AIUDF ৰ প্ৰতি নৰম কিয় আৰক্ষী?

Share This Article

বিধায়ক আবাসত অপহৃত যুৱতীক আশ্ৰয় । লাভ জেহাদৰ মেৰপাকত চেঙাৰ AIUDF বিধায়ক আশ্ৰাফুল হুছেইন । বৰপেটাৰ এগৰাকী অপহৃত যুৱতীক অপহৰণকাৰীৰ সৈতে দিছপুৰৰ বিধায়ক আবাসত আশ্ৰয় দি বিৰ্তকত AIUDF ৰ বিধায়ক গৰাকী ।উক্ত ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।জ্যোতিস্মিতা কলিতা নামৰ এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ। উত্থাপিত অভিযোগ মতে বৰপেটাৰ মন্দিয়াৰ ৰিতুল হুছেইন নামৰ যুৱকজনে এগৰাকী যুৱতীক অপহৰণ কৰি বিধায়কগৰাকীৰ দিছপুৰৰ আবাসত এটা নিশা ৰাখি পিচত ৰে’লযোগে ডিমাপুৰলৈ নিছিল ।প্ৰেমৰ জালেৰে যুৱতীগৰাকীক অপহৰণ কৰা হৈছিল বুলি পিতৃয়ে যোৱা নৱেম্বৰত বৰপেটা থানাত এজাহাৰ দাখিল কৰিছিল । ইয়াৰ পিছত তেওঁ দিছপুৰ থানাত বিধায়ক আশ্ৰাফুল হুছেইন আৰু ৰিতুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দিয়ে । পিতৃৰ মতে বৰপেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে । তাৰ পাছতে চৌদিশে এই বিষয়টো চৰ্চা হোৱাত বৃহস্পতিবাৰে নিশা বৰপেটাত ভুক্তভোগীৰ ঘৰত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ দল । পিছে বাসগৃহত একো নাপালে আৰক্ষীৰ দলটোৱে । বাসগৃহটো তলা বন্ধ হৈ থকাৰ থকা সংবাদ মাধ্যমৰ আগত সদৰি কৰে আৰক্ষীয়ে । পিছে এতিয়া প্ৰশ্ন হয় যে কিয় দিছপুৰ আৰক্ষীয়ে তদন্ত লেহেমীয়া কৰিছে? এআইইউডিএফৰ বিধায়ক হোৱাৰ বাবেই নেকি তদন্ত লেহেমীয়া কৰিছে দিছপুৰ আৰক্ষীয়ে ।আনহাতে, যুবতীগৰাকীক পিতৃয়ে দিয়া এজাহাৰত ৰাতুল হুছেইন নামৰ যুবকজনে সেই সময়ত হত্যাৰ চেষ্টা চলোৱাৰ কথা অভিযোগ কৰা হৈছে । কেৱল এয়াই নহয় বিধায়ক আবাসত যুবতীগৰাকীৰ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলোৱা হোৱা বুলিও উল্লেখ ভুক্তভোগী যুবতী গৰাকীৰ পিতৃৰ।অৱশ্যে এই সন্দৰ্ভত বিধায়ক আশ্ৰাফুল হুছেইনে নস্যাৎ কৰে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ । কিন্তু বিধায়ক আবাসত এনিশা থকাৰ কথা স্বীকাৰ কৰে চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে৷ উল্লেখ্য নৱেম্বৰ মাহৰ ৬ তাৰিখেই এইখন এজাহাৰ দাখিল কৰিছিল যুবতীগৰাকীয়ে ।কিন্তু ৰহস্যজনক ভাবে এই ঘটনাৰ কোনো তদন্তই নকৰিলে আৰক্ষীয়ে ।ফলত প্ৰশ্ন উত্থাপন হৈছে এআইইউডিএফ বিধায়কৰ নাম সাঙোৰ খোৱাৰ বাবেই নহ’ল নেকি তদন্ত ? এআইইউডিএফৰ প্ৰতি নৰম স্থিতি কিয় আৰক্ষীৰ? যিটো সময়ত সমগ্ৰ অসমত বাল্য বিবাহ বিৰোধী অভিযানত দুহাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেনে সময়ত এআইইউডিএফৰ বাবে সাত খুন মাফ নেকি বুলি উত্থাপন হৈছে প্ৰশ্ন। ইয়াৰ উত্তৰ আৰক্ষীয়ে দিবনে? ভুক্তভোগী যুৱতী গৰাকীয়ে ন্যায় পাবনে ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.