নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

Share This Article

নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ মূল্য হ্রাস কৰাৰ দাবীত আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা অসমৰ বিভিন্ন জিলা সদৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ জিলা সমিতিসমূহৰ নেতৃত্বত দুঘণ্টীয়া অৱস্থান ধর্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰি সমগ্ৰ ৰাজ্য উত্তাল কৰি তোলে। শেহতীয়াকৈ ৰাজ্যখনত পেট্ৰলিয়ামজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ অস্বাভাবিক মূল্যবৃদ্ধি ঘটিছে। এই মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বৰং কোনো মহামাৰীৰ লকডাউন চলি থকাৰ সময়তে পেট্ৰ’ল-ডিজেলকে ধৰি ইন্ধন জাতীয় সামগ্রীত আৰকাৰী শুল্ক আৰু ভেট (VAT) বৃদ্ধি কৰি ৰাজ্যবাসীৰ ওপৰত মাধমাৰ শোৱাইছে। সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইখনৰ পিছত সিখনকৈ টোলগেট স্থাপন কৰি অত্যাধিক হাৰত টোলকৰ সংগ্ৰহ কৰি এই মূল্যবৃদ্ধিত অৰিহনা যোগাইছে। ফলত খাদ্য সামগ্রী কঢ়িওৱা বাহনৰ যাতায়াত খৰচ, যাত্রীবাহী বাছৰ ভাড়া বৃদ্ধি আদি সকলো ক্ষেত্রতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। লকডাউনৰ ফলত ৰাজ্যখনৰ সকলো স্তৰৰ জনতা অর্থনৈতিক ক্ষতিৰ সম্মুখীন হোৱা স্বত্ত্বেও বিজেপি চৰকাৰখনে পেট্ৰলকে আদি কৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰি জনতাক সকাহ দিব নোৱাৰা কথাটোৱে বিজেপি চৰকাৰখনৰ ব্যৰ্থতাকে সুচাইছে। আজিৰ তাৰিখত গুৱাহাটীত পেট্ৰলৰ দাম প্রতি লিটাৰত ৯৪.৫৮ টকা আৰু ডিজেলৰ ৮১.২৯ টকা। মিঠাতেল প্রতি লিটাৰত ২০০-২৫০ টকা, আলু প্রতি কেজিত ২৫-৩০ টকা, পিঁয়াজ প্রতি কেজিত ৪০-৫০ টকালৈকে বৃদ্ধি হৈছে। লগতে ডাইবেটিছ, হৃদৰোগ, কেঞ্চাৰ আদি ৰোগৰ ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে। গুৱাহাটীৰ চচলত কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত হোৱা অৱস্থান ধর্মঘট কাৰ্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতিৰ নৱনিযুক্ত কেন্দ্রীয় সাধারণ সম্পাদক বিদ্যুৎ শ‍ইকীয়া, কেন্দ্রীয় উপ সভাপতি দেবেন শর্মা, গুৱাহাটী সমিতিৰ সভাপতিদ্বয় ক্রমে কংম্বন ঠাকুৰীয়া আৰু পৃথিৰাজ দলে, সম্পাদকদ্বয় আকাশ দলে আৰু প্রদীপ নাৰ্জাৰী ছাত্র মুক্তি । সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক প্রাঞ্জল কলিতা, কেন্দ্রীয় বিত্ত সম্পাদক বিতোপন হাতীবৰুৱা, প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা আৰু তথ্য প্রযুক্তি সম্পাদক কদ্র ভূঞাকে আদি কৰি জিলাখনৰ কৃষক মুক্তিৰ দুই শতাধিক সদস্য উপস্থিত থাকে। প্রতিবাদী কাৰ্যসূচীত অংশ লৈ কেন্দ্রীয় সাধাৰণ সম্পাদক বিদ্যুৎ শ‍ইকীয়াই কয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো ধৰণৰ দায়বদ্ধতা নাই। তেখেতে উল্লেখ কৰে যে বিজেপি চৰকাৰে ছিণ্ডিকেটৰ পৰা কমিচন লয় কাৰণেই মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে: লগতে মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীক কঠোর সমালোচনা কৰি কয় যে সন্ত্ৰীয়া প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী আৰু নিৰ্দ্ধমা যোগান মন্ত্ৰাৰ বাবে আছি অসমৰ ৰাইজে মূল্যবৃদ্ধিৰ দুর্ভোগ ভুগিবলগীয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.