সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি অৰ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাগালেণ্ড আৰক্ষীয়ে

Share This Article

৪ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ মন জিলাৰ তিৰু-অটিং অঞ্চলত সেনাই ভুলবশত গুলীয়াই হত্যা কৰিছিল ১৩ জনকৈ সাধাৰণ নাগৰিকক। এই মৃত্যুৰ বাবে ভাৰতীয় সেনাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ২১তম পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে নাগালেণ্ড আৰক্ষীয়ে। টিজিট আৰক্ষী থানাত দাখিল কৰা প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) অনুসৰি আপাৰ তিৰু আৰু অটিং গাঁৱৰ মাজৰ লাংখাওত উপস্থিত হোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে কোনো প্ৰৰোচনা অবিহনে বাহনখনত গুলী চালনা কৰে যাৰ ফলত অটিঙৰ বহু কেইগৰাকী গাওঁবাসী নিহত হয় আৰু আন বহুলোক গুৰুতৰভাৱে আহত হয়। এজাহৰ খনত উল্লেখ থকা অনুসৰি ঘটনাটোৰ সময়ত নিৰাপত্তা বাহিনীক কোনো নিৰ্দেশনা দিয়া নাছিল আৰক্ষীয়ে। আনকি নিৰাপত্তা বাহিনীয়ে নিজৰ অভিযানৰ বাবে নিৰ্দেশনা প্ৰদান কৰিবলৈ আৰক্ষী থানাকো কোনো দাবী কৰা নাছিল। সেয়েহে এয়া স্পষ্ট যে নিৰাপত্তা বাহিনীৰ উদ্দেশ্য হৈছে সাধাৰণ লোকক হত্যা কৰা আৰু আঘাত কৰা। উল্লেখ্য যে দেওবাৰে গুলীচালনাস্থলী পৰিদৰ্শন কৰা নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু নাগালেণ্ডৰ আয়ুক্তই ৰাজ্য চৰকাৰৰ ওচৰত ঘটনাক্ৰমৰ বিষয়ে এক স্পষ্ট প্ৰতিবেদন দাখিল কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.