বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা

Share This Article

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে সমগ্র বিশ্ববাসীকে হতভম্ব কৰি ঘোষণা কৰিলে এই সিদ্ধান্ত। উল্লেখ্য যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল কৰিছিল বাৰ্টিয়ে। ইয়াৰ পূৰ্বে ২০১৯ চনত ফ্ৰেন্স অপেন খিতাপ জয় কৰিছিল। লগতে ২০২১ চনত উইম্বলডনৰ খিতাপ অৰ্জন কৰিছিল। ৩টা গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰা বিশ্বৰ ১ নম্বৰ খেলুৱৈগৰাকীৰ অৱসৰে আচৰিত কৰি তুলিছে অনুৰাগীক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.