কোভিড ফাইলছঃ অসমৰ সংবাদ পত্ৰৰ কি ভূমিকা ?

Share This Article

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ ধাৰাবাহিক বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লকডাউনৰ পূৰ্বে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে অত্যাধিক দৰত ছেনিটাইজাৰ আৰু পি পি ই কীট যোগান ধৰাৰ তথ্য ফাদিল হোৱাৰ পাছতে সৰৱ হৈ উঠিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ কংগ্ৰেছ , অসম জাতীয় পৰিষদ , আম আদমি পাৰ্টী , ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰি কোভিডৰ সময়ত পি পি ই কীট যোগানৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ ইফালে , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক স্পষ্টীকৰণ আগবঢ়াই কয় যে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পি পি ই কীট দানহে দিছিল , যোগানৰ ঠিকা লোৱা নাছিল ৷ পি পি কীট , ছেনিটাইজাৰ যোগানৰ ঠিকাৰ বিতৰ্ক সন্দৰ্ভত অসমৰ বাতৰি কাকত কি ভূমিকা ল’লে , সেই সন্দৰ্ভত এই প্ৰতিবেদন –

‘অসমীয়া প্ৰতিদিন’ কাকতে বিৰোধীৰ সংবাদমেলৰ বাতৰি বিস্তৃতভাৱে প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ স্পষ্টীকৰণো প্ৰকাশ কৰিছে ৷

crosscurrent

 

‘দৈনিক জনমভূমি’ কাকতে প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে যদিও বিৰোধীৰ সংবাদমেল আৰু কোভিড প্ৰতিৰোধী সামগ্ৰী যোগানত সংঘটিত অনিয়ম সন্দৰ্ভত কোনো বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা নাই ৷

 

‘নিয়মীয়া বাৰ্তা’ কাকতৰ প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য প্ৰকাশ পাইছে যদিও বিৰোধীৰ সংবাদমেল সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ পোৱা নাই ৷

 

‘আমাৰ অসম’ কাকতত প্ৰথম পৃষ্ঠাত মূল শিৰোনাম হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা বক্তব্য উল্লেখ কৰা হৈছে ৷ কিন্তু তাৰ লগত ভাববোধক দিন সংলগ্ন কৰা হৈছে ৷ বাতৰিটোত বিৰোধীৰ বক্তব্যও সন্নিৱিষ্ট কৰা হৈছে ৷

crosscurrent

 

‘দৈনিক অসম’ আৰু ‘অসমীয়া খবৰ’ কাকতে প্ৰথমপৃষ্ঠাত পি পি ই কীট , ছেনিটাইজাৰ যোগান সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.