নববৰ্ষৰ পুৱাই ১৩ জন লোক নিহত, ১২ জনৰো অধিক আহত

Share This Article

নৱবৰ্ষৰ পুৱাই প্ৰায় ৩ বজাত জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণোদেৱী তীৰ্থস্থানত সংঘটিত পদপিষ্ট হৈ ১২ জন  তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে । ১৩ জনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান আহতসকল নাৰায়ণ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃতসকলৰ ভিতৰত আঠজনক এতিয়ালৈকে চিনাক্ত কৰা হৈছে – ধিৰাজ কুমাৰ (২৬), শ্বেতা সিং (৩৫), বিনয় কুমাৰ (২৪), চনু পাণ্ডে (২৪), মমতা (৩৮), ধৰমবীৰ সিং (৩৫), ভানীত কুমাৰ (৩৮), আৰু ড০ অৰুণ প্ৰতাপ সিং (৩০)। ভৱন অঞ্চলত বৃহৎ সংখ্যক লোকৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে মৃদু লাঠিচাৰ্জ কৰাৰ পিছত এই পদপিষ্ট ঘটনা সংঘটিত হয় সূত্ৰঅনুসৰি জানিব পৰা গৈছে। ২৫,০০০ তকৈও অধিক লোকক কাটৰা এৰি পবিত্ৰ মন্দিৰৰ ফালে আগবাঢ়িযাবলৈ অনুমতি দিয়া হৈছিল।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ঘটনাটোৰ মুখ্য সচিব গৃহ আৰু এডিজিপি জম্মুকে ধৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। চৰকাৰে মৃতকৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ অনুদান প্ৰদান কৰিব আৰু শ্ৰাইন বোৰ্ডে আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ ব্যয় বহন কৰিব বুলি ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি  কয়, “মাতা বৈষ্ণো দেৱী ভৱনত সংঘটিত পদদলিত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকা দিয়া হ’ব।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.