এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?

Share This Article

বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো ক্ৰিপ্টোকাৰেন্সী শব্দটো চিনাকি। কিন্তু কি এই ক্ৰিপ্টোকাৰেন্সী?  কেনেদৰে কাম কৰে বিট কইনে? কোনে আৰু কিয় উদ্ভাৱন কৰিছল বিট কইন? কিয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বেগ প্ৰকাশ কৰিছে ক্ৰিপ্টোকাৰেন্সী আৰু বিট কইনক লৈ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন৷

 

ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে আলোচনা কৰাৰ আগতে আন প্ৰসংগ উল্লেখ কৰি লব বিচাৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৮ নৱেম্বৰ  বৃহস্পতিবাৰে দ্য চিডনী দাইলগত ভাষণ প্ৰদান কৰাৰ সময়ত ক্ৰিপ্টোকাৰেন্সীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰধামন্ত্ৰীগৰাকীয়ে কয় যে বিট কইন যাতে ভুল মানুহৰ হাতত নপৰে সেয়া নিশ্চিত কৰাটো অতি জৰুৰী। বিট কইনে আমাৰ যুৱ চামক বিপথে পৰিচালিত কৰিব পাৰে। উল্লেখ্য যে অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচী ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত এই দ্য ছিডনী দাইলগ শীৰ্ষক অনুষ্ঠানৰ উদ্দেশ্য হৈছে ৰাজনৈতিক নেতা-ব্যৱসায়ী আৰু চৰকাৰৰ সৈতে জড়িত লোক সকলক এখন মঞ্চলৈ অনা। ইয়াৰ লক্ষ্য হৈছে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগৰ প্ৰতি লক্ষ্য ৰাখি এক উমৈহতীয়া সহমত গঢ়ি তোলা। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে ভাৰতৰ ডিজিটেল বিপ্লৱ দেশৰ গণতন্ত্ৰ-জনগাঁথনি আৰু অৰ্থনীতিৰ সৈতে সম্পৰ্কিত। আমাৰ ডিজিটেল বিপ্লৱ যুৱপ্ৰজন্মৰ উদ্যম আৰু উদ্ভাৱনৰ দ্বাৰা পৰিচালিত। বৰ্তমান সময়ত প্ৰযুক্তি বিশ্বৰ দেশ সমূহৰ মাজৰ প্ৰতিযোগিতাৰ এক মুখ্য মাধ্যম হৈ পৰিছে। প্ৰযুক্তি আৰু তথ্য নতুন অস্ত্ৰ হৈ পৰিছে। মুক্ততা হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু সেইবুলিয়েই আমি পশ্চিমীয়া স্বাৰ্থক ইয়াৰ অপব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়।প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে উদাহৰণ স্বৰূপে ক্ৰিপ্টোকাৰেন্সী বা বিটকইন লওক। এইটো গুৰুত্বপূৰ্ণ যে সকলো গণতান্ত্ৰিক ৰাষ্ট্ৰই একেলগে এই ক্ষেত্ৰত কাম কৰে আৰু ক্ৰিপ্টোকাৰেন্সী যাতে ভুল হাতত নপৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। বিট কইনে আমাৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰিব পাৰে। গতিকে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পৰা এটা কথা স্পষ্ট যে ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰে ভাৰতত ৯০%ই নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। তদুপৰি বিট কইনত এক লাখ টকা ব্যয় কৰি ৬২৫ কৌটি টকা লাভ কৰাটোৱে দেশত ডিজিটেল মুদ্ৰাৰ অনিয়ন্ত্ৰিত বজাৰ খনৰ কথাই উদঙাই দিছে। দ্য ইকনমিক  টাইমছৰ বাতৰি অনুসৰি মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে ২ কৌটি ৩৭ লাখ টকা পোৱাৰ নজিৰো দেশত আছে। কিন্তু যুৱ চামক বিপথে পৰচালিত কৰিব পৰা কি এই ক্ৰিপ্টোকাৰেন্সী আৰু বিট কইন?আচলতে ক্ৰিপ্টোকাৰেন্সী হৈছে এক প্ৰকাৰৰ ডিজিটেল মুদ্ৰা যিয়ে ডিজিটেল ফাইলবোৰ টকা হিচাপে ব্যৱহাৰ কৰে। সাধাৰণতে এই ফাইলবোৰ ক্ৰিপ্টোগ্ৰাফী অৰ্থাৎ তথ্য লুকুৱাবলৈ যি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ঠিক তেনে ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। ক্ৰিপ্টোকাৰেন্সী শীৰ্ষক ডিজিটেল বা ভাৰ্চুৱেল মুদ্ৰা বিধক ক্ৰিপ্টোগ্ৰাফীৰ দ্বাৰা সুৰক্ষিত কৰা হয়। যাৰ ফলত নকল মুদ্ৰা উলিওৱা বা দুবাৰ ব্যয় কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। বহুতো ক্ৰিপ্টোকাৰেন্সী ব্লকচেইন প্ৰযুক্তি অৰ্থাৎ কম্পিউটাৰ শৃংখলৰ ওপৰত আধাৰিত। কোম্পানী সমূহে প্ৰতিজন গ্ৰাহকক প্ৰদান কৰে একো একোটা প্ৰাইভেট কী বা ছাবি। ক্ৰিপ্টোকাৰেন্সীৰ আটাইতকৈ  গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে যে এই কাৰেন্সী সাধাৰণতে কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। যাৰ ফলত এই ডিজিটেল মুদ্ৰা চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত হয়। সহজ অৰ্থত ক্ৰিপ্টোকাৰেন্সী হৈছে এক প্ৰকাৰৰ মুদ্ৰা যাৰ অস্তিত্ব কেৱল ডিজিটেলভাৱেহে আছে আৰু সাধাৰণতে নিয়ন্ত্ৰণৰ বাবে কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষ নাথাকে তেনে ভাৰচুৱেল মুদ্ৰা বিধেই হৈছে ক্ৰিপ্টোকাৰেন্সী। অৱশ্যে ইয়াৰ পৰিৱৰ্তে লেনদেন নথিভুক্ত কৰিবলৈ আৰু নতুন একক জাৰী কৰাৰ বাবে এক বিকেন্দ্ৰীকৃত প্ৰণালী ব্যৱহাৰ কৰা হয়। নকল আৰু প্ৰৱঞ্চনামূলক লেনদেন প্ৰতিহত কৰিবলৈ ক্ৰিপ্টোগ্ৰাফী প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। আগতেই উল্লেখ কৰিছোঁ যে এই প্ৰযুক্তি তথ্য লুকুৱাবলৈ ব্যৱহাৰ কৰা প্ৰযুক্তিৰ লগত একেই। ক্ৰিপ্টোকাৰেন্সীৰ সৈতে বহুলভাৱে ব্যৱহৃত আন এটা শব্দ হৈছে বিট কইন। প্ৰকৃততে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু সুৰক্ষিত বুলি বিবেচিত ক্ৰিপ্টোকাৰেন্সী বিধেই হৈছে বিট কইন। আচলতে বিটকইন হৈছে ২০০৯ চনৰ জানুৱাৰী মাহত উদ্ভাৱন কৰা এক প্ৰকাৰৰ বিকেন্দ্ৰীকৃত ডিজিটেল মুদ্ৰা। ই ৰহস্যময় আৰু ছদ্মনামযুক্ত সাতোশী নাকামোটোৰ এখন বগা কাকতে নিৰ্ধাৰণ কৰা ধাৰণাবোৰ অনুসৰণ কৰে। এই প্ৰযুক্তিটো উদ্ভাৱন কৰা ব্যক্তি বা ব্যক্তিসকলৰ পৰিচয় এতিয়াও ৰহস্যৰ আৱৰ্তত। বিট কইনৰ লেনদেনত পৰম্পৰাগত অনলাইন লেনদেনতকৈ কম মাচুল পৰিশোধ  কৰিব লাগে। গতিকে এনেদৰেই এতিয়া সমগ্ৰ বিশ্বতে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰিছে ক্ৰিপ্টোকাৰেন্সী শীৰ্ষক এই ডিজিটেল মুদ্ৰা। বিট কইনে দখল কৰিছে বজাৰ। কম বিনিয়োগৰে কোটিপতি হৈছে বহু লোক। কিন্তু হয়তো এই লেনদেনত সুৰক্ষিত নহয় আপোনাৰ ব্যক্তিগত তথ্য। আপোনাৰ গোপন তথ্য ৰেকৰ্ড কৰি ৰাখিব পাৰে কোনো ব্যক্তিগত কোম্পানীয়ে। যাৰ বাবে এই মুদ্ৰাৰ প্ৰচলনৰ পিছত এতিয়া সাৰ্বভৌমত্বক লৈ চিন্তিত হৈ পৰিছে বহু দেশৰ নেতা। চিন্তিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। সেয়েহে এনে লেনদেন কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰি বিশ্লেষণ কৰাটো নিতান্তই প্ৰয়োজনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.