সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা

অৰূপ কলিতা

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ ধৰি কাৰাবন্দীও কৰি ৰখা নাই ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে ইউ এ পি এৰ দৰে কঠোৰ আইনৰ অধীনত ৷ যি আইনত গ্ৰেপ্তাৰ হ’লে কম সময়ৰ ভিতৰত জামিন পোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য ৷

বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপণ কৰাৰ মুহূৰ্তত এই কথাটো স্পষ্ট হৈ লোৱা দৰকাৰ ৷ কাৰণ , সন্মুখত পৰীক্ষা আছে , বৰ্ষাশ্ৰী সৰু ছোৱালী , বৰ্ষাশ্ৰী কবিতা লিখা আৱেগিক ছোৱালী ইত্যাদি আৱেগিক দাবী শুনি গণিত বিভাগৰ ছাত্ৰী গৰাকীয়ে মুক্তি লাভ কৰাৰ কোনো সম্ভাৱনা নাই ৷

- Donation -

বৰ্ষাশ্ৰীক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল , গ্ৰেপ্তাৰৰ পাছত যেতিয়া ইউ এ পি এ আইন জাপি দিয়া হৈছিল , তেতিয়াই বুজি উঠিছিলো যে এই বন্দিত্ব দীঘলীয়া হ’ব ৷ কেবাটাও ছাত্ৰ সংগঠনক বিষয়টো অৱগত কৰিছিলো ৷ কোনোৱে অদৰকাৰী কথা বুলি ফালৰি কাটিছিল , কোনোৱে বিষয়টো চালি জাৰি চোৱাৰ আশ্বাস দিছিল , কোনোৱে আইনী সাহায্যৰ ব্যৱস্থা কৰাৰ কথা কৈছিল ৷ দুমাহ পাছত প্ৰায় নিশ্চিত হৈছো যে ইয়াৰে কোনো এটাই হৈ উঠা নাই ৷

বৰ্ষাশ্ৰী ১৮ বছৰীয়া এজনী ছোৱালী ৷ এই ১৮ – ১৯-২০ বছৰ বয়সতেই পৃথিৱী সলনি কৰি দিয়াৰ সপোন দেখা যায় ৷ এই ১৮ – ১৯-২০ বছৰ বয়সতেই হাজাৰ হাজাৰ ল’ৰা – ছোৱালী আলফালৈ গৈছে আৰু নিহত হৈছে ৷ কেতিয়াবা নিৰাপত্তা বাহিনীৰ গুলীত , কেতিয়াবা আভ্যন্তৰীণ সংঘাতত ৷ সামাজিক সংগঠনবোৰৰ ভূমিকা যেতিয়া হতাশাজনক হৈ পৰে , সমাজৰ চৌপাশ যেতিয়া আস্থাহীন হৈ পৰে , নেতাৰ আপোচকামিতা যেতিয়া বাৰে বাৰে উন্মুক্ত হৈ পৰে , তেতিয়াই নিষিদ্ধ পথত যোগ দি অন্যায়- অবিচাৰৰ বিৰুদ্ধে নিজে যুদ্ধ কৰাৰ কথা ভাৱে ১৮-১৯-২০ বছৰৰ ল’ৰা ছোৱালীবোৰে ৷ তাতেই যেতিয়া নিষিদ্ধঘোষিত নেতাৰ ঘন্টাজোৰা সাক্ষাৎকাৰ টেলিভিছনযোগে সম্প্ৰচাৰ হয় , সেই সাক্ষাৎকাৰত নিষিদ্ধ পথৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা কোৱাৰ সুযোগ দিয়া হয় , তেতিয়া এই ল’ৰা – ছোৱালীবোৰৰ নিষিদ্ধ ঘোষিত পথৰ প্ৰতি আগ্ৰহ কেবাগুণ বৃদ্ধি পায় ৷সেই পন্থাত তেওঁলোক পতিয়ন যায় ৷ এইখিনি ঠিক আৱেগিক কথাই ৷

মূল কথাটো হ’ল , বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে ইউ এ পি এ আইনৰ অধীনত ৷ বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা এই ইউ এ পি এ আইনৰ ব্যাপক সংশোধন কৰা হৈছে ৷ ব্যক্তিবিশেষকো সন্ত্ৰাসবাদী সজোৱাৰ পথ মুকলি কৰি লোৱা হৈছে ৷২০২০ চন পৰ্যন্ত ভাৰতবৰ্ষত ইউ এ পি এ আইনৰ অধীনত প্ৰায় ২৩ হাজাৰ গোচৰৰ বিচাৰ চলি আছে ৷ ২০১৪ চনৰ পৰা ২০২০ চনৰ ভিতৰত ইউ এ পি এৰ অধীনত ৰুজু হৈছে ৬,৯০০ টা নতুন গোচৰ ৷ এই গোচৰসমূহৰ আন এটা উদ্বেগজনক দিশ আছে ৷ ২০১৬ৰ পৰা ২০১৯ ৰ ভিতৰত ইউ এ পি এৰ অধীনত ৪,২৩১ টা গোচৰ ৰুজু কৰা হৈছে ৷ ইয়াৰে মাত্ৰ ১১২ টা গোচৰতহে অভিযুক্ত দোষী প্ৰমানিত হৈছে ৷ ১৮৭ টা গোচৰত অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ কিন্তু ৮৩ শতাংশ গোচৰেই আছে অনুসন্ধানৰ পৰ্যায়ত ৷ যাৰ বাবে হাজাৰ হাজাৰ অভিযুক্তই কাৰাগাৰত দিন কটাবলগীয়া হৈছে ৷ এক কথাত শত্ৰু বুলি শাসকে গণ্য কৰা বা সন্দেহ কৰা যিকোনো লোকক দীৰ্ঘদিনলৈ কাৰাবন্দী কৰি ৰখাৰ এক কৌশলত পৰিণত হৈছে ইউ এ পি এ আইনৰ প্ৰয়োগ ৷ অখিল গগৈৰে ক্ষেত্ৰতো সেয়াই ঘটিছিল ৷আদালতে দোষমুক্ত ঘোষণা নকৰালৈকে ইউ এ পি এ আইনৰ অধীনত ডেৰ বছৰ কাৰাবন্দী হৈ আছিল অখিল গগৈ ৷

মহাৰাষ্ট্ৰত ২০১২ চনৰ আগষ্ট মাহতেই গ্ৰেপ্তাৰ কৰা হৈছিল মহম্মদ ইলিয়াছ আৰু মহম্মদ ইৰফান নামৰ দুজন যুৱকক ৷ লস্কৰ ই তৈবাৰ লগত যোগাযোগ থকাৰ সন্দেহত তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছিল ইউ এ পি এ আইন ৷ প্ৰায় ৯ বছৰ কাৰাগাৰত দিন কটোৱাৰ পাছত ২০২১ চনৰ জুন মাহত তেওঁলোকক আদালতে দোষমুক্ত ঘোষণা কৰে ৷ এয়াই হৈছে ইউ এ পি এ আইনৰ শক্তি ৷

অসম আৰক্ষীৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ ‘ বুলি কোৱাৰ অপৰাধতে বৰ্ষাশ্ৰীক ইউ এ পি এ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰ্ষাশ্ৰীয়ে হেনো এইশাৰী বাক্যৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৷ ইউ এ পি এ আইনৰ শক্তিও ইমানেই যে এষাৰী বাক্যৰ আধাৰতে বৰ্ষাশ্ৰীক দুমাহ নহয় , কেবাবছৰ বন্দী কৰি ৰাখিব পাৰে ৷ গতিকে , বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীও এই আইনৰ অপপ্ৰয়োগৰ বিৰোধিতাৰ আধাৰতে উত্থাপণ হ’ব লাগিব ৷ বৰ্ষাশ্ৰী সৰু ছোৱালী ,বৰ্ষাশ্ৰীৰ পৰীক্ষা চলি আছে , বৰ্ষাশ্ৰী আৱেগত কবিতা লিখা ছোৱালী , গতিকে বৰ্ষাশ্ৰীক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুনয় – বিনুনয় কৰা – এই আটাইবোৰ দাবীয়েই ভিত্তিহীন ৷ বৰ্ষাশ্ৰীয়ে আৱেগত কিবা লিখিছে কিন্তু আৱেগত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এখন কঠোৰ আইনৰ অধীনত ৷ যি আইনক বহুতেই ক’লা আইন আখ্যা দিছে ৷ গতিকে আৱেগক আধাৰ কৰি , আৱেগিক কথাৰে বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী উত্থাপণ কৰাৰ সলনি এখন নৃশংস আইনৰ অপপ্ৰয়োগৰ বিৰোধিতাৰে তেওঁৰ মুক্তিৰ দাবী উত্থাপণ কৰাটোহে নাগৰিক সমাজৰ কৰ্তব্য হোৱা উচিত ৷ অন্যথা বৰ্ষাশ্ৰী বাবে চকুলো বোৱাই লাভ নাই ৷ যদিহে আইনৰ নৃশংস অপপ্ৰয়োগৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ সাহস গোটাব নোৱাৰো ৷

Leave A Reply

Your email address will not be published.