বাজপেয়ীৰ পৰা সৎ আৰু নিকা আদর্শ নিশিকিলে কিয় বিজেপিয়ে?

Share This Article

বহুতেই কয়,ভাজপেয়ী ভালেই৷কিন্তু দল ভাল নহয়৷সেই কথা সংসদৰ মজিয়াত এদিন নিজেই কৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷সেই কথাকেই সচা প্ৰমাণ কৰি আহিছে নেকি বিজেপিয়ে?গণতন্ত্ৰৰ এক অশুভ পৰম্পৰা,হর্ছ ট্ৰেডিং৷ৰাজ্যসভা নির্বাচনত এইবাৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে হর্ছ ট্ৰেডিংৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে৷ৰাজ্যসভা নির্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছী বিধায়কক মিত্ৰজোটৰ প্ৰার্থীক ভোট দিবলৈ আহ্বান জনোৱাৰ ওপৰিও মুখ্যমন্ত্ৰীয়ে ৰহাৰ কংগ্ৰেছী বিধায়কৰ ঘৰলৈও গৈছে৷কিন্তু ৰাজ্যসভাৰ এখন মাত্ৰ এখনৰ বাবে আজিৰ অসম বিজেপিয়ে এনে কার্যৰ আশ্ৰয় লোৱাৰ বিপৰীতে এটা মাত্ৰ ভোটৰ বাবে প্ৰধানমন্ত্ৰী পদৰ পৰাই পদত্যাগ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে৷মাত্ৰ ১৩ টা দিনৰ কার্যকালৰ পিছত পদত্যাগ কৰা অটল বিহাৰী বাজপেয়ীয়ে নিশ্চিতভাবে আশ্ৰয় লব পাৰিলেহেতেন হর্ছ ট্ৰেডিংৰ৷কিন্তু সেই অশুভ ৰাজনীতিৰ পৰা আতৰি আছিল বাজপেয়ী৷ সৱিশেষ চাওঁক পলিটিক্স অফ দ্য ডেত ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.