সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘জনগণৰ আচৰণ সলনি দেশৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতি’

(ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে  ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  অসম বিধান সভাৰ বিশেষ অধিবেশনত আগবঢ়োৱা ভাষণৰ সুবহু লিখিত ৰূপ )

 

অসম বিধান সভাৰ বিশেষ অধিবেশন

- Donation -

ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মোৰ অনুভৱঃ

মাননীয় অধ্যক্ষ মহোদয় আৰু সদন,

স্বাধীনতাৰ ৭৬ সংখ্যক বাৰ্ষিকীত ম‍ই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সকলো স্বাধীনতা সংগ্রামী আৰু বীৰ

ছহিদসকললৈ গভীৰ সশ্রদ্ধ প্ৰণিপাত জনাইছো।

 

মোৰ সময় কেৱল ২ (১.৯) মিনিট। গতিকে পোনে পোনে বিষয়বস্তুলৈ যাওঁ। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসৰ আটাইতকৈ গৌৰৱোজ্জ্বল দিশটো হ’ল ই অবিৰতভাৱে গণতান্ত্রিক ব্যৱস্থা এটা সাৱটি আছে আৰু ভাৰতৰ সংবিধান তথা এই সংবিধানে নিৰ্ধাৰণ কৰা আইন অনুসৰি দেশখন অবিচলিতভাৱে চলি আহিছে। পাকিস্তানৰ দৰে ভাৰতত সামৰিক অভ্যুত্থান হোৱা নাই আৰু সামৰিক বাহিনীয়ে শাসন ক্ষমতা কোনোদিন দখল কৰা নাই। যোৱা ৭৫ বৰ্ষৰ স্বৰ্ণিল ইতিহাসৰ ইয়ে আটাইতকৈ গৌৰৱোজ্জ্বল বিষয়। কিন্তু কেইবাবাৰো গণতন্ত্রক কক্ষচ্যুত কৰাৰ অপচেষ্টা হৈছে। ১৯৭৫ চনৰ ২৫ জুন তাৰিখৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চ পর্যন্ত আমাৰ দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰা হৈছিল। গণতান্ত্রিক নির্বাচন বাতিল কৰা হৈছিল, ব্যক্তি স্বাধীনতা খৰ্ব কৰা হৈছিল, ৰাজনৈতিক প্রতিদ্বন্দ্বীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সংবাদমাধ্যমক চেন্সৰ কৰা হৈছিল। এয়া হ’ল দেশৰ স্বাধীনতাৰ পৰৱৰ্তী ইতিহাসৰ সৰ্ববৃহৎ ক’লা অধ্যায়। ২০১৪ চনত বিজেপি দলে ভাৰতবৰ্ষৰ শাসন ক্ষমতালৈ অহাৰ পাছত জৰুৰীকালিন অৱস্থাৰ পুনৰাবৃত্তি কৰা দেখা গৈছে। যদিও আনুষ্ঠানিকভাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰা নাই; কিন্তু দেশৰ ৰাজনৈতিক পৰিস্থিতি অতিশয় ভয়াৱহ। এই সময়খিনিত দেখা গৈছে তলৰ বৈশিষ্ট্যসমূহঃ গণতান্ত্রিক অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ ওপৰত চূড়ান্ত কুঠাৰাঘাত, সংবাদমাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে খৰ্ব কৰি ৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন কৰা ইত্যাদি। কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ’ল সংসদ, নির্বাচন আয়োগ, ন্যায়পালিকা, বিভিন্ন তদন্তকাৰী সংস্থাসমূহ সকলোকে শাসক দলৰ বহতীয়া কৰাৰ সম্পূৰ্ণ চেষ্টা কৰা হৈছে। ভাৰতৰ সংবিধানে প্রতিষ্ঠা কৰা অর্থনৈতিক সার্বভৌমত্ব, ধৰ্ম নিৰপেক্ষতা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সামাজিক ন্যায়— প্ৰতিটো বিষয়তে শাসক শ্রেণীয়ে আক্ৰমণ কৰিছে। এক জঘন্য উন্মাদ, ধর্মীয়, অসহিষ্ণু, ফেচিবাদী হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ সপোনক বাস্তৱ কৰিবলৈ জনগণৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰা হৈছে। এই হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটোৰে আমাৰ দেশৰ গণতান্ত্রিক, ধর্মনিৰপেক্ষ আৰু সমাজতান্ত্রিক আদর্শবাদক নস্যাৎ কৰা হৈছে। গতিকে ভাৰতৰ স্বাধীনতাৰ ৭৬ সংখ্যক বর্ষপূর্তিত আটাইতকৈ ভয়াৱহ দিশটোৱে হ’ল এনেকৈ জনগণক এখন ধর্মীয়, সামন্তীয়, বর্ণবাদী, পৃথিৱীলৈ লৈ গৈ নিজৰ দৈনন্দিন সমস্যাসমূহৰ পৰা আঁতৰ কৰি পেলোৱাটো। চমুকৈ ক’বলৈ গ’লে, আমাৰ দেশত ফেচিবাদৰ সকলো পৃষ্ঠভূমি ৰচনা কৰা হৈ গৈছে। আমি প্ৰতিজন সচেতন নাগৰিকে এই ফেচিবাদী প্ৰৱণতাক প্ৰতিৰোধ কৰিব লাগিব আৰু দেশখনক সংবিধানে স্বীকৃতি দিয়া গণতান্ত্রিক, ধর্মনিৰপেক্ষ, সমাজতান্ত্রিক, গণৰাজ্য হিচাপে অব্যাহত ৰাখিব লাগিব। এইটোৱেই বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ।

 

দ্বিতীয় ডাঙৰ প্ৰত্যাহ্বান হ’ল- আমাৰ অৰ্থনৈতিক সার্বভৌমত্বৰ ওপৰত হোৱা আক্ৰমণক প্ৰতিৰোধ কৰাটো। এফালৰ পৰা সম্পদ আৰু বজাৰ কৰ্প’ৰেটৰ হাতত গতাই দিয়া হৈছে। অর্থনৈতিক যুক্তৰাষ্ট্ৰীয়বাদক উলাই কৰি ৰাজ্যসমূহৰ অৰ্থনৈতিক ক্ষমতা কেন্দ্ৰীয় চৰকাৰে কুক্ষিগত কৰিছে। জিএছটি প্ৰৱৰ্তনৰ জৰিয়তে ৰাজ্যসমূহৰ কৰ সংগ্ৰহৰ অৰ্থনৈতিক ক্ষমতা কৰ্তন কৰি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল কৰি পেলোৱা হৈছে। আনকি খাদ্য সামগ্ৰীৰ ওপৰতো কৰ আৰোপ কৰি জনগণক কোঙা কৰি পেলোৱা হৈছে। ভাৰতৰ সংবিধানৰ ৩৭০ আৰু৩৫ (ক) অনুচ্ছেদ কৰ্তন কৰি ৰাজ্যৰ অধিকাৰ খৰ্ব কৰা হৈছে। অসমসহ ১৩ খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছে। আঞ্চলিক ভাষাসমূহ দুৰ্বল কৰি ভাষাভিত্তিক জাতীয়তাবাদৰ ঠাইত ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰিব খোজা হৈছে। তাৰ বাবেই চৰকাৰী বিদ্যালয়ৰ পৰা মাতৃভাষাৰ মাধ্যম উঠাই দিয়া হৈছে। আনহাতে “কা” (CAA)ৰ জৰিয়তে অসমত বিদেশীৰ বোজা জাপি দি জাতিটোক সংখ্যালঘু কৰিব খোজা হৈছে।

 

৭৬ সংখ্যক স্বাধীনতা দিৱসৰ আমাৰ অনুভৱ — আমি ভাৰতক এখন প্রকৃত ফেডাৰেল বা প্ৰকৃত যুক্তৰাষ্ট্ৰ হিচাপে চাব খোজোঁ। প্রকৃত ফেডাৰেল ৰাষ্ট্ৰৰ দৰে প্ৰতিখন ৰাজ্যৰ আঞ্চলিক বৈশিষ্ট্য বা জাতীয়তাবাদক স্বীকৃতি দিয়া হওক, নিজৰ নিজৰ আঞ্চলিক জাতীয় সংগীতকো স্বীকৃতি দিয়া হওক আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগাৰ তলে তলে উৰক অসমীয়াৰ গৌৰৱৰ গামোছাখনো; যাতে এজন অসমীয়াই দ্বিধাহীন ভাষাৰে, গৌৰৱেৰে ক’ব পাৰে৷— আমি ভাৰতীয়, আমি গৌৰৱী ভাৰতীয়, সমানে অসমীয়াও।

 

৭৬ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত হৈ আমি দেখিছো যে বিধিগত গণতন্ত্র (Procedural Democracy) যেনেকৈ মাজে মাজে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেনেকৈ সাৰপূৰ্ণ গণতন্ত্ৰ (Substantive Democracy) য়েও পূর্ণতা লাভ কৰা নাই। গণতন্ত্রই পূর্ণতা লাভ কৰিবলৈ নাগৰিকৰ আৰ্থ-সামাজিক সমানতা, বিভিন্ন মতাদৰ্শৰ প্ৰতি সহিষ্ণুতা, আইনৰ প্ৰতি সন্মান, শাসকসকলৰ জবাবদিহিতা আৰু গণতন্ত্ৰত জনগণৰ শক্তিশালী অংশগ্ৰহণৰ প্ৰয়োজন। Substantive Democracy ত মুক্ত আৰু সুস্থ সংবাদ মাধ্যমে যদিহে স্বতন্ত্ৰতা আৰু বিশ্বাসযোগ্যতা হেৰুৱায় তেন্তে গণতন্ত্ৰ সংকটত পৰে। যোৱা সময়খিনিত দেশৰ সংবাদমাধ্যম বিজেপি শাসিত ৰাষ্ট্ৰৰ সম্পূৰ্ণ নিয়ন্ত্রণাধীন হৈ পৰিছে। কিন্তু দেশৰ বাবে আটাইতকৈ ভয়ংকৰ সংকটটো আহিছে আমাৰ জনগণৰ আচৰণ সলনিৰ জৰিয়তে। ক্রমান্বয়ে আমাৰ জনগণেও যেন সকলোকে সামৰি লোৱা গণতান্ত্রিক ব্যৱস্থাটোৰ পৰিৱর্তে সাম্প্রদায়িক ফেচিবাদী স্বৈতন্ত্ৰক পচন্দ কৰিবলৈ লৈছে। ইয়ে দেশৰ গণতন্ত্রৰ প্ৰতি আনিছে ভয়াবহ সংকট।

 

৭৬তম স্বাধীনতা দিৱসত থিয় হৈ আমি দেখিছো আমাৰ দেশৰ চুকে-কোণে থকা সৰু দোকান এখনতো কোকাকোলা বা পেপচি উপলব্ধ হৈছে। কিন্তু নাগৰিকৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ জলজল-পটপট। গাঁৱৰ কথা বা ভিতৰুৱা অঞ্চলৰ কথা বাদেই দিয়ক, আমাৰ শিৱসাগৰ নগৰত ৭০ শতাংশ পৰিয়ালক পাইপৰ দ্বাৰা পানী যোগান ধৰা নহয়। আজি প্ৰকৃতাৰ্থত অসমৰ ৯৫ শতাংশ কৃষিভূমিতেই জলসিঞ্চন নাই। দেশৰ ২৫.০১ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত। স্বাধীনতাৰ তাৎপৰ্য খাদ্য, কাপোৰ, আশ্রয়, স্বাস্থ্য আৰু শিক্ষাৰ অভাৱে স্নান কৰি পেলায়। আজি দেশৰ কিমান ঘৰ মানুহৰ থাকিবলৈ এটি পকীঘৰ আছে? আজি দেশৰ কিমান সংখ্যক যুৱক-যুৱতীয়ে নিয়মীয়া কৰ্মসংস্থাপন লাভ কৰিছে? ৩১ মাৰ্চ, 2022ৰ ভিতৰত অসম চৰকাৰে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ’ল। গান্ধীজীয়ে কৈছিল যে দৰিদ্ৰতা হ’ল হিংসাৰ আটাইতকৈ উগ্ৰ ৰূপ (” Poverty is the worst form of violence”)। গান্ধীজীয়ে পুনৰ কৈছে— “মোৰ গণতন্ত্ৰৰ সংজ্ঞাটো হ’ল ইয়াৰ অধীনত আটাইতকৈ দুর্বলসকলেও শক্তিশালীসকলৰ দৰেই সুযোগ পাব লাগে”।

 

আহক, ৭৬ সংখ্যক স্বাধীনতা দিৱসত আমি আটায়ে তেনে এক গণতন্ত্র প্ৰতিষ্ঠাৰ সংকল্প লওঁ।

জয় হিন্দ।

জয় আই অসম।।

ধন্যবাদেৰে

শ্ৰী অখিল গগৈ

বিধায়ক, শিৱসাগৰ সমষ্টি

১৭ আগষ্ট, ২০২২

Leave A Reply

Your email address will not be published.