জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

Share This Article

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী ফলাফলে বহু পৰিমানে প্ৰভাবিত কৰিব আগন্তুক লোকসভা নির্বাচনক৷ কিন্তু এই ৫ ৰাজ্যৰ নির্বাচনৰ বাবে শাসকীয় দল বিজেপিৰ সন্মুখত দেখা দিছে এক বৃহৎ প্ৰত্যাহ্বানে৷ কাৰণ বিগত সময়তকৈ ক্ৰমাগতভাবে হ্ৰাস পাব ধৰিছে বিজেপিৰ জনপ্ৰিয়তা আৰু সেই কথাও প্ৰতিফলিত কৰিছে শেহতীয়াকৈ অনুষ্ঠিত কেইখনমান ৰাজ্যৰ নির্বাচনে৷ আগবঢ়াইছো এক প্ৰতিবেদন৷

২০১৯ চনত দ্বিতীয়বাৰলৈ দিল্লী দখল কৰিলে বিজেপিয়ে৷ কিন্তু তাৰপাছতেই ক্ৰমাগতভাবে হ্ৰাস পাইছে বিজেপিৰ পক্ষে ভোটৰ হাৰ৷ ২০১৯ চনৰ পিছত বিধানসভাত নির্বাচন অনুষ্ঠিত হোৱা কেইখনমান ৰাজ্যৰ ফলাফললৈ লক্ষ্য কৰিলেই ষ্পষ্ট হৈ পৰে এই কথা৷

২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে হাৰিয়ানাত লাভ কৰিছিল ৫৮ শতাংশ ভোট৷ কিন্তু একেটা বছৰতে পৰবর্তী সময়ত অনুষ্ঠিত নির্বাচনত ৰাজ্যখনত বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৩৭ শতাংশ ভোট৷
২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে দিল্লীত লাভ কৰিছিল ৫৭ শতাংশ ভোট৷ কিন্তু ২০২০ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত দিল্লীত বিজেপিৰ লাভ কৰা ভোট হ্ৰাস হল ৩৯ শতাংশলৈ৷
অসমত ২০১৯ ৰ লোকসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৩৬ শতাংশ ভোট৷ কিন্তু ২০২১ ৰ বিধানসভা নির্বাচনত ভোটৰ পৰিমান হ্ৰাস হ’ল ৩৩ শতাংশলৈ৷
একেদৰে পশ্চিম বংগত বিজেপিৰ পক্ষে ২০১৯ চনৰ লোকসভা নির্বাচনৰ ভোটৰ পৰিমাণ আছিল ৪১ শতাংশ৷ কিন্তু শেহতীয়া বিধানসভা নির্বাচনত বিজেপিৰ সপক্ষে ভোট হ্ৰাস হ’ল ৩৯ শতাংশলৈ৷

আগন্তুক সময়ত নির্বাচন অনুষ্ঠিত হব লগা ৫ ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশৰ নির্বাচনেই সর্বাধিক গুৰুত্বপূর্ণ বুলি গণ্য কৰা হৈছে৷ কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনতকৈ ২০১৭ চনৰ বিধানসভা নির্বাচনত উত্তৰ প্ৰদেশৰ হ্ৰাস পাইছিল বিজেপিৰ ভোট৷আগন্তুক ৫ ৰাজ্যৰ নির্বাচন বিজেপি,কংগ্ৰেছৰ উপৰিও সমাজবাদী পার্টি,বহুজন সমাজবাদী পার্টি আৰু আম আদমী পার্টিৰ বাবে গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ নির্বাচনৰ প্ৰাকক্ষণত কোভিড, কৃষক আন্দোলন, মূল্যবৃদ্ধি, নিবনুৱা ইত্যাদি ইচ্ছুয়ে বিজেপিক সংকটত পেলোৱাৰ বিপৰীতে আভ্যন্তৰীণ বিবাদে অস্থিৰ কৰি ৰাখিছে কংগ্ৰেছক৷ইয়াৰে বিপৰীতে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পার্টি যুদ্ধংদেহী গতিৰে নামি পৰিছে গোৱা দখল অভিযানত৷ পঞ্জাৱ,উত্তৰাখণ্ডতো আম আদমী পার্টিয়ে পুতিছে সবল খোপনি৷ বিগত বিধানসভা নির্বাচনতো আপে পঞ্জাৱত লাভ কৰিছিল ২০ খন আসন৷ আনহাতে উত্তৰ প্ৰদেশত অখিলেশ যাদবৰ সমাজবাদী পার্টিয়েও লাভ কৰিছে বিশাল জনসমর্থন৷ কংগ্ৰেছ বিজেপিৰ বিপর্যয়ৰ সময়ত এতিয়া এনেদৰেই ৫ ৰাজ্যৰ নির্বাচনত বিশেষভাবে গুৰুত্বপূর্ণ হৈ পৰিছে দেশৰ আঞ্চলিক দল সমূহৰ উত্থান৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.