ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

Share This Article

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে ৷ ক’ৰোণাক লৈ সৃষ্ট এই ঘৃণা আৰু বিদ্বেষৰ পৰিস্থিতি অনতিপলমে বন্ধ কৰিবলৈ ৰাষ্ট্ৰনেতাসকলক আহ্বান জনালে আন্তনিও গুতেৰেছে ৷
ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান গৰাকীয়ে কয় যে ক’ৰোণাৰ সংক্ৰমণ বঢ়াৰ লগে লগে ইণ্টাৰনেট আৰু ছছিয়েল মিডিয়াত বাঢ়িছে বিদেশীবিদ্বেষ ৷ই দুনীয়াৰ এই বিদ্বেষ কোনো কোনো ঠাইত ৰাস্তাই পথে মুছলিম বিদ্বেষৰো ৰুপ লৈছে ৷ গুতেৰেছে এনে পৰিস্থিতি চম্ভালিবলৈ ৰাষ্ট্ৰ সমুহলৈ আহ্বান জনাইছে ৷
সচিবপ্ৰধানজনে আকৌ কয় যে এই ভাইৰাছৰ উৎপত্তিকলৈ এতিয়াও বিভ্ৰান্তি আছে তাৰেই সুযোগ লৈ বহুঠাইত শৰণাৰ্থী আৰু অভিবাসী সকলক নূন্যতম স্বাস্থ্যপৰিসেৱাৰ পৰা পৰাও বঞ্ছিত কৰা হৈছে ৷
গুটেৰেছে আৰু স্পষ্টকৈ কয় যে আনকি সাংবাদিক , স্বাস্থ্যকৰ্মী , চিকিৎসক বা আৰক্ষী প্ৰশাসনৰ যিসকলে এই সময়ত জীৱনটো হাতৰ মুঠিত লৈ অহৰহ কাম কৰিছে তেওলোকক কেৱলমাত্ৰ এই পেছাৰ বাবেই বহুক্ষেত্ৰত ঘৃণাৰ লক্ষ কৰি লোৱা হৈছে ৷
ৰাষ্ট্ৰসংঘৰ সচিবগৰাকীয়ে এই পৰিবৰ্ধিত ঘৃণাৰ পৰিবেশক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু ৰাষ্ট্ৰ সমূহক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আৰ্জি জনাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.