ঋণ গ্ৰহণ কৰি নহয়,ঋণ পৰিশোধ কৰি চমক দেখুৱাইছে কেজৰিয়াল চৰকাৰে-

Share This Article

বিত্ত বিভাগে সদনত ডাঙি ধৰা তথ্য অনুসৰি অসম চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৮২ হাজাৰ কোটি টকা৷২০১৬ চনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৪১ হাজাৰ কোটি টকা৷অর্থাৎ অসম চৰকাৰৰ বিত্ত বিভাগৰেই তথ্য অনুসৰি ৫ বছৰত অসম চৰকাৰৰ ঋণ দুগুণলৈ বৃদ্ধি হল৷কিন্তু একেখিনি সময়তে দিল্লী চৰকাৰৰ ঋণৰ পৰিমান ৩৩ হাজাৰ কোটিৰ পৰা হ্ৰাস হল ৩ হাজাৰ কোটিলৈ৷

দেশৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত বর্তমান আটাইতকৈ কম ঋণ আছে দিল্লী চৰকাৰৰ৷দিল্লী চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৩৬০০ কোটি টকা৷এই তথ্য ভাৰতীয় ৰিজার্ভ বেংকৰ৷২০১৩ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত প্ৰথমবাৰলৈ অধিষ্ঠিত হৈছিল অৰবিন্দ কেজৰিৱাল৷কিন্তু দুটা মাহৰ ভিতৰতে পতন ঘটিল আপ চৰকাৰৰ৷দ্বিতীয়বাৰলৈ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয় ২০১৫ চনত৷সেই সময়ত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৩২ হাজাৰ ৪৯৮ কোটি টকা৷২০১৬ চনত দিল্লী চৰকাৰ ঋণ কিছু পৰিমানে বঋদ্ধি হল ৩৩ হাজাৰ ৩০৪ কোটিলৈ৷২০১৭ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ ৩৩ হাজাৰ ৩৪৫ কোটি টকা৷কিন্তু ২০১৮ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমান অবিশ্বাস্যভাবে হ্ৰাস পালে ৩ হাজাৰ ৩২৬ কোটি টকালৈ৷অর্থাৎ এটা বছৰৰ ভিতৰতেই দিল্লী চৰকাৰে হ্ৰাস কৰিলে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ ঋণ৷২০২০ চনত দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ হ্ৰাস পায় ২ হাজাৰ ৮২০ কোটিলৈ৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২১ চনৰ ৩১ মার্চলৈ দিল্লী চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমাণ হল ৩ হাজাৰ ৬০০ কোটি টকা৷
এই পৰিসংখ্যাই কয়,অৰবিন্দ কেজৰিয়াল মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই অবিশ্বাস্যভাবে হ্ৰাস পাইছে দিল্লী চৰকাৰৰ ঋণৰ পৰিমাণ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.