সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোভিড ফাইলছঃ অসমৰ সংবাদ পত্ৰৰ কি ভূমিকা ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ ধাৰাবাহিক বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে লকডাউনৰ পূৰ্বে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰা , মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তিয়ে অত্যাধিক দৰত ছেনিটাইজাৰ আৰু পি পি ই কীট যোগান ধৰাৰ তথ্য ফাদিল হোৱাৰ পাছতে সৰৱ হৈ উঠিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ কংগ্ৰেছ , অসম জাতীয় পৰিষদ , আম আদমি পাৰ্টী , ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰি কোভিডৰ সময়ত পি পি ই কীট যোগানৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ ইফালে , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক স্পষ্টীকৰণ আগবঢ়াই কয় যে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পি পি ই কীট দানহে দিছিল , যোগানৰ ঠিকা লোৱা নাছিল ৷ পি পি কীট , ছেনিটাইজাৰ যোগানৰ ঠিকাৰ বিতৰ্ক সন্দৰ্ভত অসমৰ বাতৰি কাকত কি ভূমিকা ল’লে , সেই সন্দৰ্ভত এই প্ৰতিবেদন –

‘অসমীয়া প্ৰতিদিন’ কাকতে বিৰোধীৰ সংবাদমেলৰ বাতৰি বিস্তৃতভাৱে প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ স্পষ্টীকৰণো প্ৰকাশ কৰিছে ৷

- Donation -

crosscurrent

 

‘দৈনিক জনমভূমি’ কাকতে প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে যদিও বিৰোধীৰ সংবাদমেল আৰু কোভিড প্ৰতিৰোধী সামগ্ৰী যোগানত সংঘটিত অনিয়ম সন্দৰ্ভত কোনো বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা নাই ৷

 

‘নিয়মীয়া বাৰ্তা’ কাকতৰ প্ৰথম পৃষ্ঠাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য প্ৰকাশ পাইছে যদিও বিৰোধীৰ সংবাদমেল সন্দৰ্ভত কোনো বাতৰি প্ৰকাশ পোৱা নাই ৷

 

‘আমাৰ অসম’ কাকতত প্ৰথম পৃষ্ঠাত মূল শিৰোনাম হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা বক্তব্য উল্লেখ কৰা হৈছে ৷ কিন্তু তাৰ লগত ভাববোধক দিন সংলগ্ন কৰা হৈছে ৷ বাতৰিটোত বিৰোধীৰ বক্তব্যও সন্নিৱিষ্ট কৰা হৈছে ৷

crosscurrent

 

‘দৈনিক অসম’ আৰু ‘অসমীয়া খবৰ’ কাকতে প্ৰথমপৃষ্ঠাত পি পি ই কীট , ছেনিটাইজাৰ যোগান সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ কৰা নাই ৷

Leave A Reply

Your email address will not be published.