সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা” প্ৰদান অনুষ্ঠান

আজি বিয়লি ৩ বজাত ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৰাজ্যৰ সৰ্বোচ্চ “ৰাজ্যিক অসামৰিক বঁটা”৷ ”অসম বৈভৱ”, “অসম সৌৰভ”, “অসম গৌৰৱ” এই তিনিটা সন্মান প্ৰদান কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে। মানৱ সেৱা, লোকসেৱা, স্বাস্থ্য, শিক্ষা, উদ্যাগ, কৃষি আদি ক্ষেত্ৰলৈ অসামান্য অৱদানৰ বাবে ১৯ ব্যক্তিলৈ স্বীকৃতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ অসম বৈভৱ বঁটাত এখন প্ৰমান পত্ৰ, পদক আৰু ৫ লাখ টকা, অসম সৌৰভ বঁটাত এখন প্ৰমাণ পত্ৰ, পদক আৰু ৪ লাখ টকা, অসম গৌৰৱ বঁটাত প্ৰমাণ পত্ৰ, পদক আৰু নগদ ৩ লাখ টকা থাকিব। বিশিষ্ট উদ্যাগপতি তথা সমাজসেৱক ৰতন নৱাল টাটালৈ অসম বৈভৱ বঁটা আগবঢ়োৱা লগতে অসম সৌৰভ বঁটা ড০ কমলেন্দু দেৱ ক্ৰোৰী, ডা০ লক্ষ্মণন এছ, দীপক চান্দ, লাভলীনা বৰগোহাঁই, চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ আগবঢ়াব। অসম গৌৰৱ বঁটা মুনিদ্ৰ নাথ স্কাটে, ডাঃ বসন্ত হাজৰীকা, আকাশ জ্যোতি গগৈ, মনোজ কুমাৰ বসুমতাৰী, খৰছিং তেৰাং, ববী হাজৰীকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বাৰ্মিতা মমিন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো, ডাঃ আছিফ ইকবাললৈ প্ৰদান কৰিব।
উল্লেখ্য যে, এই বঁটা প্ৰদান কাৰ্য্যসূচীত শাৰিৰীক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিব ৰতন টাটা। বঁটা প্ৰদানত উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷

Leave A Reply

Your email address will not be published.