সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ আন এটা বিস্ফোৰক খবৰ

পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক’লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক পানচাৰীৰ দখলৰ ভূমি বেদখলমুক্ত হ’বনে ? ৰয়েল গ্ৰুপৰ পৰা কাঢ়িব পাৰিবনে ৫ বিঘা মাটি ?

দ্য ক্ৰছকাৰেণ্টৰ ধাৰাবাহিক অনুসন্ধানত পোহৰলৈ আহিছে অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ এটা এটা বিস্ফোৰক তথ্য ৷ জিঞ্জাৰ হোটেল , নেৰিম , এক্সেলকেয়াৰ হাস্পতাললৈ চৰকাৰী ভূমি আবণ্টনৰ অধ্যায় ফাদিল হোৱাৰ পাছত এই প্ৰতিবেদনত উন্মোচন হ’ব এজন পুঁজিপতি ব্যৱাসয়ীৰ ভূমি বেদখলৰ অকথিত অধ্যায়। নাম – অশোক পানচাৰী, পেছা – ৰয়েল গ্ৰুপৰ স্বত্বাধিকাৰী।

- Donation -

মহানগৰীৰ বেতকুছিত থকা ৰয়েল গ্ল’বেল স্কুলৰ স্বত্বাধিকাৰী হ’ল অশোক পানচাৰী ৷ এইগৰাকী পুঁজিপতি ব্যৱসায়ীয়ে মহানগৰীৰ বেতকুছিত দখল কৰি আছে অসম ভূদান – গ্ৰামদান বোৰ্ডৰ মুঠ ৫ বিঘা ১ কঠা ৫ লেচা ভূমি ৷ দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ পৰা আমি লাভ কৰা তথ্য অনুসৰি , বেলতলা মৌজাৰ বেতকুছিত অসম ভূদান – গ্ৰামদান বোৰ্ডৰ আছে মুঠ ১২ বিঘা মাটি ৷ ইয়াৰে ৯৭৬ , ৯৭৭ , ৯৮৪ আৰু ৯৮৫ নং দাগত আছে ৫ বিঘা ১ কঠা ৫ লেচা ভূমি ৷ এই মূল্যবান ভূমি বেদখল কৰি আছে ৰয়েল গ্ৰুপৰ অশোক পানচাৰী নামৰ ব্যৱসায়ীগৰাকীয়ে ৷ মহানগৰীৰ আই এছ বি টিৰ সন্মুখত থকা এই ৫ বিঘা ১ কঠা ৫ লেচা ভূমিৰ মূল্য কিমান কৌটি টকা হ’ব পাৰে , আপুনি এবাৰ কল্পনা কৰি চাওক ৷ এই কেবাকৌটি টকীয়া ভূমি বেদখল কৰিয়েই কৌটি টকীয়া ব্যৱসায় চলাই আছে ৰয়েল গ্ৰুপৰ স্বত্বাধিকাৰী অশোক পানচাৰীয়ে ৷
https://www.facebook.com/watch/?v=2634800776538710

অসম ভূমি অধিগ্ৰহণ বিভাগৰ সঞ্চালক আনন্দ কুমাৰ দাসে কামৰূপ মহানগৰ কিলাত উপায়ুক্তলৈ ২০২১ চনৰ ৩০ জুলাইত লিখা পত্ৰত এইবুলি উল্লেখ কৰিছে যে ভূদান বোৰ্ডৰ বিভিন্ন দাগত থকা মাটি বেদখল হৈ আছে ৷ ইয়াৰ ভিতৰত ৯৭৬ দাগৰ কথাও উল্লেখ আছে ৷ সেইবাবেই কামৰূপ মহানগৰৰ উপায়ুক্তক এই বিষয়ত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ভূমি অধিগ্ৰহণ বিভাগৰ পৰা ৷ কিন্তু আজিও এই ভূমি ৰয়েল গ্ল’বেল গ্ৰুপৰ স্বত্বাধিকাৰী অশোক পানচাৰীৰ দখলতেই আছে ৷ চৰকাৰী ভূমিৰ পৰা দুখীয়া লোকক বুলডিজাৰ লগাই উচ্ছেদ কৰা এই ভূমি কিন্তু পানচাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ ক্ষমতা নাই ক্ষমতাশালী চৰকাৰৰ ৷

অথচ ভূদান বোৰ্ডৰ লগত জড়িত হৈ আছে স্বাধীনোত্তৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ সামাজিক আন্দোলনৰ ইতিহাস ৷ ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত গান্ধীজীৰ আদৰ্শৰে এক সামাজিক আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল আচাৰ্য বিনোৱা ভাবে ৷ ভাৰতৰ লক্ষ লক্ষ ভূমিহীন লোকক সংস্থাপিত কৰিবৰ বাবে আচাৰ্য বিনোৱা ভাবে আৰম্ভ কৰিলে ভূদান আন্দোলন ৷ অধিক মাটিৰ গৰাকীক ভূমিহীনৰ বাবে এডোখৰ ভূমি দান দিয়াৰ আহ্বানেৰে বিনোৱা ভাবে দেশজোৰা পদযাত্ৰা আৰম্ভ কৰিছিল ৷ এই আন্দোলন পাছলৈ গ্ৰামদান আন্দোলন হিচাপে জনপ্ৰিয় হৈ পৰে ৷ এই আন্দোলনে চুই গৈছিল অসমকো ৷ অসমৰো বহু ব্যক্তিয়ে নিজৰ মাটি ভূমিহীন সকলৰ বাবে দান কৰিছিল ৷ অসমৰ মুঠ ২০৯ গৰাকী ব্যক্তিয়ে ২৮০৯ বিঘা মাটি দান কৰিছিল ভূদান বোৰ্ডক ৷ তাৰেই বেতকুছিত আছিল ভূদান বোৰ্ডৰ মুঠ ১২ বিঘা মাটি ৷ তাৰেই ৫ বিঘা ১ কঠা ৫ লেচা মাটি দখল কৰি আছে অশোক পানচাৰী নামৰ পুঁজিপতি ব্যৱসায়ীগৰাকীয়ে ৷

অসম চৰকাৰে অসম ভূদান গ্ৰামদান আইন সংশোধন কৰি এই বোৰ্ডৰ অধীনত থকা সকলো মাটি চৰকাৰীকৰণ কৰিছে ৷ এই আইন সংশোধনৰ সময়ত কোৱা হৈছিল যে গ্ৰমদান বোৰ্ডৰ অধীনত থকা মাটি বেদখল মুক্ত কৰি খিলঞ্জীয়া জনসাধাৰণক সংস্থাপন দিয়া হ’ব ৷ আইন সংশোধন ঠিকেই হ’ল কিন্তু গ্ৰামদান বোৰ্ডৰ মাটি অশোক পানচাৰীৰ দখলতেই থাকিল ৷
https://economictimes.indiatimes.com/news/india/assam-land-and-revenue-regulation-to-be-amended-to-counter-unabated-encroachment/articleshow/93889681.cms

ভূমিহীনৰ বাবে দান দিয়া মাটি পুঁজিপতিয়ে দখল কৰি আছে অথচ এই ভূমি বেদখল মুক্ত কৰাৰ সাহস নাই অসম চৰকাৰৰ ৷ এইখনেই আমাৰ চৰকাৰ ৷ দুখীয়াৰ মাটি দখল কৰা পুঁজিপতিৰ গাত হাত দিয়াৰ সাহস নাই অথচ চৰকাৰী মাটিত বহা দৰিদ্ৰ লোকক বুলডোজাৰ লগাই উচ্ছেদ কৰিবলৈ সাহসৰ অভাৱ নাই ৷

Leave A Reply

Your email address will not be published.