সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্বাহৰুখ পুত্ৰৰ গোচৰৰ তদন্তৰ দায়িত্ব কাৰ হাতত ?

শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানৰ ক্ৰুইজ ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰা অব্যাহতি দিয়া হৈছে সমীৰ ৱানখেড়েক ৷ এন চি বিৰ এইগৰাকী জ’নেল ডিৰেক্টৰে যোৱা ২ অক্টোবৰত আৰ্য়ান খানসহ ৮ জন লোকক ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু উপযুক্ত প্ৰমানৰ অভাৱত আদালতে আৰ্য়ানসহ আন অভিযুক্তসকলৰো জামিন মঞ্জুৰ কৰে ৷একেসময়তে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকে সমীৰ ৱানখেড়েৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গুৰুতব অভিযোগ উত্থাপন কৰি যায় ৷ আনকি গোচৰটোৰ অন্যতম এগৰাকী সাক্ষীয়ে কয় যে শ্বাহৰুখ পুত্ৰক মুকলি কৰি দিয়াৰ নামত সমীৰ ৱানখেড়ে ২৫ কৌটি টকা দাবী কৰাৰ পৰিকল্পনা কৰিছিল ৷ এই অভিযোগৰ পাছতে এন চি বিৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ভিজিলেন্সৰ তদন্ত আৰম্ভ হয় ৷ এনে বিতৰ্ক আৰু চাচপেন্সৰ মাজতে হাইপ্ৰফাইল গোচৰটোৰ তদন্তৰ বাবে গঠন কৰা হৈছে এছ আই টি ৷ এই এছ আই টিৰ নেতৃত্ব দিব আই পি এছ সঞ্জয় কুমাৰ সিংহই ৷১৯৯৬ চনৰ আই পি এছ বিষয়া সঞ্জয় কুমাৰ সিংহই ওড়িশা পুলিছত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০২১ চনত এন চি বিৰ ডেপুটী ডিৰেক্টৰ হিচাপে যোগদান কৰে ৷

Leave A Reply

Your email address will not be published.