মিজোৰাম সীমান্তলৈ যোৱা আছুৰ দলক বাধা কিয় আৰক্ষীৰ ?

Share This Article

অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বুজ লোৱাৰ লগতে মৃত্যুবৰণ কৰা আৰক্ষী জোৱানৰ পৰিয়ালবৰ্গক সাক্ষাৎ আৰু আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যৰে শিলচৰত বাহৰ পাতি আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল। ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ দাস , উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত যোৱা আছুৰ দলটো আজি পুৱাই অসম মিজোৰাম সীমান্তলৈ ৰাওনা হয়। কিন্তু নিৰাপত্তাজনিত কাৰণৰ দোহাই দি ধলাই আৰক্ষীয়ে আছুৰ দলটোক সীমান্তলৈ যোৱাত বাধা প্ৰদান কৰে। ধলাই আৰক্ষী চকীৰ সন্মুখতে আৰক্ষীৰ এটি বৃহৎ দলে আছুৰ প্ৰতিনিধিসকলক আগভেটি ধৰে আৰু সীমান্ত অভিমুখে আগবঢ়াৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয় যে- চৰকাৰে সীমান্তৰ পৰিৱেশ এতিয়া শান্ত বুলি কোৱাৰ বিপৰীতে আৰক্ষীয়ে দহ কিলোমিটাৰ আঁতৰৰ পৰাই মানুহক ঘূৰাই পঠিয়ায়। প্ৰকৃতাৰ্থত সীমান্তৰ পৰিৱেশ কেনে অসমৰ ৰাইজৰ সেয়া জনাৰ অধিকাৰ আছে। ছাত্ৰ সন্থাই অসম আৰক্ষীৰ জোৱানসকলে ন্যায় পোৱাটো বিচাৰে। সীমান্তত অসম আৰক্ষীলৈ গুলীবৰ্ষণ কৰা প্ৰতিগৰাকীয়ে শাস্তি পাব লাগিব। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালভাৱে সীমা বিবাদ আলোচনাৰ মাজেৰে সমাপ্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। এইয়া দুখন ৰাজ্যৰ মাজৰ সীমা বিবাদ  কোনো ধৰণৰ জনগোষ্ঠীয় সংঘাত নহয়। চৰকাৰে সীমা বিবাদৰ স্থায়ী সমাধানসূত্ৰৰ সন্ধান কৰিব লাগে।

আছুৰ প্ৰতিনিধি দলটোত থকা আনসকল সদস্য ক্ৰমে আছুৰ উপসভাপতি উৎপল শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, সাংগঠনিক সম্পাদক ৰাইফ‌উদ্দিন আহমেদ, আইনুল হক চৌধুৰী আৰু কাছাৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰৌছনলাল গৌড়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.