সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?

১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷

বুধবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু ভেকচিনেশ্যন সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্যালয়ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে৷ ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজিহে চূড়ান্ত সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ অৱশ্যে কলকাতালৈ ১৫৯৮ টা ছেম্পল পঠিওৱা হৈছিল যদিও সকলো ৰিপৰ্ট আহি পোৱা নাই৷ ২৪ ঘণ্টাত ৰাজ্যত ৫৯১ জন আক্ৰান্ত হৈছে। সৰ্বাধিক কামৰুপ(ম)তে ২৮০ জন নতুনকৈ আক্ৰান্ত হৈছে। যোৱা দুদিনত ক্ৰমান্বয়ে বৃদ্ধি কভিড ৰোগী সংখ্যা মহানগৰখনত। বৰ্তমানৰলৈকে ৰাজ্যত ৮৫৩৯ খন বিচনা সাজু কৰা হৈছে৷ তাৰে ৯৩৫ খন আইচিইউ বিচনা সাজু কৰা হৈছে। গুৱাহাটীৰ জিএমচিএইচত ক’ভিডৰ বাবে ১২৮টা কেবিন থকাৰ লগতে এমএমচিএইচত ২০০ক’ভিড বিচনা সাজু হৈ আছে৷ সৰুসজাই ৩০০বিচনা থকাৰ উপৰিও ১৬ জনক ইতিমধ্যে ভৰ্তি হৈছে৷ লগতে কেশৱ মহন্তই কয়, ৰাজ্যত ফেব্ৰুৱাৰী ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮বছৰৰ ভেকচিন প্ৰক্ৰিয়া৷ ইতিমধ্যে ১০ লাখ টেষ্টিং কিটছ অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ কিটছ ৷

- Donation -

Leave A Reply

Your email address will not be published.