ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?

Share This Article

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত।নিশা প্ৰায় ৭ ঘণ্টা জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক ।ইডিৰ অভিযানত মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা জব্দ কৰা হয় নগদ ২১ কোটি টকা আৰু ৫০ লাখ টকাৰ সোণৰ গহনাকে আদি কৰি অন্য বহু সম্পত্তি।
পশ্চিম বংগত সংঘটিত হোৱা শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত শুক্ৰবাৰে ওৰে নিশা ইডিয়ে জেৰা কৰিছিল পশ্চিম বংগৰ মন্ত্ৰী পার্থ চেটাৰ্জীক ।শুক্ৰবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা অভিযান চলিছিল শণিবাৰে পুৱালৈ অব্যাহত থাকে ৷ অৱশেষত ইডিয়ে আজি গ্ৰেপ্তাৰ কৰে পাৰ্থ চেটাৰ্জীক।পশ্চিম বংগত সংঘটিত হোৱা এই শিক্ষক নিযুক্তি কেলেংকাৰীৰ সময়ত পশ্চিমবংগৰ শিক্ষা মন্ত্ৰী আছিল পাৰ্থ চেটাৰ্জী ৷

মন্ত্ৰীৰ ঘণিষ্ঠ কোন এই অৰ্পিতা ?

অৰ্পিতা মুখাৰ্জী পেছাত মডেল তথা অভিনেত্ৰী। বহুকেইখন জনপ্ৰিয় চিনেমাত অভিনয় কৰিছিল এইগৰাকী অৰ্পিতা মুখাৰ্জীয়ে। তামিল চলচ্চিত্ৰত অভিনয় কৰাৰ পৰা টলিউডত কাম কৰালৈকে এই সকলো ক্ষেত্ৰতে সহায়ক হিচাপে আছিল পাৰ্থ চেৰ্টাজী। কিন্তু বঙালী চিনেমাত বিশেষ খ্যাতি লাভ কৰিব পৰা নাছিল অৰ্পিতা মুখাৰ্জীয়ে। অভিযোগ অনুসৰি অৰ্পিতা মুৰ্খাজীৰ লগতে বহু ঘনিষ্ঠ ব্যক্তিৰ নামত নামে-বেনামে সম্পত্তি গঢ়িছিল পাৰ্থ চেটাৰ্জীয়ে ৷

কি এই এছ এছ চি কেলেংকাৰি ?

পশ্চিমবংগত পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ চমুকৈ WBSSCৰ দ্বাৰা বিদ্যালয়সমূহত তৃতীয় বৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। তথ্য অনুসৰি নিয়োগ প্ৰক্ৰিয়াত ৩৮১ গৰাকী প্ৰৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে কিন্তু ইয়াৰে ২২১ জন প্ৰাৰ্থীৰ নাম নিযুক্তি পেনেলত স্থান পোৱা নাছিল। আনকি ৱেইটিং নিষ্টতো নাম নাছিল এই প্ৰাৰ্থীসকলৰ।
উল্লেখযোগ্য যে, কলিকতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন সমিতিয়ে এই কেলেংকাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ চমুকৈ WBSSC ৰ দ্বাৰা বিদ্যালয়সমুহত তৃতীয় বৰ্গৰ কৰ্মচাৰী নিয়োগত অনিয়ম সংঘটিত হোৱাৰ কথা উল্লেখ কৰে। প্ৰতিবেদনখন কলিকতা উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ সন্মুখত দাখিল কৰা হৈছিল।অনুসন্ধানত স্পষ্ট হৈ পৰে যে নিয়োগ প্ৰক্ৰিয়াত ৩৮১ গৰাকী প্ৰৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে কিন্তু ইয়াৰে ২২১ জন প্ৰাৰ্থীৰ নাম নিযুক্তি পেনেলত নাছিল। আনকি ৱেইটিং লিষ্টতো নাম নাছিল এই প্ৰৰ্থীসকলৰ। সেইসময়ত পশ্চিমবংগৰ শিক্ষামন্ত্ৰী আছিল পাৰ্থ চেটাৰ্জী। এই কেলেংকাৰী এতিয়া মমতা বেনাৰ্জীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.