শ্বাহৰুখ পুত্ৰৰ গোচৰৰ তদন্তৰ দায়িত্ব কাৰ হাতত ?

Share This Article

শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানৰ ক্ৰুইজ ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰা অব্যাহতি দিয়া হৈছে সমীৰ ৱানখেড়েক ৷ এন চি বিৰ এইগৰাকী জ’নেল ডিৰেক্টৰে যোৱা ২ অক্টোবৰত আৰ্য়ান খানসহ ৮ জন লোকক ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু উপযুক্ত প্ৰমানৰ অভাৱত আদালতে আৰ্য়ানসহ আন অভিযুক্তসকলৰো জামিন মঞ্জুৰ কৰে ৷একেসময়তে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকে সমীৰ ৱানখেড়েৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গুৰুতব অভিযোগ উত্থাপন কৰি যায় ৷ আনকি গোচৰটোৰ অন্যতম এগৰাকী সাক্ষীয়ে কয় যে শ্বাহৰুখ পুত্ৰক মুকলি কৰি দিয়াৰ নামত সমীৰ ৱানখেড়ে ২৫ কৌটি টকা দাবী কৰাৰ পৰিকল্পনা কৰিছিল ৷ এই অভিযোগৰ পাছতে এন চি বিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ভিজিলেন্সৰ তদন্ত আৰম্ভ হয় ৷ এনে বিতৰ্ক আৰু চাচপেন্সৰ মাজতে হাইপ্ৰফাইল গোচৰটোৰ তদন্তৰ বাবে গঠন কৰা হৈছে এছ আই টি ৷ এই এছ আই টিৰ নেতৃত্ব দিব আই পি এছ সঞ্জয় কুমাৰ সিংহই ৷১৯৯৬ চনৰ আই পি এছ বিষয়া সঞ্জয় কুমাৰ সিংহই ওড়িশা পুলিছত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০২১ চনত এন চি বিৰ ডেপুটী ডিৰেক্টৰ হিচাপে যোগদান কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.