কোৱাৰ সুযোগ দিয়া হয় , তেতিয়া এই ল’ৰা – ছোৱালীবোৰৰ নিষিদ্ধ ঘোষিত পথৰ প্ৰতি আগ্ৰহ কেবাগুণ বৃদ্ধি পায় ৷সেই পন্থাত তেওঁলোক পতিয়ন যায় ৷ এইখিনি ঠিক আৱেগিক কথাই ৷

মূল কথাটো হ’ল , বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে ইউ এ পি এ আইনৰ অধীনত ৷ বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা এই ইউ এ পি এ আইনৰ ব্যাপক সংশোধন কৰা হৈছে ৷ ব্যক্তিবিশেষকো সন্ত্ৰাসবাদী সজোৱাৰ পথ মুকলি কৰি লোৱা হৈছে ৷২০২০ চন পৰ্যন্ত ভাৰতবৰ্ষত ইউ এ পি এ আইনৰ অধীনত প্ৰায় ২৩ হাজাৰ গোচৰৰ বিচাৰ চলি আছে ৷ ২০১৪ চনৰ পৰা ২০২০ চনৰ ভিতৰত ইউ এ পি এৰ অধীনত ৰুজু হৈছে ৬,৯০০ টা নতুন গোচৰ ৷ এই গোচৰসমূহৰ আন এটা উদ্বেগজনক দিশ আছে ৷ ২০১৬ৰ পৰা ২০১৯ ৰ ভিতৰত ইউ এ পি এৰ অধীনত ৪,২৩১ টা গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰে মাত্ৰ ১১২ টা গোচৰতহে অভিযুক্ত দোষী প্ৰমানিত হৈছে ৷ ১৮৭ টা গোচৰত অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ কিন্তু ৮৩ শতাংশ গোচৰেই আছে অনুসন্ধানৰ পৰ্যায়ত ৷ যাৰ বাবে হাজাৰ হাজাৰ অভিযুক্তই কাৰাগাৰত দিন কটাবলগীয়া হৈছে ৷ এক কথাত শত্ৰু বুলি শাসকে গণ্য কৰা বা সন্দেহ কৰা যিকোনো লোকক দীৰ্ঘদিনলৈ কাৰাবন্দী কৰি ৰখাৰ এক কৌশলত পৰিণত হৈছে ইউ এ পি এ আইনৰ প্ৰয়োগ ৷ অখিল গগৈৰে ক্ষেত্ৰতো সেয়াই ঘটিছিল ৷আদালতে দোষমুক্ত ঘোষণা নকৰালৈকে ইউ এ পি এ আইনৰ অধীনত ডেৰ বছৰ কাৰাবন্দী হৈ আছিল অখিল গগৈ ৷

মহাৰাষ্ট্ৰত ২০১২ চনৰ আগষ্ট মাহতেই গ্ৰেপ্তাৰ কৰা হৈছিল মহম্মদ ইলিয়াছ আৰু মহম্মদ ইৰফান নামৰ দুজন যুৱকক ৷ লস্কৰ ই তৈবাৰ লগত যোগাযোগ থকাৰ সন্দেহত তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল ইউ এ পি এ আইন ৷ প্ৰায় ৯ বছৰ কাৰাগাৰত দিন কটোৱাৰ পাছত ২০২১ চনৰ জুন মাহত তেওঁলোকক আদালতে দোষমুক্ত ঘোষণা কৰে ৷ এয়াই হৈছে ইউ এ পি এ আইনৰ শক্তি ৷

অসম আৰক্ষীৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ ‘ বুলি কোৱাৰ অপৰাধতে বৰ্ষাশ্ৰীক ইউ এ পি এ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰ্ষাশ্ৰীয়ে হেনো এইশাৰী বাক্যৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৷ ইউ এ পি এ আইনৰ শক্তিও ইমানেই যে এষাৰী বাক্যৰ আধাৰতে বৰ্ষাশ্ৰীক দুমাহ নহয় , কেবাবছৰ বন্দী কৰি ৰাখিব পাৰে ৷ গতিকে , বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীও এই আইনৰ অপপ্ৰয়োগৰ বিৰোধিতাৰ আধাৰতে উত্থাপণ হ’ব লাগিব ৷ বৰ্ষাশ্ৰী সৰু ছোৱালী ,বৰ্ষাশ্ৰীৰ পৰীক্ষা চলি আছে , বৰ্ষাশ্ৰী আৱেগত কবিতা লিখা ছোৱালী , গতিকে বৰ্ষাশ্ৰীক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুনয় – বিনুনয় কৰা – এই আটাইবোৰ দাবীয়েই ভিত্তিহীন ৷ বৰ্ষাশ্ৰীয়ে আৱেগত কিবা লিখিছে কিন্তু আৱেগত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এখন কঠোৰ আইনৰ অধীনত ৷ যি আইনক বহুতেই ক’লা আইন আখ্যা দিছে ৷ গতিকে আৱেগক আধাৰ কৰি , আৱেগিক কথাৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপণ কৰাৰ সলনি এখন নৃশংস আইনৰ অপপ্ৰয়োগৰ বিৰোধিতাৰে তেওঁৰ মুক্তিৰ দাবী উত্থাপণ কৰাটোহে নাগৰিক সমাজৰ কৰ্তব্য হোৱা উচিত ৷ অন্যথা বৰ্ষাশ্ৰী বাবে চকুলো বোৱাই লাভ নাই ৷ যদিহে আইনৰ নৃশংস অপপ্ৰয়োগৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ সাহস গোটাব নোৱাৰো ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.