কৃষি আইন বাতিলত কেন্দ্ৰীয় কেবিনেটৰ অনুমতি , কিন্তু কেনেকৈ সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়া ?

Share This Article

তিনি ক’লা কৃষি আইন বাতিলৰ ঘোষণাত অনুমতি জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইন কেইখন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষনা কৰিছিল ৷ তাৰ পাছত বুধবাৰে অবুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত লোৱা হয় ৷ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ তিনিদিনৰ ভিতৰত এই আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ব ৷ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব শীতকালীন অধিৱেশন ৷
২০২০ চনৰ ১৭ ছেপ্তেম্বৰত লোকসভাত গৃহীত হৈছিল এই কৃষি আইনকেইখন ৷ ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল ৷ ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হয় কৃষক বিদ্ৰোহ ৷ প্ৰায় এবছৰ কৃষক আন্দোলন অব্যাহত থকাৰ পাছত তিনিওখন আইন বাতিলৰ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে দুয়োখন সদনত বিধেয়ক উত্থাপণ কৰিব লাগিব ৷ সংসদত বিধয়েক গৃহীত হোৱাৰ পাছত তাত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাব ৷ ইয়াৰ পাছতহে অধিসূচনা জাৰি কৰি কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰিব পৰা যাব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.