মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত নিহত হিমাচলৰ ট্ৰেভেল ব্ল’গাৰ

Share This Article

মেক্সিকোত ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত নিহত হৈছে হিমাচলৰ এগৰাকী ট্রেভেল ব্ল’গাৰ ৷ নিহত ২৫ বছৰীয়া অঞ্জলি ৰায়ট নামৰ যুৱতীগৰাকীয়ে কেলিফ’র্নিয়াৰ ছান জোছত বাস কৰিছিল৷ উল্লেখনীয় যে অন্য এগৰাকী পর্যটকৰ সৈতে কেৰিবিয়ান ৰিজ’ট টুলুমলৈ গৈছিল অঞ্জলি৷ কেলিফ’র্নিয়াৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ২২ অক্টোবৰত নিজৰ জন্মদিন পালন কৰিবলৈ অঞ্জলি মেক্সিকোত উপস্থিত হৈছিল৷ তেতিয়াই দুই ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত অঞ্জলি আৰু জার্মান পর্যটক এগৰাকী নিহত হৈছিল৷ ইতিমধ্যেই হিমাচলৰ এই ২৫ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ সংবাদ পৰিয়ালেও সদৰী কৰিছে৷ বিদেশী ৰাষ্ট্ৰত ভাৰতৰ কন্যাৰ অপমৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে হিমাচল প্ৰদেশত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.