বানপীড়িতৰ ছাত্ৰ-ছাত্ৰীলৈ দুহাজাৰ টকাকৈ ক্ষতিপূৰণৰ দাবী ছাত্ৰ মুক্তিৰ

Share This Article

চলিত ২০২২ বৰ্ষৰ মে’ আৰু জুন মাহৰ ভিতৰতে দুবাৰকৈ প্ৰলয়ংকাৰী বানৰ কবলত আক্ৰান্ত হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। নেৰানেপেৰা প্ৰৱল বৰষুণ আৰু একে সময়তে ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলত নিৰ্মিত জলবোমা সদৃশ বৃহৎ নদীবান্ধবোৰৰ পানী এৰাৰ ফলত ৰাজ্যত এইবাৰ অভূতপূর্ব বান পৰিস্থিতিৰ সৃষ্টি হৈছে। পঞ্চাশ লক্ষাধিক লোক বানৰ কৱলত পৰিছে, বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতি-বাতি, পশু-পক্ষীকে ধৰি মুল্যবান সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। শেহতীয়া বানত এতিয়ালৈ ১৮৪ জন লোকে প্রাণ হেৰুৱাৰ লগতে প্রায় ৩৪ লাখ পশুধন আৰু অন্যান্য পশু-পক্ষী বানৰ কৱলত পৰিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উভয়তে চলা বানৰ তাণ্ডৱে ৰাজ্যৰ স্বাভাৱিক জনজীৱন তচনচ কৰি পেলাইছে। ৰাজ্যত এতিয়া কেইবা শতাধিক বিদ্যালয়-মহাবিদ্যালয় পানীৰ তলতে থাকিবলগীয়া অৱস্থা হৈছে। তদুপৰি ৰাজ্যত এতিয়াও প্রায় ৮২ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যত হোৱা প্রলয়ংকাৰী বানৰ ফলত অসমৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ কিতাপ বহী বানত উটি যোৱাৰ উপৰিও বিদ্যালয়সমূহৰ আচবাব নথিপত্ৰ আদি বানপানীত জাহ গৈছে। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ, দেৱব্ৰত শইজকীয়া, কাৰ্যকৰী সভাপতি পাপু দত্ত, কাশ্যপ নন্দন কলিতা আৰু সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, ৰাহুল চেত্ৰীয়ে সংবাদ মাধ্যমক প্ৰেৰণ কৰা গ্ৰেছ বিবৃতি যোগে বানপানীত ক্ষতিগ্ৰস্তৰ অনুপাতে চৰকাৰী বান সাহায্য সামগ্রী পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।
এনে এক প্ৰেক্ষাপটত ক্ষতিৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলক কিতাপ বহী কিনাৰ বাবদ ২,০০০ টকাৰ ক্ষতিপূৰ্ণ দিয়াৰ ব্যৱস্থা কৰা, বানপানীৰ ফলত প্ৰভাৱিত হোৱা বিদ্যালয়-মহাবিদ্যালয়ৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে দহ লাখ টকাকৈ সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰা, বানপানীয়ে ছিঙি নিয়া আৰু ক্ষতিগ্ৰস্ত কৰা নদীৰ মথাউৰিসমূহ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰা, অসম চৰকাৰৰ সাহাৰ্য্য নিয়মাৱলী (Assam Relief Manual-1976) অনুসৰি শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অতিশীঘ্ৰে বান সাহাৰ্য্য প্রদান কৰা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিতে৷মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি সংগঠনটোয়ে বান সমস্যাৰ স্থায়ী সমাধান আৰু প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত কেন্দ্ৰীয় পুঁজি আৰু কাৰিকৰী প্ৰযুক্তিৰ ব্যৱস্থা নিশ্চিত কৰা,ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ভূটান চৰকাৰৰ মাজত ত্রিপাক্ষিক আলোচনাৰ দ্বাৰা ভূটানৰ নদীবান্ধৰ পৰা কোনো আগতীয়া জাননী নিদিয়াকৈ পানী এৰি দিয়া বিষয়টোত হস্তক্ষেপ কৰি শীঘ্ৰে বাধা আৰোপ কৰা, নদীবান্ধৰ পানী এৰি দিবলৈ বিকল্প পথৰ সন্ধানৰ ক্ষেত্ৰত আলোচনা আৰু কেন্দ্ৰৰ পৰা অতি কমেও ১০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজৰ দাবী দাবী তুলিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.