অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?

১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷

বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিনেশ্যন সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যালয়ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে৷ ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজিহে চূড়ান্ত সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ অৱশ্যে কলকাতালৈ ১৫৯৮ টা ছেম্পল পঠিওৱা হৈছিল যদিও সকলো ৰিপৰ্ট আহি পোৱা নাই৷ ২৪ ঘণ্টাত ৰাজ্যত ৫৯১ জন আক্ৰান্ত হৈছে। সৰ্বাধিক কামৰুপ(ম)তে ২৮০ জন নতুনকৈ আক্ৰান্ত হৈছে। যোৱা দুদিনত ক্ৰমান্বয়ে বৃদ্ধি কভিড ৰোগী সংখ্যা মহানগৰখনত। বৰ্তমানৰলৈকে ৰাজ্যত ৮৫৩৯ খন বিচনা সাজু কৰা হৈছে৷ তাৰে ৯৩৫ খন আইচিইউ বিচনা সাজু কৰা হৈছে। গুৱাহাটীৰ জিএমচিএইচত ক’ভিডৰ বাবে ১২৮টা কেবিন থকাৰ লগতে এমএমচিএইচত ২০০ক’ভিড বিচনা সাজু হৈ আছে৷ সৰুসজাই ৩০০বিচনা থকাৰ উপৰিও ১৬ জনক ইতিমধ্যে ভৰ্তি হৈছে৷ লগতে কেশৱ মহন্তই কয়, ৰাজ্যত ফেব্ৰুৱাৰী ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮বছৰৰ ভেকচিন প্ৰক্ৰিয়া৷ ইতিমধ্যে ১০ লাখ টেষ্টিং কিটছ অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ কিটছ ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296