Investigative reporting with dedication.

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। অহা ৩০ অক্টোবৰত ৰাজ্যৰ তামুলপুৰ, গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইয়াৰ পিছতে ২ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰিছে দেশৰ নিৰ্বাচন আয়োগে। ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এতিয়া পুনৰ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। অৱশ্যে মাজুলীৰ বিধায়ক পদৰ পৰা সোণোৱালে এতিয়াও পদত্যাগ কৰা নাই।




