২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী আক্ৰান্ত ক’ভিডত, মৃত্যু ৫ জনৰ

Share This Article

বিগত ২৪ ঘণ্টাত ৰাজ্যত ২৭০৯ জন ৰোগী নতুনকৈ আক্ৰান্ত হয় কোভিড-১৯ত। মৃত্যু হয় ৫ জন ৰোগী। মৃত্যু হোৱা ৰোগী কেইজন যোৰহাট, কামৰূপ(ম),মৰিগাঁও আৰু নলবাৰী জিলাৰ। সৰ্বাধিক কামৰূপ(ম)৯১২ জন, যোৰহাটত ২৫৭ জন, ডিব্ৰুগড়ত ১৮০ জন আৰু কাছাৰত ১৫৯ জন ৰোগী আক্ৰান্ত হয়।

দেওবাৰে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা আছিল ১২২৩ জন। বৰ্তমানৰলৈকে অসমত ৬,১৯,৯২৪ জন ৰোগী কোভিড-১৯ত আৰোগ্য হৈছে। লগতে অসমত বৰ্তমানৰলৈকে ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ মতে, ৩,৯৮,১২,৭১৩ টা ক’ভিড ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰে ২,২৮,৬৩,৪২১ টা  প্ৰথম পালি,  ১,৬৯,০৬,৮৮৪ টা  দ্বিতীয় পালি আৰু ৪২,৪০৮ টা বুষ্টাৰ ডজ প্ৰদান কৰা হৈছে। দেওবাৰৰ দিনটোত মুঠ ৩৭,১২২ জন লোকক টিকাকৰণ কৰা হল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.