সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ প্ৰতি ‘বেথা’ নেকি আপৰ ?

বিজেপিৰ প্ৰতি ‘বেথা’ নেকি আপৰ ?
বিজেপি বিৰোধী কিন্তু শিবিৰলৈ নাযায় আপ

দলৰ জোঁট নহয়,দেশবাসীৰ ‘জোঁট’ বন্ধনতহে আগ্ৰহী কেজৰিৱাল

- Donation -

বিজেপি বিৰোধী শিবিৰলৈ যোৱাৰ কথা ভবা নাই আপে

দিল্লীত দলটোৰ প্ৰথমখন ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি দেওবাৰে এনেদৰে কয় আপৰ ৰাষ্ট্ৰীয় মূৰব্বী অৰবিন্দ কেজৰিৱালে৷

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগতে দলৰ কৌশল,শক্তি আদিৰ বিষয়বোৰ আলোচনা কৰিবলৈ এই কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰা হৈছে দিল্লীত

সভাত অংশ গ্ৰহণ কৰি কেজৰিৱালে আপৰ মেক ইণ্ডিয়া নং 1 শ্লোগানৰ জৰিয়তে দলৰ কৰ্মীক ১৩০ কোটি জনতাৰ লগত সংযোগ সাধন কৰিবলৈ আহ্বান জনায়৷

গুজৰাটত ক্ৰমশঃ আপৰ জনপ্ৰিয়তা বৃদ্ধিয়ে বিজেপিক শংকিত কৰা বুলি উল্লেখ কৰি কেজৰিৱালে কয় “ বিজেপিয়ে এতিয়া উপায়হীন হৈ আপৰ বিধায়কৰ ওপৰত ইটোৰ পিছত সিটো গোচৰ তৰি কাৰাগাৰত নিক্ষেপ কৰি আহিছে৷
ইতিমধ্যে বিজেপিৰ অপাৰেশ্যন ল’টাছ দিল্লী আৰু পঞ্জাৱত বেয়াকৈ মুখথেকেঁচা খালে৷”

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক ,সকলো ওলাই আহি একত্ৰিত হ’ব লাগে আৰু সমগ্ৰ বিশ্বক ভাৰতে যাতে নেতৃত্ব দিব পাৰে তেনেকুৱাকৈ ভাৰতক গঢ়ি তুলিব লাগে৷

বিজেপি বিৰোধী মিত্ৰ জোঁটৰ লগত আপ যাব নেকি বুলি প্ৰায়ে সোধা প্ৰশ্নৰ ভেদ ভাঙি তেওঁ কয়“ এতিয়াই বিজেপি বিৰোধী শিবিৰলৈ যোৱাৰ কথা ভৱা নাই আপে৷যিদিনাই ১৩০ কোটি ভাৰতীয়ৰ জোঁটবন্ধন হ’ব সেইদিনা আৰু আমাক ১নম্বৰ হোৱাত কোনেও বাধা দিব নোৱাৰিব৷”

আপ দলটো গঠনৰ দিনটোৰ
স্মৃতি সোঁৱৰি তেওঁ কয় “ আজিৰ পৰা ১০ বছৰ আগতে যেতিয়া দলটো গঠন কৰিছিলোঁ,আমি ভবাই নাছিলোঁ যে দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আমাৰ নিৰ্বাচিত প্ৰতিনিধিয়েই সম্পূৰ্ণ ভৰ্তি হৈ পৰিব৷”
অধিৱেশনত ‘ইনক্লাৱ জিন্দাবাদ’ আৰু ‘ভাৰত মাতা কী জয় ‘ শ্লোগান প্ৰতিধ্বনিত হয় প্ৰতিগৰাকী আপৰ সদস্যৰ মুখত৷

আপ দলৰ ৰাষ্ট্ৰীয়
অধিৱেশনত উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া,সাংসদ সঞ্জয় সিঙো উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.