সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ ৬৯০ বৰ্গ কিঃমিঃ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে?

অসমৰ ৬৯০ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিবনে অসমবাসীয়ে? এই শিৰোনামাৰেই অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে৷ চিঠিখনৰ হুবহু তলত আগবঢ়াইছোঁ৷

শ্রদ্ধেয় অসমবাসী ৰাইজ,

- Donation -

প্রথমে মোৰ সেৱা গ্ৰহণ কৰিব। এটি জৰুৰী বিষয়ত আপোনালোকলৈ এই পত্ৰখন লিখিলো। যোৱা ১৮ জানুৱাৰী, ২০২২ তাৰিখে অসম চৰকাৰে সৰ্বদলীয় বৈঠক পাতি ঘোষণা ১৮.২৮ বর্গ কিলোমিটাৰ ভূমি ৰাজ্য চৰকাৰে মেঘালয়ক এৰি দিব। এইয়া অসমে মেঘালয়ক এৰি দিব খোজা মুঠ মাটিৰ মাত্ৰ এটা অংশ বুলি কোৱা হৈছে। ১২ টা “বিবদমান” এলেকাৰ ভিতৰত ৬ টা এলেকাৰ পৰা এই ১৮.২৮ বর্গ কিলোমিটাৰ দান দি আন ৬ টা এলেকাৰ সিদ্ধান্ত পৰৱৰ্তী সময়ত ল’ব খোজা হৈছে বুলি ৰাজ্য চৰকাৰৰ পৰা কোৱা হৈছে। অর্থাৎ, পৰবর্তী সময়ত আন একাংশ মাটি অসম চৰকাৰে মেঘালয় চৰকাৰক এৰি দিব। সর্বদলীয় বৈঠকৰ পাছত চৰকাৰে আছু, বড়ো ছাত্র সন্থা, ৰাভা ছাত্র সন্থা, গোর্খা ছাত্ৰ সন্থাৰ সৈতেও বৈঠকত বহিছে। এতিয়া প্ৰশ্ন হল এনেকৈ ৰাজ্য চৰকাৰ এখনে আন এখন ৰাজ্য চৰকাৰক নিজৰ সাংবিধানিক ভূমি এৰি দিব পাৰেনে? এয়া ঘৰৰ ক’লা গৰু জনী ব্ৰাহ্মণক দান দিয়াৰ দৰে ঘটনা হয়নে? এই সম্পৰ্কত ৰাজ্যবাসীৰ মতামত লোৱাটো জৰুৰী নহয়নে?

ভাৰতৰ সংবিধানৰ ৩ নং অনুচ্ছেদত ভাৰতৰ সংসদক এখন নতুন ৰাজ্য সৃষ্টি আৰু এখন ৰাজ্যৰ সীমা সলনিৰ অধিকাৰ দিয়া হৈছে। এখন ৰাজ্যৰ সীমা বৃদ্ধি, সীমা হ্রাস, সীমাৰ সালসলনিৰ একমাত্ৰ অধিকাৰ সংসদক প্ৰদান কৰা হৈছে। কিন্তু সংসদত এনে বিধেয়ক উঠাৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাটো বাধ্যতামূলক।

আনহাতে সংবিধানৰ ২৬৩ নং অনুচ্ছেদত আন্তঃৰাজ্যিক পৰিষদ (Inter-State Council) গঠনৰ কথা উল্লেখ আছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুখন ৰাজ্যৰ মাজত সীমা বিবাদ হ’লে তদন্ত বা উপদেশৰ বাবে অথবা অনুমোদনৰ বাবে এনে পৰিষদ গঠনৰ কৰ্তৃত্ব লাভ কৰিছে।

কিন্তু এখন ৰাজ্যই ওচৰৰ এখন ৰাজ্যক নিজৰ সাংবিধানিক ভূমি স্ব ইচ্ছাই এৰি দিয়াৰ ঘটনা এয়ে প্রথম। এনে কথা কোনো সংবিধান অথবা আইনত উল্লেখ নাই।
অসম মিজোৰামক বাদ দি অসম নাগালেণ্ড, অসম-মেঘালয়, অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ
ঘটনা পুৰণি। আচলতে নতুনকৈ গঠিত তিনিওখন পাহাৰীয়া ৰাজ্যই অসমৰ মাটি বেদখল কৰি আহিছে। মিজোৰামৰ বেদখল শেহতীয়া, যোৱা কার্যকালৰ বিজেপি চৰকাৰৰ দিনত আৰম্ভণি। ১৯৮৫ চনৰ মেৰাপানী সংঘর্ষ অসম-নাগালেণ্ডৰ সংঘাতৰ আটাইতকৈ ডাঙৰ মাইলৰ খুটি। নাগালেণ্ডে ইতিমধ্যে গোলাঘাট জিলাত ক’হ’বট’ নামৰ এটা মহকুমাকে স্থাপন কৰিছে। নাগালেতে অসমৰ মাটি বেদখলৰ বাবে আটাইতকৈ বেছি সংঘাতৰ সৃষ্টি কৰি আহিছে। অসম চৰকাৰে অসম বিধানসভাত দিয়া তথ্য অনুসৰি এই চাৰিখন ৰাজ্যই অসমৰ তলৰ পৰিমাণৰ মাটি বেদখল কৰি আছে
অৰুণাচলঃ ৮৩.১৫ বর্গ কিঃ মিঃ (৮৩১৫ ২৫৪৫ (হক্টর)

নাগালেণ্ড: ৫৫৩.১৬ বর্গ কিঃ মিঃ (৫৫৩৯৬ ১২১৬ হেক্টৰ)

মেঘালয়: ৩৪.৪২ বর্গ কিঃ মিঃ (৩৪৪১৮৬০১ (হক্টৰ) মিজোৰাম: ১৭:৭৮ বর্গ কিঃ মিঃ (১৭৭৭.৫৮ হেক্টর)

সৰ্বমুঠ : ৬৯০.১১ বর্গ কিঃ মিঃ (৬৯,০১০.৮২৪২ হেক্টৰ)

উৎস: বিধানসভাত দিয়াৰ প্ৰশ্নৰ উত্তৰ

এয়া চৰকাৰী হিচাপ। কার্যতঃ ইয়াতকৈ যে অধিক মাটি চুবুৰীয়া ৰাজ্য চৰকাৰ বা সেইবোৰৰ জনগণে বেদখল কৰি আছে সেয়া সকলো অভিজ্ঞ লোকে জানে। আটাইতকৈ আমোদজনক ঘটনাটো হ’ল– অসমৰে মাটি চুবুৰীয়া ৰাজ্যৰ মহাজনে দখল কৰি সেই মাটি অসমীয়া মানুহকে আধি বা লীজত দি থৈছে ধানখেতি বা চাহ খেতি কৰিবলৈ। তাকে লৈ সংঘাতৰো সৃষ্টি হৈ আহিছে।

অসমে আন ৰাজ্যৰ মাটি বেদখল কৰিছেনে? নাই, নাই কৰা। অসমীয়া মানুহে অসমৰ সাংবিধানিক

সীমা অতিক্রমি এক ইঞ্চিও মাটি দখল কৰা নাই। অসমৰ মানুহে সীমান্তৰ মাটি দখল কৰিছে, কিন্তু আন ৰাজ্যৰ
নহয়, অসমৰ সাংবিধানিক সীমাৰ মাটিহে দখল কৰিছে। অসম চৰকাৰে অসমৰ সীমান্তত অসমীয়াই ভোগ
দখল কৰা মাটিবোৰত উচ্ছেদ কৰিছে আৰু বহিৰাজ্যৰ লোকে দখল কৰাসকলক একো কৰা নাই। এতিয়া সেই
বহিঃৰাজ্যৰ দখলৰ মাটিখিনিকে এৰি দিব খুজিছে।

মেঘালয়ক ১৮:২৮ বর্গ কিঃ মিঃ মাটি এৰি দিব খোজা কথাটো এনেধৰণৰ। ধৰক, মই আপোনাৰ ১০ বিঘা মাটি জোৰ জবৰদস্তি দখল কৰিলো। সেইটোক লৈ হুলস্থূল লাগিল। মাটিখিনি “বিবদমান” ঘোষণা কৰা হ’ল। তাৰ পাছত স্থিতাৱস্থা (Status quo) বাহাল ৰাখিবলৈ কোৱা হ’ল। অর্থাৎ, ঘটনাৰ দিনা যাৰ যি দখলত আছে তাৰ দখলত থাকিব। তাৰ পাছত আলোচনা হ’ল। আলোচনাত প্ৰশাসনে মোক আহি সুধিলে মাটিখিনি সন্দৰ্ভত মোৰ মত কি? মই ক’লো— মোৰ দখলৰ মাটি মোক লাগে। এয়াই অসম-মেঘালয়ৰ সীমা সমস্যাৰ চৰকাৰী সমাধানসূত্র। প্রথমে, দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে গৈ সীমান্তত মিটিং কৰিলে। কোন গাঁও কোনফালে থাকিব – অসমৰ লগত নে মেঘালয়ৰ? মেঘালয়ৰ অসমৰ মাটি দখল কৰা লোকসকলে ক’লে— আমি মেঘালয়ৰ লগত থাকিম। বচ। বুজাবুজি হৈ গ’ল। এদিন সর্বদলীয় সভা হ’ল, ১৮ জানুৱাৰী, ২০২২ৰ সভাত বিৰোধীদলসমূহে কি ক’লে? জাতীয় সংগঠনে একা? কি ক’লে প্ৰয়োজন নাই। ১৯ জানুৱাৰীত কেবিনেট সভা হ’ল। প্রস্তাব পাছ। ২০ জানুৱাৰীত দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱ দাখিল কৰিলে। তাৰ পাছত? তাৰ পাছত আৰু কি? সংসদত বিধেয়ক উঠিব আৰু অসমৰ সাংবিধানিক সীমা বদলি হ’ব।

প্রথম পর্যায়ত ১৮.২৮ কিঃমিঃ মাটি মেঘালয়ক চমজোৱা হ’ব। তাৰ পাছত চমজাৰ আন আন দখলী ভূমি। মেঘালয়ৰ পাছত অৰুণাচল, তাৰ পাছত নাগালেও আৰু শেষত মিজোৰাম। সৰ্বমুঠ চৰকাৰী হিচাপমতে ৬৯০ বর্গ কিলোমিটাৰ, মাটি এৰি দিয়া হ’ব? ফলত অসমৰ বৰ্তমানৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰৰ পৰা ৬৯০ বর্গ কিঃমিঃ কমি ৭৭,৭৪৮ বর্গ কিঃমিঃলৈ হ্রাস পাব?

জানিব পৰা মতে, সর্বদলীয় সভাত মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমে সকলো ওচৰ-চুবুৰীয়া ৰাজ্যৰ লগত সদায়ে কাজিয়াত লিপ্ত হয় বুলি তেওঁ সদায়ে কথা শুনিবলগীয়া হৈছে। গতিকে “বিবদমান” এলেকাৰ মাটিত যি গাঁও যি য’ত থাকিব বুলি গাঁওবাসীয়ে কৈছে সেইমতে সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ পাছত মেঘালয়ে অতিৰিক্ত মাটি দাবী নকৰে বোলে।

এতিয়া প্ৰশ্নটো হ’ল : মুখ্যমন্ত্ৰীক অসমীয়া মানুহ কাজিয়াখোৰ বুলি কোনে সমালোচনা কৰিলে? দিল্লীৰ “বছ” “সকলে? দিল্লীৰ বছসকলৰ নিৰ্দেশতে এনে জাতিদ্রোহী সিদ্ধান্ত লোৱা হৈছে?

আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল। ৰাজ্য এখনৰ সাংবিধানিক সীমা নিৰ্বাচিত চৰকাৰ এখনে একে ৰাতিৰ ভিতৰতে সলাই দিব পাৰেনে? আজিলৈকে পৃথিৱীৰ কোনো দেশ/ৰাজ্য এখনৰ ইতিহাসত নিজৰ সাংবিধানিক সীমাৰ ভিতৰৰ ভূমি আনক চমজাই দিম বুলি নিজে প্রস্তাব লৈ চমজাই দিয়া দেখিছেনে নে শুনিছে?

এয়া কিহৰ ইংগিত?
অসমখন কাৰ ?
কাৰোবাৰ বাপেকৰ সম্পত্তি?
মুখ্যমন্ত্ৰীৰ চিন্তাত যদি কিবা সদিচ্ছা আছেও, তেওঁৰ বা তেওঁলোকৰ চৰকাৰৰ মাটি গতাই দিয়াৰ এই
ধৰণ কোনোপধ্যে গ্রহণযোগ্য নহয়।

নিজে নিজে ভাবিব, নিজে নিজে সিদ্ধান্ত ল’ব আৰু ৰাতি ভবা কথা জনতাৰ ওপৰত, জাতিৰ ওপৰত ৰাতিপুৱা জাপি দিব। তাত জনগণৰ মতামতৰ কোনো ব্যবস্থা নাথাকিব। কোনেও কোৱাৰ সুযোগ নাপাব। আনকি ৰাজ্যৰ মাটি আনক গতাই দিয়াৰ ভয়কের সিদ্ধান্ত এটাতো। এয়া অগণতান্ত্রিকতা। এয়া স্বৈৰাচাৰ। এয়া হিটলাৰীতন্ত্র।

সমগ্ৰ জনগণৰ মতামত বা গণভোট নোলোৱাকৈ এনেকৈ কোনোবাই নিজৰ ৰাজ্যৰ মাটি এৰি দিব পাৰেনে? এয়া এজন ব্যক্তিৰ মাটি আন এজনক এৰি দিয়াৰ ঘটনা নহয়।
বিজেপি চৰকাৰৰ অসমৰ ভূমি মেঘালয় অথবা অন্য ৰাজ্যক এৰি দিয়াৰ সিদ্ধান্ত কোনোপধ্যেই মানি
ল’ব নোৱাৰি।

এয়াই নেকি বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান? কেতিয়াবা বাংলাদেশক মাটি দিব, কেতিয়াবা হিন্দু বাংলাদেশীক আইন কৰি মাতি আনিব, কেতিয়াবা অসমৰ তৈলখাদসমূহ, কয়লা খনিসমূহ কোম্পানীক দি দিব। আৰু কেতিয়াবা ৰাজ্যখনৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোকে ব্যক্তিগত খণ্ডক গতাই দিব!!

এয়া বিশ্বাসঘাতকতা। এয়া প্রতাৰণা। এয়া চৰম ঠগ্ৰামি।
আমি ইয়াৰ বিৰুদ্ধে মাতিব লাগিব। লাগিব গৰজি উঠিব।
ৰাইজ সজাগ হওক।
ৰাইজ ওলাই আহক।

ৰাইজে সিদ্ধান্ত লওক।

এয়া যে ইতিহাসৰ আটাইতকৈ বেয়া সময়।

ৰাইজলৈ পুনৰ শ্ৰদ্ধাৰে

অখিল গগৈ

সভাপতি, ৰাইজৰ দল

Leave A Reply

Your email address will not be published.