শিক্ষানুষ্ঠানত অচলাৱস্থা- বিগত ৫ বছৰত কিমান শিক্ষার্থী বাঢ়িল,কিমান শিক্ষক কমিল?

Share This Article

হঠকাৰীভাবে ৬৫ গৰাকী শিক্ষকক অব্যাহতি দিয়া ঘটনাই কেৱল শিক্ষক কেইগৰাকীকেই এতিয়া বিপদত পেলোৱা নাই৷বিপদত পেলাইছে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলকো,অচল হৈ পৰিছে বিশ্ববিদ্যালয় খনৰ প্ৰায় ১০ টা গুৰুত্বপূর্ন বিভাগ৷স্থা্যী শিক্ষকৰ অভাবত প্ৰায় প্ৰতিটো বিভগতে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে চলাই নিয়া হৈছিল পাঠদান প্ৰক্ৰিয়া৷পৰিণতিত তেওলোকক অব্যাহতি দিয়াৰ পিছতেই এতিয়া শিক্ষক সংকটত ভুগিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দহটাতকৈ অধিক বিভাগ৷শিক্ষক সংকতত ভুগিছে বানিজ্য,সমাজবিজ্ঞান,কম্পিউটাৰ বিজ্ঞান আদিৰ দৰে কেইবাটাও গুৰুত্বপূর্ণ বিভাগ৷

ঠিকাভিত্তিক শিক্ষকক অব্যাহতিৰ পিছতেই এতিয়া অচল হৈ পৰাৰ দিশে ৰাজ্যৰ শ শ মহবিদ্যালয়-বিশ্ববিদ্যালয়৷কাৰন ৰাজ্যৰ প্ৰতিখন কলেজ,বিশ্ববিদ্যালয়েই এতিয়া চলি আছে ঠিকাভিত্তিক শিক্ষকক নির্ভৰ কৰি৷ডিব্ৰুগড় বিশ্ববিদ্যলয়ত নিযুক্ত হৈ আছে ১০০ ৰো অধিক ঠিকাভিত্তিক শিক্ষক৷কটন বিশ্ববিদ্যালয়ত নিযুক্ত হৈ আছে প্ৰায় ৮০ গৰাকী ঠিকাভিত্তিক শিক্ষক৷একেদৰে গুৱাহাটী কমার্চ কলেজত নিযুক্ত হৈ আছে ১৮ জন ঠিকাভিত্তিক শিক্ষক৷এয়া মাত্ৰ উদাহৰণহে৷স্থা্যী শিক্ষকৰ অভাবত এতিয়া এনেদৰেই চলি আছে অসমৰ প্ৰতিখন কলেজ বিশ্ববিদ্যালয়৷

অল ইণ্ডিয়া ছার্ভে অন হায়াৰ এডুকেশ্যন ২০১৯-২০ ৰ তথ্য অনুসৰি-অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত নিযুক্ত হৈ আছে সর্বমুঠ ২৩০৮০ গৰাকী শিক্ষক৷কিন্তু ইয়াৰে ১৭৩৯ গৰাকী শিক্ষকেই অংশকালীন শিক্ষক৷অন্যহাতে অসমৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ কলেজ সমুহত নিযুক্ত হৈ আছে সর্বমুঠ ১৮১১০ গৰাকী শিক্ষক৷কিন্তু ইয়াৰে ১৫২৯ গৰাকী শিক্ষক অংশকালীন শিক্ষক৷আনহাতে একেই প্ৰতিবেদন অনুসৰি,অসমত শিক্ষক আৰু ছাত্ৰৰ অনুপাতো মুঠেই সন্তোষজনক নহয়৷অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত প্ৰতি ২৮ গৰাকী শিক্ষার্থীৰ বিপৰীতে আছে এজনকৈ শিক্ষক৷একেদৰে অসমৰ কলেজ আৰু বিশ্ববিদ্যালয় সমূহত প্ৰতি এজন শিক্ষকৰ বিপৰীতে আছে ৩৫ জন শিক্ষার্থী৷অন্যহাতে দীর্ঘদিন ধৰি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমুহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও প্ৰায় বন্ধ হৈ ৰোৱাৰ দৰেই৷২০১৫-১৬ বর্ষত অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত নিযুক্ত হৈ আছিল সর্বমুঠ ২২৪৮২ গৰাকী শিক্ষক৷অৱসৰৰ হেতু ২০১৬-১৭ বর্ষত শিক্ষকৰ সংখ্যা কমি আহিল ২১১৮৯ গৰাকীলৈ৷২০১৭-১৮ বর্ষত হ্ৰাস পালে ১৯৭২৮ গৰাকীলৈ৷২০১৯-২০ বর্ষত অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত শিক্ষকৰ সংখ্যা হ’লগৈ ২৩০৮০ গৰাকী৷অর্থাৎ বিগত ৫ বছৰত ছাত্ৰৰ সংখ্যা বহুগুণে বৃদ্ধি হল যদিও,শিক্ষক বৃদ্ধি হল মাত্ৰ ৫৯৮ গৰাকী৷
অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহত শিক্ষকৰ নাটনিৰ সময়ত ঠিকাভিত্তিক শিক্ষক সকলেই আছিল কলেজ-বিশ্ববিদ্যালয় সমুহৰ একমাত্ৰ সাৰথি৷কিন্তু ঠিকাভিত্তিক শিক্ষক সকলক অব্যাহতি দিয়া প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে,ৰাজ্যৰ প্ৰতিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানেই এতিয়া গতি কৰিছে ব্যাপক অচলাৱস্থাৰ দিশে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.