কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

Share This Article

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ’ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ৷ অনুৰাগীসকল উৎসুক হৈ উঠিল অখিল গগৈৰ গন্তব্যস্থান জানিবৰ বাবে ৷

গুৱাহাটী বিমানবন্দৰত মঙলবাৰে পুৱা

এই উৎসুকতাৰ ওৰ পৰিল নিশা ৷ নিশা ৰাইজৰ দলৰ সম্পাদক ছাহজাহানে এখন ফটো ফেচবুকত আপলোড কৰিলে ৷ ফটোখন কলকাতা বিমানবন্দৰৰ ৷ য’ত বহু অনুৰাগীয়ে অখিল গগৈৰ লগত ফটো উঠা দেখা গৈছে ৷ তাৰ লগে লগে আৰম্ভ হ’ল আন এক চৰ্চা ৷ কিয় অখিল গগৈ সতীৰ্থসহ কলকাতালৈ গৈছে ?

কলকাতা বিমানবন্দৰত মঙলবাৰে নিশা

কিয় এদিনতে কলকাতাৰ পৰা উভতি আহিল অখিল গগৈ ? আজি সেই ৰহস্য নিজেই ভেদ কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেও কয় যে মঙলবাৰে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীৰ আমন্ত্ৰণত তেও কলকাতালৈ গৈছিল ৷ দেশত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পাছত যিদৰে সকলো আঞ্চলিক দল একগোট হৈছিল ,তেনেদৰে বিজেপিৰ অঘোষিত জৰুৰীকালীন পৰিস্থিতিতো দেশৰ আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ লগত সেই বিষয়টো আলোচনাৰ বাবেই কালি তেও কলকাতালৈ গৈছিল ৷ অখিল গগৈয়ে লগতে সদৰী কৰে যে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছে যে অসমত তৃণমূল কংগ্ৰেছৰ কমিটী গঠন কৰি ৰাইজৰ দল তাত চামিল হওক আৰু অখিল গগৈয়ে সভাপতিৰ দায়িত্ব লওক ৷ কিন্তু ৰাইজৰ দলে সেই প্ৰস্তাৱ নাকচ কৰি এটা আঞ্চলিক দল হিচাপেই বিজেপি বিৰোধী মঞ্চত চামিল হোৱাৰ কথা ঘোষণা কৰিছে ৷ অখিল গগৈ আৰু মমতা বেনাৰ্জীৰ মাজত নিৰ্বাচন সংক্ৰান্তীয় কি আলোচনা হ’ল , সেই কথা জনোৱাৰ পৰা ৰাইজৰ দলৰ সভাপতিগৰাকী বিৰত থাকে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.