১০০ মিটাৰ গৈয়ে থমকিল অখিলেশ

Share This Article

উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷

সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷

সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ বিধানসভা অধিৱেশন৷

শোভাযাত্ৰাটো ১০০ মিটাৰ মান আগবঢ়াৰ পিছতে আৰক্ষীৰ বাধাৰ সন্মুখীন হয়৷

ইতিমধ্যে সমগ্ৰ লক্ষ্ণৌ চহৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিবনুৱা সমস্যা,মূল্যবৃদ্ধি,নাৰীজনিত অপৰাধ বৃদ্ধি,,আইন শৃংখলাজনিত সমস্যা আদিৰ প্ৰতিবাদত সমাজবাদী দলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷

মুখ্যমন্ত্ৰী যোগী আদিতনাথে সমাজবাদীৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমালোচনা কৰি কয় “ তেওঁলোকে গণতান্ত্ৰিক পন্থাৰেও প্ৰশ্ন সুধিব পাৰিলেহেঁতেন৷”

“কোনো দলে যদি গণতান্ত্ৰিকভাৱে প্ৰশ্ন কৰে তেন্তে কোনো সমস্যাৰ সৃষ্টি নহয়, তেওঁলোকে এই কাৰ্যসূচীৰ বাবে আগতীয়াকৈ অনুমতি ল’ব লাগিছিল৷আচলতে সমাজবাদী পাৰ্টিৰ পৰা আইন শৃংখলা পৰিস্থিতি আশা কৰাটো ভুল”-এনেদৰে কয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷

ইতিমধ্যে সমাজবাদী দলে আৰক্ষীৰ বাধাৰ পিছত দলৰ কাৰ্যালয়লৈ উভতি গৈছে৷সমাজবাদী দলে বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰা বুলি টুইটাৰত প্ৰকাশ কৰিছে৷

“দলটোৱে কোনো আগতীয়া অনুমতি লোৱা নাছিল৷তথাপিও তেওঁলোকক এটা নতুন পথ নিৰ্দেশনা দিয়া হৈছিল কিন্তু তেওঁলোকে মানি নল’লে”- এনেদৰে মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত পীয়ুষ মৰদিয়াই৷

সমাজবাদী দলৰ বিধায়কে বৰ্ষাকালীন অধিৱেশনত নিবনুৱা সমস্যা,মূল্যবৃদ্ধি,নাৰীজনিত অপৰাধ আদিৰ ওপৰত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিব শাসক দলক ৷
সোমবাৰৰ এই প্ৰতিবাদ তাৰে এক ইংগিত হে আছিল৷

সমাজবাদী দলৰ মুখপাত্ৰ ৰাজেন্দ্ৰ চৌধুৰীয়ে কয় “ বিজেপিয়ে আক্ৰোশমূলক ভাৱে কামবোৰ কৰে৷বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে ”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.