আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

Share This Article

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি আলমাৰি আৰু বাকচবোৰো লণ্ডভণ্ড কৰিছিল তালিবানে। দুয়োটা দূতাবাসত ৰখাই থোৱা সকলো গাড়ী ইতিমধ্যেই হস্তগত কৰিছে দুৰ্ধৰ্ষ তালিবানে। কাবুলত আফগানিস্তানৰ চোৰাংচোৱা সংস্থা এনডিএছৰ হৈ কাম কৰা আফগানী নাগৰিকৰ সন্ধানত ঘৰে ঘৰে তালাচী চলাই আছে উগ্ৰপন্থী সংগঠনটোৱে।
প্ৰাপ্ত খবৰ অনুসৰি হাক্কানি নেটৱৰ্কৰ প্ৰায় ৬,০০০ যুঁজাৰুয়ে ৰাজধানী কাবুল দখল কৰিছে। নেতৃত্ব দিছে হাক্কানি গোটৰ মুৰব্বী চিৰাজুদ্দিন হাক্কানিৰ ভাতৃ আনাছ হাক্কানিয়ে। আনাছ হাক্কানীয়ে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই আৰু এইচচিএনআৰৰ মুৰব্বী আব্দুল্লাহ আব্দুল্লাহক সাক্ষাৎ কৰিছে। ইয়াৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে তালিবানে কাৰজাই আৰু আব্দুল্লাৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে।
ৰাষ্ট্ৰপতিৰ বাসভৱনত এক অনুষ্ঠানৰ সময়ত কাৰজাই আৰু আব্দুল্লাই তালিবান নেতা মোল্লা আব্দুল গনি বাৰাদাৰক আনুষ্ঠানিকভাৱে ক্ষমতা হস্তান্তৰ কৰিবলৈ আলোচনা কৰি থকা দেখা গৈছিল। এক বিশেষ সূত্ৰৰ খবৰ মতে চিৰাজুদ্দিন হাক্কানিয়ে কোৱেটাৰ পৰা নিৰ্দেশনা জাৰি কৰিছে।
ইফালে ভাৰতীয় দূতাবাসত লুটপাত চলোৱাৰ পিছত আফগানিস্তানৰ পৰিৱৰ্ত্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰে সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদত চৰমপন্থী সংগঠন হাক্কানি নেটৱৰ্কৰ প্ৰসংগ উত্থাপন কৰিছে। তদুপৰি পাকিস্তান আধাৰিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈচ-ই-মহম্মদৰ বিৰুদ্ধেও সৰৱ হৈছে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.